নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ ডিচেম্বৰৰ পৰা দ্বিতীয় অসম গ্রন্থমেলা; ডেৰ শতাধিক বিপণীয়ে ল’ব অংশ

  • দ্বিতীয় অসম গ্রন্থমেলা গুৱাহাটীত লাইখুঁটা স্থাপন
  • ডেৰ শতাধিক বিপণীয়ে ল’ব অংশ
  • দিল্লী–কলকাতাৰ লগতে বাংলাদেশৰ পৰাও আহিব প্রকাশক
  • গ্রন্থমেলা মানেই এক মহৎ অনুষ্ঠান– ড০ ৰমেশ ডেকা

 

নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: ‘গ্রন্থমেলা মানেই এক মহৎ অনুষ্ঠান৷ ইয়াৰ পৰা মানুহে প্রজ্ঞা সাধনাৰ সমল সংগ্রহ কৰিব পাৰে৷’ –অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যুটীয়া উদ্যোগত অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় অসম গ্রন্থমেলা, গুৱাহাটীৰ আজি লাইখুঁটা স্থাপন কৰি এনেদৰে মন্তব্য কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰমেশ চন্দ্র ডেকাই৷

ধেমাজি, নলবাৰী আৰু যোৰহাটৰ সফল সমাপ্তিৰ পাছত গুৱাহাটী মহানগৰীতো গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ লোৱা প্রস্তুতিত সন্তোষ প্রকাশ কৰি শিক্ষাবিদ ড০ ডেকাই কয়– গ্রন্থমেলাৰ দৰে শৈক্ষিক আন্দোলনক গুৱাহাটীৰ বাদেও আন জিলালৈ সম্প্রসাৰিত কৰাৰ বাবে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই লোৱা উদ্যোগ সঁচাকৈ প্রশংসাৰ যোগ্য৷ এয়া শুভ পৰম্পৰাৰ আৰম্ভণি৷ অনুষ্ঠানটোত অংশ লৈ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়– গ্রন্থমেলা অকল গল্প–উপন্যাস অথবা কবিতাৰ অনুষ্ঠান এনে নহয়৷ গ্রন্থমেলাই নতুন নতুন চিন্তাৰ বাট মুকলিও কৰে৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই আজি জনোৱা মতে ডেৰ শতাধিক বিপণীয়ে এইবাৰ গ্রন্থমেলাত অংশ ল’ব৷

ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিশেষকৈ দিল্লী, কলকাতাৰ বহুসংখ্যক বিপণীয়ে গ্রন্থমেলাত অংশ লোৱাৰ বাবে যোগাযোগ কৰিছে৷ দেশৰ অন্যতম প্রকাশন গোষ্ঠী মতিলাল বেনাৰসী, পেংগুইন আদিৰ লগতে বাংলাদেশৰ ১১টা প্রকাশন গোষ্ঠীয়েও অসম গ্রন্থমেলাত অংশ লোৱাৰ বাবে যোগাযোগ কৰিছে৷ তদুপৰি এইবাৰ অসম প্রকাশন পৰিষদে নিজাববীয়াকৈ প্রকাশ কৰি উলিওৱা ৩০খন নতুন গ্রন্থও পঢ়ুৱৈৰ বাবে উলিয়াই দিয়া হ’ব বুলি সচিব কলিতাই লগতে কয়৷ এই গ্রন্থসমূহৰ ভিতৰত নৱকান্ত বৰুৱা ৰচনাৱলী দ্বিতীয় আৰু তৃতীয় খণ্ড, কবি আনন্দ চন্দ্র আগৰৱালা ৰচনাৱলী, বীৰ ছাভাৰবাৰৰ জীৱনীমূলক গ্রন্থৰ অনুবাদ আদি অন্যতম৷ ইয়াৰ বাদেও গ্রন্থমেলাৰ কেইদিনত কেইবাগৰাকীও বিখ্যাত লেখক–সাহিত্যিকক আমন্ত্রণ জনোৱা হৈছে বুলিও তেওঁ লগতে কয়৷ প্রবোধ দাসে আঁত ধৰা অনুষ্ঠানটোত অসম প্রকাশন পৰিষদৰ সদস্য ড০ প্রশান্ত চক্রৱর্তী, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি নগেন শর্মা, সম্পাদক ধীৰাজ গোস্বামীকে প্রমুখ্য কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

You might also like