নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ বাবে অভিলাষী আঁচনি চৰকাৰৰঃ স্নাতকৰ মেধাৱী ছাত্র–ছাত্রীয়ে মাহিলি পাব ৩০০ টকাকৈ

স্নাতকোত্তৰ শিক্ষার্থীক দিব ৫০০ টকাকৈ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: স্নাতক–স্নাতকোত্তৰ অধ্যয়নৰত শিক্ষার্থীসকলৰ বাবে সুখবৰ৷ মেধাক স্বীকৃতি প্রদানৰ লক্ষ্যৰে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্রহণ কৰিছে ‘সংযুক্ত মেধা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী বৃত্তি আঁচনি, ২০২১–২০২২’৷ এই অভিলাষী আঁচনিখনৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ মেধাৱী ছাত্র–ছাত্রীসকলে প্রতিমাহে লাভ কৰিব জলপানি৷

আঁচনিখন সম্পর্কীয় চৰকাৰী তথ্য অনুসৰি স্নাতকত অধ্যয়নৰত শিক্ষার্থীয়ে প্রতিমাহে ৩০০ টকাকৈ লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰৰ ছাত্র–ছাত্রীয়ে পাব ৫০০ টকাকৈ৷ অৱশ্যে এইক্ষেত্রত যোগ্যতাক লৈ চর্ত আৰোপ কৰা হৈছে৷ সংযুক্ত মেধা স্নাতক বৃত্তিৰ ক্ষেত্রত শিক্ষার্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰপ্রাপ্ত হ’ব লাগিব৷

সেইদৰে সংযুক্ত মেধা স্নাতকোত্তৰ বৃত্তিৰ বাবে সাধাৰণ স্নাতক পাঠ্যক্রমত ৬০ শতাংশ নম্বৰপ্রাপ্ত হ’ব লাগিব ছাত্র–ছাত্রীসকল৷ অভিলাষী আঁচনিখনৰ অধীনত জলপানি লাভৰ বাবে শিক্ষার্থীসকলে directorateofhighereducation.assam.gov.inত আবেদন কৰিবলৈ লগ’ন কৰিব পাৰিব৷ ইয়াৰ অন্তিম দিন অহা ২৬ অক্টোবৰ নির্ধাৰণ কৰা হৈছে৷

তদুপৰি ছাত্র–ছাত্রীসকলে পঞ্জীয়ক/অধ্যক্ষ/শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীৰ ওচৰত প্রয়োজনী নথি–পত্রসহ অনলাইনত দিয়া প্র–পত্রৰ প্রিণ্ট আউট কপী দাখিল কৰিব লাগিব৷ ইয়াৰ বাবে অন্তিম দিন হৈছে অহা ১০ নৱেম্বৰ৷

You might also like