বিহুক আদৰিবলৈ সাজু অসমীয়া
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: শীতৰ অন্তত ফাগুনৰ ধূলিয়ৰি বতাহে উৰুঙা কৰি তোলা মনলৈ প্রশান্তি কঢ়িয়াই আনিছে বসন্তৰ বিনন্দীয়া পৰিৱেশে৷ লঠঙা হৈ পৰা গছ–বিৰিখে সেউজীয়া বেশ পৰিধান কৰাৰ লগে লগে পৰিৱেশে চকু জুৰ পেলাইছে৷ ইয়াৰ মাজতে দূৰৈৰ হাবিত লুকাই মাতিবলৈ আৰম্ভ কৰা কুলিয়ে কঢ়িয়াই আনিছে ব’হাগৰ বতৰা৷ ব’হাগ মানেই যেন অসমীয়াৰ বাবে এক সুকীয়া আৱেগ৷ চ’ত–ব’হাগৰ সংক্রান্তিত ৰঙালী বিহুক আদৰিবলৈ অধীৰ আগ্রহেৰে ৰৈ থকা অসমবাসীৰ অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাথোঁ চাৰিটা দিন৷
অহা শুকুৰবাৰে গৰু বিহু৷ ইয়াৰ লগে লগে প্রাণৰ বিহুটিক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি আৰম্ভ হৈছে৷ ঢ়োল–পেঁপাৰ শব্দই অসমৰ আকাশ–বতাহ ৰজনজনাই তুলিছে৷ গাঁৱে–ভূঞে এতিয়া তুংগত উঠিছে বিহুৰ আখৰা৷ সমান্তৰালভাৱে তাঁতশালত শিপিনীসকলে চেনেহৰ গামোচাখন বৈ উলিয়াবলৈ দিনে–নিশাই ব্যস্ত হৈ পৰিছে৷ বিশেষকৈ এইবাৰ হেঁপাহৰ বিহুটিয়ে গীনিজ ৱর্ল্ড ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ বাবে গাঁৱে–ভূঞে, চহৰে–নগৰে ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে৷ অহা ১৪ এপ্রিলত সৰুসজাই ক্রীড়া প্রকল্পত প্রধানমন্ত্রীৰ সন্মুখত ১০ সহস্রাধিক বিহুৱা আৰু নাচনীয়ে বিহুনৃত্য প্রদর্শন কৰিবলৈ দিনে–নিশাই আখৰা অব্যাহত ৰাখিছে৷ সমান্তৰালভাৱে গৰু বিহুৰ দিনাৰ পৰাই ৰাজ্যৰ ভিন্ন প্রান্তত অনুষ্ঠিত হ’বলগীয়া ৰঙালী বিহুৰ অনুষ্ঠানসমূহৰ বাবেও জনপ্রিয় কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি বিহু দলসমূহলৈকে সকলোৰে মাজত ব্যস্ততা বৃদ্ধি পাইছে৷
প্রতিবছৰৰ দৰে ৰাজ্যৰ প্রান্তে প্রান্তে জাকজমকীয়াকৈ ৰঙালী বিহুৰ অনুষ্ঠান আয়োজনৰ বাবেও বিহু সমিতিসমূহ সাজু হৈ উঠিছে৷ গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন চহৰত লাখ টকাৰ বাজেটেৰে বিহু অনুষ্ঠিত কৰিবলৈ বিহু কমিটীসমূহ সাজু হৈ উঠিছে৷ বিহু নৃত্য, বিহু কুঁৱৰী, বিহুৰাণী, ঢুলীয়া আদি বিভিন্ন প্রতিযোগিতাৰ লগতে ঠায়ে ঠায়ে জনপ্রিয় শিল্পীৰ সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে৷ ৰাজ্যৰ শিল্পীসকলেও বিহুৰ অনুষ্ঠান পৰিৱেশনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ দিনে–নিশাই তেওঁলোক বাদ্যযন্ত্রীসকলৰ সৈতে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে৷ অৱশ্যে বিগত বর্ষসমূহৰ তুলনাত এইবাৰ শিল্পীসকলৰ মাননি যথেষ্ট বৃদ্ধি পাব বুলি জানিব পৰা গৈছে৷ জুবিন গার্গ, নীল আকাশ, অংৰাগ পাপন মহন্ত, আচুর্য বৰপাত্র গোহাঁই, দীক্ষু, ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, দিপলীনা ডেকা, প্রিয়ংকা ভৰালী, গীতালি দেৱী আদিৰ দৰে জনপ্রিয় শিল্পীসকলে ৰাজ্যৰ ভিন্ন প্রান্তত অনুষ্ঠান পৰিৱেশনৰ বাবে যোৱা বছৰৰ তুলনাত এইবাৰ অধিক মাননি নির্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে৷
একেদৰে অনুষ্ঠানৰ সমান্তৰালকৈ ৰঙালীক আদৰিবলৈ ঘৰে ঘৰেও আৰম্ভ হৈছে প্রস্তুতি৷ বিহুৰ দিনা প্রিয়জনক এযোৰ কাপোৰ উপহাৰ দিবলৈ বজাৰত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ মাজত মাথোঁ চাৰিটা দিন বাকী থকা অৱস্থাত বিহুৰ বজাৰ সম্পূর্ণ কৰিবলৈ বজাৰত ৰাইজে ভিৰ কৰা দেখা গৈছে৷ কেৱল কাপোৰৰ বজাৰতে নহয়, গেলামালৰ বজাৰতো দেখা গৈছে ভিৰ৷ অৱশ্যে বিভিন্ন অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিয়ে বিহুৰ বজাৰত এইবাৰ কিছু প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ কাপোৰৰ পৰা আৰম্ভ কৰি গামোচালৈকে, খাদ্য–সামগ্রীৰ পৰা আৰম্ভ কৰি বিহুৰ সময়ত ব্যৱহাৰ হোৱা পৰম্পৰাগত সামগ্রীলৈকে সকলোতে মূল্যবৃদ্ধিৰ প্রভাৱ পৰা দেখা গৈছে৷ ইয়াৰ মাজতে প্রাণৰ বিহুটিক আদৰিবলৈ সামর্থ্য অনুসৰি সাজু হৈছে অসমবাসী৷