বাজেট ২০২১-২২: অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনত আজি ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ আজি বাজেট ভাষণত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘২০২০–২১ বৰ্ষত আৰম্ভ কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক অন্যতম পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলি ৮৩০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হেছে।’
ইতিমধ্যে ২০,২১,৫০০ গৰাকী হিতাধিকাৰীলৈ ১৬৭.৭৮ কোটি টকা মুকলি কৰি দিয়া হৈছে। লগতে ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ইপিনে এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলী অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। লগতে নতুনকৈ ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰে। এই সমগ্ৰ অৰুণোদয় আঁচনিৰ বাবে ১,৮০০ কোটি টকা ধাৰ্য কৰা বুলি সদৰি কৰে।