নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩য়–৪থ বর্গৰ চাকৰিৰ বয়সৰ সীমা ৪০ বছৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  ৰাজ্যখনৰ নিবনুৱাসকলৰ বাবে সুখবৰ৷ চৰকাৰী চাকৰিপ্রত্যাশীসকল আবেদনৰ ক্ষেত্রত বয়সৰ ঊর্ধ্বসীমা ৪০ বছৰলৈ বৃদ্ধি কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে৷ বৃহস্পতিবাৰে বিয়লি খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অসম মন্ত্রী পৰিষদৰ বৈঠকে সেই সিদ্ধান্ত গ্রহণ  কৰে৷ বৈঠকৰ অন্তত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ বাবে আৱেদন কৰাৰ ক্ষেত্রত সাধাৰণ শ্রেণীৰ বাবে বয়সৰ ঊর্ধ্ব সীমা বর্তমানৰ ৩৮ বছৰৰ পৰা ৪০ বছৰলৈ বৃদ্ধিত অনুমোদন জনায়৷ অন্যান্য পিছপৰা শ্রেণীৰ ক্ষেত্রত সেই ঊর্ধ্ব সীমা ৪৩ বছৰ আৰু অনুসূচিত জাতি–নুসূচিত জনজাতি লোকৰ ক্ষেত্রত ঊর্ধ্ব সীমা ৪৫ বছৰলৈ বৃদ্ধি কৰা হৈছে৷ স্মর্তব্য যে মুখ্যমন্ত্রী সোণোৱালে যোৱা স্বাধীনতা দিৱসৰ দিনা ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ বাবে আৱেদন কৰাৰ বয়সৰ ঊর্ধ্ব সীমা ৪০ বছৰলৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সেইদৰে  মন্ত্রী পৰিষদৰ বৈঠকে বছৰি ২ লাখ টকাতকৈ কম উপার্জন কৰা পৰিয়ালক মাহে ৮৩০ টকাকৈ আর্থিক সাহায্য প্রদান কৰিবলৈ ওলোৱা অৰুণোদয় আঁচনিতো অনুমোদন জনায়৷ একেদৰে প্রস্তাৱিত অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাক বাহিৰত ৰখাৰ প্রস্তাৱতো অনুমোদন জনায়৷ আনহাতে ক’ভিড–১৯ৰ সেৱাত কর্মৰত অৱস্থাত মৃত্যুক সাবটি লোৱা সাংবাদিক, হোমগার্ড, কেজুৱেল কর্মচাৰীসকলক ৫০ লাখ টকাৰ বীমাৰে সামৰি লোৱাৰ প্রস্তাৱতো  মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনায়৷ সেইদৰে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়কতো আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনায়৷ দৰং জিলাৰ মঙলদৈত প্রায় ১০০ বিঘা ভূমিত ৯০০ কোটি টকা ব্যয়ৰে উক্ত বিশ্ববিদ্যালয়খন প্রতিষ্ঠাৰ সিদ্ধান্ত লোৱা হৈছে৷ একেদৰে অসম ঐতিহ্য সুৰক্ষা আৰু সংৰক্ষণ বিধেয়কতো অনুমোদন জনোৱা হয়৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বর্তমানৰ আইনসমূহে সামৰি নোলোৱা ঐতিহ্য ক্ষেত্রসমূহ উক্ত বিধেয়কৰ দ্বাৰা সামৰি লোৱা হ’ব৷ অনুৰূপ ধৰণে আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে ক্ষুদ্র, অতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ বিধেয়কৰ সংশোধনীতো অনুমোদন জনায়৷ ইপিনে, ১৯৭৫ চনতে নির্মাণকার্য আৰম্ভ কৰা ধনশিৰি জলসিঞ্চন প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰাৰ বাবে নাবার্ডৰ পৰা ১১৬ কোটি টকাৰ ঋণ গ্রহণৰ প্রস্তাৱতো আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে সন্মতি জনায়৷ মন্ত্রী পৰিষদৰ বৈঠকৰ আৰম্ভণিতে প্রয়াত শিল্পী অর্চনা মহন্তৰ বিয়োগত শোক প্রকাশ কৰি ২ মিনিট সময় মৌন প্রার্থনা জনাই প্রয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷

You might also like