নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেডিকেলত ভূটানী শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণ অসম কেবিনেটৰ

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ৰাজ্যৰ দুখন চিকিৎসা মহাবিদ্যালয়ত ভূটানী ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য এক্স (টুইটাৰ)ত সদৰী কৰে। কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুখন আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এখন আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই মাইক্ৰ’ ব্লগিং ছাইট এক্স (পূৰ্বৰ টুইটাৰ)ত তেওঁৰ মন্ত্ৰীসভাই লোৱা এই সিদ্ধান্তৰ তথ্য প্ৰকাশ কৰে। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইট কৰি এই সন্দৰ্ভত তথ্য দিয়া হৈছিল। একেটাকে ৰিটুইট কৰি ড০ শৰ্মাই লিখিছে, “ভাৰত আৰু ভূটানৰ মাজত এক অনন্য সম্পৰ্ক আছে যিটো সময়ৰ লগে লগে অধিক শক্তিশালী হৈ আহিছে। যুগ যুগ ধৰি জ্ঞান আৰু শিক্ষা এই বিশেষ সম্পৰ্কৰ মূল ভেটি হৈ আহিছে। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেট বৈঠকৰ অন্তত কয় যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩৫ হাজাৰ ৭৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অহা ৩০ নৱেম্বৰত স্কুটাৰ দিয়া হ’ব বুলিও সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত ৬০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৩০ হাজাৰ ২০৯ গৰাকী ছোৱালী আৰু ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৫ হাজাৰ ৫৬৬ গৰাকী ল’ৰা আছে। ইয়াৰ উপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ আৰু তাৰ ওপৰৰ নম্বৰ লাভ কৰাসকলকো একেদিনাই ১৫ হাজাৰ টকা দিয়া হ’ব। ইয়াৰ উপৰি মন্ত্ৰীসভাই জল জীৱন মিছন আৰু অন্যান্য অভিলাষী প্ৰকল্প সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

#বাৰ্তা ডেস্ক

You might also like