নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ ডিচেম্বৰঃ চতুর্থ দিনটোত গ্রন্থপ্রেমীৰ সমাৱেশে উমাল কৰি তোলে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক বিক্রেতা সংস্থাই যৌথভাৱে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী৷ লেখক–সাহিত্যিক আৰু পঢ়ুৱৈৰ উপস্থিতিয়ে এই গ্রন্থোৎসৱলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এতিয়ালৈ ২ কোটি ২০ লাখ টকাৰ কিতাপ বিক্রী হোৱা বুলি জনাইছে গ্রন্থমেলাৰ উদ্যোক্তাসকলে৷ ইপিনে প্রতিদিনে গ্রন্থমেলা প্রাংগণত আয়োজন কৰা হৈছে বিভিন্ন গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা সত্র৷ আজি বিয়লি অসম প্রকাশন পৰিষদে গ্রন্থমেলাৰ বাকৰিত আয়োজন কৰে ‘চলচ্চিত্রৰ প্রচাৰ আৰু ব্যৱসায়’ শীর্ষক আলোচনা সত্র৷ ইয়াত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰে নতুন দিল্লীৰ বিশিষ্ট চলচ্চিত্র প্রযোজক, পৰিচালক, লেখক মনোজ শ্রীবাস্তৱে৷ তেওঁ বিষয় প্রসংগত কয়– চলচ্চিত্র হৈছে কাহিনী কোৱা কলা৷ কাহিনীৰ গাঁথনি শক্তিশালী হ’লে সেই চিনেমাও শক্তিশালী হয়৷ মূল কথাটো হ’ল চিনেমাও এটা উৎপাদিত পণ্য৷ গতিকে ইয়াক বিক্রী কৰিব পাৰিব লাগিব৷ তেওঁ লগতে কয় যে বিক্রী কৰিবলৈ হ’লে উৎপাদিত পণ্যৰ মানো গুণসম্পন্ন হ’ব লাগিব৷ গতিকে ভাল চিনেমা নির্মাণ কৰাটো হ’ল প্রথম চর্ত৷ ভাল চিনেমাৰ প্রচাৰ কৰিবলৈও ভাল আৰু ইয়াৰ বাণিজ্যও ভাল৷ প্রচাৰে বাণিজ্যিক সফলতা কঢ়িয়াই আনে৷ আলোচক অতিথি, বিশিষ্ট পৰিচালক, চলচ্চিত্র সমালোচক নয়নপ্রসাদে কয়– মানুহক সদায় নতুন কিবা এটা লাগে৷ এই নতুন কিবাটো যিয়ে দিব পাৰে সেই চিনেমা বা নাটক সফল হয়৷ নতুনত্ব বহন কৰা চলচ্চিত্রৰ প্রচাৰ কৰিবলৈ ভাল৷ আগতে বিভিন্ন চলচ্চিত্র উৎসৱত মালায়ালম চিনেমাৰ সমানে অসমীয়া চিনেমাৰ নাম উচ্চাৰিত হৈছিল৷ সেই পর্যায়লৈ যোৱাৰ বাবে কষ্ট কৰাৰ প্রয়োজন আছে৷ আলু–পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পার্থক্য আছে৷ এই কথাটো আমি বুজিব পাৰিব লাগিব৷ আন এগৰাকী আলোচক, বিশিষ্ট পৰিচালক কেনি বসুমতাৰীয়ে কয় যে চিনেমা এখন নির্মাণ কৰা হয় চলোৱাৰ বাবে৷ চিনেমা এখন ভালদৰে চলা মানেই ব্যৱসায়িক সফলতা লাভ কৰা৷ গতিকে ইয়াৰ বাবে কি কাহিনীক কেনেকৈ কেনেধৰণৰ ৰুচিৰ দর্শকৰ ওচৰলৈ লৈ যাব লাগিব, সেই কথাবোৰ চালি–জাৰি চাবই লাগিব৷ আকর্ষণীয় আৰু প্রভাৱশালী প্রচাৰ কৌশলে চিনেমাক বাণিজ্যিক সফলতা দিয়ে৷ একেদৰে বিশিষ্ট প্রযোজক শ্যাম বৰাই ইয়াত আলোচক ৰূপে উপস্থিত থাকি কয় যে প্রচাৰৰ ক্ষেত্রত প্রযোজকৰ দায়িত্ব সাধাৰণতে বেছি৷ চলচ্চিত্রৰ প্রচাৰো ‘টীম ৱর্ক’৷ নির্দিষ্ট দর্শক সমষ্টিক লক্ষ্য হিচাপে লৈ প্রচাৰ কৌশল অৱলম্বন কৰিব পাৰিলে চলচ্চিত্রই সফলতা অর্জন কৰিব পাৰে৷ বিশিষ্ট পৰিচালক অচিন্ত্য শংকৰৰ মতে প্রচাৰ ভাল নোহোৱাটো চলচ্চিত্রই বাণিজ্যিক সফলতাৰ মুখ নেদেখাটো অন্যতম কাৰণ৷ অসমীয়া চলচ্চিত্রৰ উদ্যোগৰ পৰিসৰো সীমিত৷ ভাষিক–সামাজিক বৈচিত্র্য আন এক কাৰক৷ এটাৰ পাছত আন এটা উৎসৱ, আন্দোলনৰ কার্যসূচীয়েও সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি দর্শকে কি বিচাৰে বা আশা কৰে, সেই বিষয়েও আমাৰ পদ্ধতিগত অধ্যয়ন প্রযোজকে কৰাৰ পৰম্পৰা গঢ়ি উঠা নাই৷ ইয়াত আলোচক ৰূপে অংশগ্রহণ কৰি জনপ্রিয় অভিনেতা কমললোচনে বিষয় সন্দর্ভত এইদৰে কয়– বর্তমানৰ অসমীয়া চিনেমাৰ প্রচাৰক লৈ সন্তুষ্ট বুলি কব নোৱাৰি৷ বৰঞ্চ এয়া অতি সস্তীয়া পর্যায়ত আছে৷ সেয়ে অসমীয়া চলচ্চিত্রই আশাব্যঞ্জক প্রসাৰ লাভ কৰিব পৰা নাই৷ এইক্ষেত্রত নতুনকৈ চিন্তা কৰাৰ প্রয়োজন আছে৷ বিশেষকৈ চলচ্চিত্রৰ বজাৰ অধ্যয়ন কৰি নিখুঁত প্রচাৰ কৰাটো জৰুৰী৷ তেওঁ লগতে কয় যে অসমীয়া মানুহে টিকট ক্রয় কৰি চিনেমা চাবলৈ টান পায়, কিন্তু খ্রীষ্টমাছৰ দিনা অদৰকাৰী হৈ–চৈ কৰিবলৈ ভাল পায়৷ তদুপৰি আমাৰ কেঁকোৰা চৰিত্র চলচ্চিত্র উদ্যোগতো প্রতিফলিত হয়৷ এইবোৰো আমাৰ হেঙাৰ৷ আলোচনা সত্রখন পৰিচালনা কৰে কবি–চলচ্চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে৷ তেওঁ কয় যে বজাৰ ব্যৱস্থা অধ্যয়ন চলচ্চিত্রৰ বাবে অতি জৰুৰী৷ দর্শকো গ্রাহক৷ গতিকে দর্শকৰ মনৰ চাহিদা বিচাৰ কৰি প্রচাৰৰ পৰিকল্পনা কৰাটো অত্যন্ত জৰুৰী৷ এখন চিনেমাই কেনেদৰে ঠাই উলিয়াই ল’ব বা সেই খালী ঠাই ক’ত আছে, এয়া সঠিকভাৱে নির্ণয় কৰি ল’ব পাৰিব লাগিব৷ দর্শকে কি বিচাৰে আৰু চিনেমা এখনে কি দিব এই দুয়োটা বিষয় মার্কেটঙৰ বাবে অতি দৰকাৰী কথা৷ কাৰণ বিচিত্র বিষয়, বিচিত্র ঘটনা, বিচিত্র কাহিনীয়ে মানুহৰ ইচ্ছাক নতুন ৰূপত গঢ়ি তোলে৷ এইবোৰ অধ্যয়ন কৰা বা মানুহৰ মনোজগত বুজি পোৱাটো বাণিজ্যিক সফলতাৰ বাবে অপৰিহার্য৷ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ, অভিনেতা ডাঃ জয়ন্ত দাসে এই অনুষ্ঠানত দর্শকৰ আসন অলংকৃত কৰে৷ তেওঁ বিষয় প্রসংগত কয় যে নতুন দর্শক সৃষ্টি কৰিব লাগিব৷ কাৰণ ক’ভিড মহামাৰীয়ে মানুহৰ চিন্তধাৰা, মনোজগতত প্রভাৱ পেলাইছে৷ গতিকে চিনেমা এখনৰ বাবে মানুহৰ মনৰ খোৰাক কি সেয়া জানি লৈ সেইমর্মে প্রয়োগ কৰাৰ প্রয়োজন আছে৷
আজি প্রদান কৰিব অসম প্রকাশন পৰিষদ সাহিত্য বঁটা
বিশিষ্ট কথাশিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিক আজি আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব অসম প্রকাশন পৰিষদ সাহিত্য বঁটা–২৪৷ ‘ধাৰ আৰু অন্যান্য গল্প’ পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ ইপিনে গ্রন্থখন প্রকাশ কৰাৰ বাবে অসম প্রকাশন পৰিষদ সাহিত্য (প্রকাশক) বঁটা প্রদান কৰা হ’ব ‘বনলতা’ প্রকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক৷ আজি বিয়লি ৪ বজাত গ্রন্থমেলাৰ অস্থায়ী প্রেক্ষাগৃহত এই বঁটা প্রদান কৰিব শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷