“কংগ্ৰেছে সদায় সংখ্যালঘু ৰাইজক বহতীয়া কৰি ৰাখিছে”
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ আগত পৌৰসভা নিৰ্বাচনক লৈ ধুবুৰীত শাসক–বিৰোধীকে ধৰি নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চহৰখনৰ দুটাকৈ নিৰ্বাচনী সভাত অংশ লয়। আজি দিনৰ ভাগত গুৱাহাটীৰ পৰা বিমানেৰে ৰূপসীত উপস্থিত হোৱাৰ পিছত ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰথমে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু গোলকগঞ্জত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ ১৬টা ৱাৰ্ডৰ দলীয় প্ৰাৰ্থী–সমৰ্থক আৰু সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত চহৰখনৰ ২নং ৱাৰ্ডৰ শংকৰদেৱ শিশু উদ্যান (চিলড্ৰেন পাৰ্ক)ত আয়োজিত প্ৰথমটো সভাত নিজৰ ভাষণত ৰাজ্যিক সভাপতি কলিতাই কেৱল ধুবুৰীয়েই নহয়; অসমৰ সৰ্বমুঠ ৮০খন পৌৰসভাত বিজেপিয়েই জয়ী হ’ব বুলি দাৱী কৰে। মুখ্যমন্ত্ৰী ডা৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত পৌৰসভা নিৰ্বাচনৰ দলীয় অংগীকাৰ পত্ৰখনৰ প্ৰতিটো কামেই ৰূপায়িত কৰি ধুবুৰী চহৰখন সৰ্বাঙ্গসুন্দৰ কৰি তুলা হ’ব বুলিও নিজৰ ভাষণত উল্লেখ কৰে তেওঁ। কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে দুই ইঞ্জিনেৰে কৰি থকা উন্নয়নৰ কাম তিনিটা ইঞ্জিনেৰে অধিক তৰান্বিত কৰাৰ স্বাৰ্থত ধুবুৰী পৌৰসভাৰ ১৬টা ৱাৰ্ডতে বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায় কলিতাই। আনহাতে ধুবুৰী পৌৰসভাৰ কেইটামান ৱাৰ্ডত দলীয় টিকট নাপাই নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীকেইগৰাকীক কটাক্ষ কৰি তেওঁ নিজৰ ভাষণত কয় যে, ‘‘ৰাইজ! এই নিৰ্দল–চিৰ্দলক ভোট নিদিব; তেওঁলোকে কিন্তু বেপাৰ কৰিব। আমাৰ ইয়াত বিজেপিৰ পৌৰসভা হ’বই আৰু কোনো নিৰ্দলীয়ক আমি বিজেপিত যোগ দিবলৈ নিদিওঁ।’’ নিজৰ ভাষণত কংগ্ৰেছক আক্ৰমণ লক্ষ্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ কটাক্ষ, ‘‘এই হাতখনক চোৰ কৰা হাত বুলি কয়। এই হাতখনক গৰীৱৰ টেঁটু চেপি ধৰা হাত বুলি কয়। আমাৰ কামৰূপৰ মানুহে ইয়াক কুলক্ষণী হাত বুলি কয়। এই হাতখনক অসমৰ জনগনে,ধুবুৰীবাসীয়ে বিদায় দিছে।’’ তেওঁ আৰু কয়, ‘‘কংগ্ৰেছে সদায় সংখ্যালঘু ৰাইজক বহতীয়া কৰি ৰাখিছে। কিন্তু কংগ্ৰেছৰ পাপৰ ভাগী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে নলয়। ২০০১ চনৰ পৰা ২০১৫ চনলৈ ১৫ বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু বিজেপিয়ে লোৱা ধৰণে জনকল্যাণ আঁচনিসমূহ কংগ্ৰেছে লৈছিল নেকি? কংগ্ৰেছে কেৱল সম্প্ৰদায়, জাত–পাতৰ ৰাজনীতি কৰিছিল। সেয়ে আজি সংখ্যালঘু ৰাইজ বিজেপিৰ হৈ থিয় দিছে। কেৱল ধুবুৰীতেই নহয়; অসমৰ ৮০ টা পৌৰসভাতে সংখ্যালঘু ৰাইজ বিজেপিৰ সপক্ষে ওলাই আহিছে।’’ ইপিনে আজিৰ এই নিৰ্বাচনী সভাখনতেই ভৱেশ কলিতাৰ উপস্থিতিত ধুবুৰী পৌৰসভাৰ এইবেলিৰ ২নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজ কুমাৰ মণ্ডল, চহৰখনৰ ১০ নম্বৰ ৱাৰ্ডৰ পূৰ্বৰ কংগ্ৰেছৰ ৱাৰ্ড আয়ুক্ত জোৎস্না আৰা বেগমসহ মুঠ ১১ গৰাকী ব্যক্তি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰাৰ পিছত ৰাজ কুমাৰ মণ্ডলে পৌৰসভা নিৰ্বাচনত নিজৰ গৃহ ৱাৰ্ড ৯ নম্বৰৰ পৰা বিজেপি প্ৰাৰ্থীক বিজয়ী কৰাব বুলি দাৱী কৰে। কংগ্ৰেছত চলি থকা একাংশৰ একচেটিয়া আধিপত্যৰ বিষয়টোক লৈ বিৰক্ত হৈ বিজেপিত যোগদান কৰা বুলিও সাংবাদিকৰ সন্মুখত যুক্তি আগবঢ়ায়। উল্লেখ্য যে, ২নং ৱাৰ্ডত আয়োজিত এই নিৰ্বাচনী সভাখনৰ পিছত চহৰখনৰ ১৬ নং ৱাৰ্ডৰ সেনপাৰাত আয়োজিত এইন এটা নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু তাৰ পৰা পোনে পনে জিলাখনৰ বিলাসীপাৰা পৌৰসভাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাওনা হয় তেওঁ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী