নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুপ্রৱেশকাৰী মুছলমানৰ বাবে পৰিচয় হেৰুৱাইছে অসমেঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ:  ‘অনুপ্রৱেশকাৰী মুছলমানৰ বাবেই অসমে হেৰুৱাইছে পৰিচয়৷ ৰাজ্যৰ অধিকাংশ লোকেই অসমে পৰিচয়, সংস্কৃতি আৰু ভূমি হেৰুওৱাৰ মূল কাৰক অনুপ্রৱেশকাৰী মুছলমান বুলি বিশ্বাস কৰে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ‘ইণ্ডিয়া টুডে’ কনক্লেভ’ৰ ১৯সংখ্যক সংস্কৰণত ধর্মীয় মেৰুকৰণ আৰু জনসংখ্যাৰ ৰাজনীতি সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷

তেওঁ কয়– অনুপ্রৱেশকাৰী মুছলমানসকলে ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি কৰাৰ ফলতেই বেদখল চলিছে৷ অধিকাংশ অসমীয়া লোকে এইদৰে ভাবে৷ এই প্রক্রিয়া স্বাধীনতাৰ পূর্বৰে পৰা আৰম্ভ হৈছিল৷ মই মোৰ সৈতে ইতিহাসৰ এই বোজা কঢ়িয়াই আছোঁ৷

তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাই অসমত সম্প্রদায়ভিত্তিক কোনো ৰাজনীতি নাই বুলি জোৰ দি কয়– মই মিঞাৰ ভোট নিবিচাৰোঁ৷ আমি সম্প্রীতিৰে বাস কৰোঁ৷ ভোটৰ কাৰণে মই তেওঁলোকৰ ওচৰলৈ নাযাওঁ আৰু তেওঁলোকো মোৰ ওচৰলৈ আহিব নালাগে৷ ৰাজ্যখনৰ বিগত বিধানসভা নির্বাচনত মিঞাৰ ভোট নালাগে বুলি নির্বাচনী প্রচাৰ চলোৱা ড০ শর্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত ১৯সংখ্যক ইণ্ডিয়া টুডে’ কনক্লেভতো অংশ লৈ একেই মন্তব্য কৰে৷

বিগত মাহত ছিপাঝাৰৰ ধলপুৰত কেইবাসহস্র লোকে চৰকাৰী উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতেই তেনে লোকৰ আক্রমণৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিব লগা হোৱাত দুজন অসামৰিক লোক নিহত হৈছিল আৰু আৰক্ষী জোৱানসহ অতি কমেও ১২জন লোক আহত হৈছিল৷ অসমত কোনো ঘৃণাৰ ৰাজনীতি নাই৷ আমি তেওঁলোকক উচ্ছেদ কৰিছিলোঁ৷ কাৰণ ৭৭ হাজাৰ একৰ ভূমি এহাজাৰ পৰিয়ালে দখল কৰিব থাকিব নোৱাৰে৷ আমাৰ নীতি হ’ল– এটা পৰিয়ালে দুই একৰতকৈ অধিক ভূমি দখল কৰিব নোৱাৰে৷ আমি অনেক লোকক ভূমি দিবলগীয়া আছে৷ যদি তেওঁলোকে ভূমি বেদখল কৰি থাকে, আমি তেনে লোকক উচ্ছেদ কৰিম৷ উচ্ছেদ অভিযান অব্যাহত থাকিব৷ স্থানীয় অসমীয়া লোককো উচ্ছেদ কৰা হ’ব৷ এইক্ষেত্রত কোনো সাম্প্রদায়িকতা নাই৷

আনপিনে অসম চৰকাৰৰ ড্রাগ্ছবিৰোধী অভিযান সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– প্রতিদিনে প্রায় দুই কোটি টকাৰ নিচাযুক্ত দ্রব্য জব্দ কৰি থকা হৈছে৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ পাছত তথা চৰকাৰৰ ১০০ দিনৰ ভিতৰতে দুহাজাৰ চোৰাং ব্যৱসায়ী আৰু ৫০০ মাটিৰ দালাল গ্রেপ্তাৰ কৰা হৈছে৷ তদুপৰি তেওঁ কয়– ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আমি কঠোৰ পদক্ষেপ গ্রহণ কৰি আছোঁ৷ আমি গঁড়ৰ খড়গ দাহন কৰিছোঁ এই কাৰণেই যে অন্ধবিশ্বাসত চলি অহা ঔষধি মূল্য গঁড়ৰ খড়গত নাই৷ আমি ভূমি ৰেকর্ড ডিজিটেল কৰিছোঁ আৰু জনজাতীয় লোকৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰিছোঁ৷ অসম বিকাশৰ পথত৷ পৰৱর্তী পাঁচ বছৰত অসম ভাৰতৰ শীর্ষ ৰাজ্যৰ এখন হ’ব৷

মন কৰিবলগীয়া যে এন আৰ চি সন্দর্ভত চৰকাৰৰ একো কৰণীয় নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এন আৰ চিৰ সকলো সিদ্ধান্ত নির্ভৰ কৰিব উচ্চতম ন্যায়ালয়ৰ ওপৰত৷ আনপিনে কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ভদ্রাই উত্তৰ প্রদেশৰ সীতাপুৰৰ অতিথিশালা বাঢ়নীৰে চাফা কৰাৰ ভিডিঅ’ক লৈ কংগ্রেছক কটাক্ষ কৰে ড০ শর্মাই৷ গান্ধী পৰিয়ালতান্ত্রিক কংগ্রেছক সমালোচনা কৰি ড০ শর্মাই কয় যে প্রিয়ংকা গান্ধীৰ অতিথিগৃহ চাফাই কার্য কোনো ডাঙৰ কাম নহয় আৰু সাধাৰণ জনতাই এই লৈ আকর্ষিত নহয়৷

কংগ্রেছ নেত্রী প্রিয়ংকাক কটাক্ষ কৰি ড০ শর্মাই কয়– মোৰ মাই ঘৰৰ মজিয়া চাফা কৰা মই দেখি আহিছোঁ৷ সাধাৰণ জনতাই ইয়াক লৈ আকর্ষিত নহয়৷ এয়া কোনো ডাঙৰ কাম নহয়৷ এগৰাকী মহিলাই মজিয়া চাফা কৰাটো কেনেকৈ বাতৰি হ’ব পাৰে? কিয় আপোনাৰ মাতৃক দুর্নাম কৰিছে? যি ধৰণে তেওঁ (প্রিয়ংকা) মজিয়া সাৰিছে, সেয়া শুদ্ধ নহয়৷

You might also like