বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ মিঞাৰ ভোট লাগে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহক। মিঞাৰ ভোট বিচাৰি কংগ্ৰেছ আৰু মিত্ৰজোঁটে ধুবুৰীত বৈঠক পাতিছে। ২৭ ডিচেম্বৰত ধুবুৰী জিলাৰ চাপৰত অনুষ্ঠিত হবলগীয়া ঐক্যমঞ্চৰ জনসভাক কটাক্ষ কৰি আজি এই মন্তব্য কৰিছে বিজেপি সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ কয় যে ঐক্যমঞ্চৰ প্ৰথমখন জনসভাৰ থলী হিচাপে চাপৰক বাছি লোৱাটো মিঞাৰ ভোট বিচৰা বাহিৰে আন একো হব নোৱাৰে। সাংবাদিকৰ আগত মাৰ্ঘেৰিটাই লগতে লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু অজিত কুমাৰ ভূঞাক সমালোচনা কৰি কয় যে অসমৰ ৰাইজে এই নেতাসকলক এটা সময়ত জাতীয়তাবাদী নেতা হিচাপে জানিছিল। পিছে এওঁলোক এতিয়া ধুবুৰীত ভোট বিচাৰি বৈঠক পাতিবলৈ যোৱাটো বৰকৈ দুৰ্ভাগ্যজনক। উল্লেখ্য যে নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল অশোকাত ‘ইণ্ডিয়া এলায়েঞ্চ’ৰ দিনজোৰা বৈঠকৰ মাজতেই অসমত বিৰোধী ঐক্যমঞ্চক কেন্দ্ৰ কৰি আজি নতুন দিল্লীত শাসক-বিৰোধী সাংসদসকলে বাকযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। দিনৰ আৰম্ভণিতে চাপৰৰ জনসভাক লৈ কৰা সাংসদ মাৰ্ঘেৰিটাই কৰা মন্তব্যক পাছত উভতি ধৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ সাংসদ বৰদলৈৰ প্ৰশ্ন- অসমৰ বিৰোধী ঐক্যমঞ্চই ধুবুৰীত বৈঠক পতাত আচৰিত হ’বলগীয়া বিষয় কি আছে? ধবুৰী অসম কিম্বা ভাৰতৰ অভিন্ন অংগ নহয় নেকি? ইণ্ডিয়া এলায়েঞ্চ কিম্বা অসমৰ বিৰোধী ঐক্যমঞ্চৰ বৈঠকক লৈ বিজেপি ইমান উত্ৰাৱল আৰু শংকিত হবলৈ কি আছে বুলিও বৰদলৈয়ে সাংবাদিকৰ সমুখত প্ৰশ্ন উত্থাপন কৰে। ইপিনে বিৰোধী ঐক্যমঞ্চৰ অন্যতম নেতা তথা সাংসদ অজিত ভূঞাৰ মতে চাপৰত বিৰোধীৰ আসন বুজাবুজি চূড়ান্ত নহয়। বৰঞ্চ ৰাষ্ট্ৰীয় দলকেইটাই প্ৰথমে ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে কথা পাতি আসন বুজাবুজি নিশ্চিত কৰিব লাগে বুলি ভূঞাই মত ব্যক্ত কৰে। আনহাতে সদনৰ মজিয়াৰ পৰা মুঠ ১৪১জন সাংসদক নজিৰবিহীনভাৱে নিলম্বন কৰা কাৰ্যক তীব্ৰ গৰিহনা দিছে সাংসদ অজিত কুমাৰ ভূঞা আৰু প্ৰদ্যুত বৰদলৈয়ে। এয়া গণতন্ত্ৰৰ ওপৰত এক জঘন্য আক্ৰমণ বুলি দুয়োই মত ব্যক্ত কৰে। দৰাচলতে এয়া সদনক বিৰোধী শূন্য কৰাৰ এক চেষ্টা বুলিও মন্তব্য কৰে দুয়ো সাংসদে। উল্লেখ্য যে এই দুয়ো নেতাক ক্ৰমে ৰাজ্যসভা আৰু লোকসভাৰ পৰা অলপতে নিলম্বিত কৰা হৈছিল।
প্ৰেৰক কল্লোল ভৌমিক