নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট ২০২১-২২: ডিব্ৰুড় আৰু শিলচৰত নতুন চিৰিয়াখানাৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট। আজিৰ এই বাজেট ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত বৰ্তমানলৈকে ৰাজ্যত কেৱল এখনহে চিৰিয়াখানা গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা আছে। কিন্তু নতুনকৈ ডিব্ৰুগড় আৰু শিলচৰত নতুন বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্র স্থাপনকৰা হ’ব। এই কেন্দ্ৰৰ প্রাথমিক লক্ষ্য হ’ব- দুর্যোগৰ সমুখীন হোৱা বন্যপ্রাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমৰ প্রাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা।

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কয়, “আমি ডিব্ৰুগড় আৰু শিলচৰত নতুন বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্র স্থাপন কৰিবলৈ পৰিকল্পনা হাতত লৈছোঁ। এই কেন্দ্ৰৰ প্রাথমিক লক্ষ্য হ’ল- দুর্যোগৰ সমুখীন হোৱা বন্যপ্রাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমৰ প্রাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা। CSR ব্যৱস্থাৰ জৰিয়তে এই কেন্দ্রসমূহে জীৱ-জন্তুৰ বিনিময় আৰু প্রতিপালন কাৰ্যসূচী ৰূপায়ণ কৰিব।”

You might also like