নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কংগ্রেছৰ আৰু দুর্দিন হ’ব

প্রদেশ কংগ্রেছৰ নেতৃত্বক তুলাধুনাৰে প্রদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ অসমত কংগ্রেছৰ বর্তমান যি অৱস্থা, সেই অৱস্থা বর্তি থাকিলে কংগ্রেছ আৰু দুর্দিনৰ সন্মুখীন হোৱাটো নিশ্চিত৷ –এই বিস্ফোৰক মন্তব্য কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈৰ৷ বৰদলৈৰ মতে– ‘স্থিতাৱস্থা বাহাল থাকিলে অসমত কংগ্রেছৰ সর্বনাশ হ’ব৷ নতুন চিন্তা, নতুন উদ্যমত নতুন কাম কৰিব লাগিব৷ তেতিয়াহে আগন্তুক নির্বাচনত কিবা এটা সম্ভৱ হ’ব৷’ তেন্তে প্রদেশ কংগ্রছৰ নেতৃত্ব সলনি কৰিব লাগে নেকি? নতুন দিল্লীৰ যন্তৰ–মন্তৰত কৃষক আন্দোলনৰ হকে মাত মাতিবলৈ অহা সাংসদজনে সাংবাদিকৰ এই প্রশ্ণৰ উত্তৰত কয় যে নেতৃত্বৰ সালসলনি হাইকমাণ্ডৰ বিষয়৷ প্রদেশ কংগ্রেছ সভাপতিৰ তেওঁ কেতিয়াও বিৰোধিতা নকৰে বুলি জনাই বৰদলৈয়ে কয়– ‘মই ৰিপুণ বৰাৰ বিৰুদ্ধে প্রচাৰ চলোৱা নাই৷ কেৱল ক’ব বিচাৰিছোঁ যে দলৰ কাম–কাজক লৈ নতুনকৈ চিন্তা–ভাবনা কৰাৰ অৱকাশ আছে৷’ কিন্তু হাইকমাণ্ডে দায়িত্ব প্রদান কৰিলে প্রদেশ কংগ্রেছৰ সভাপতি হ’বলৈ তেওঁ সম্পূর্ণ সাজু বুলি মন্তব্য কৰি লগতে এয়াও স্পষ্ট কৰি দিয়ে যে নেতৃত্ব ল’বলৈ তেওঁ হাইকমাণ্ড কিম্বা শীর্ষ নেতৃত্বক কেতিয়াও তোষামোদ নকৰে আৰু বর্তমানৰ সভাপতিৰ বিৰোধিতাও নকৰে৷

আনহাতে, দলৰ অসন্তুষ্ট বিধায়কসকলে সভাপতিৰ বিৰুদ্ধে কৰি থকা মন্তব্য সম্পূর্ণ ব্যক্তিগত বুলি অভিহিত কৰে যদিও এইক্ষেত্রত কোনোবা বিধায়কে দলত্যাগ কৰিলে, সেয়া অত্যন্ত দুর্ভাগ্যজনক হ’ব বুলি বৰদলৈয়ে মন্তব্য কৰে৷ বিশেষকৈ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেত্রী অজন্তা নেওগে দলত্যাগ কৰিলে সেয়া দলৰ বাবে বৃহৎ ক্ষতি হ’ব বুলি সাংসদজনে মন্তব্য কৰে৷ ‘মই মনে–প্রাণে বিচাৰোঁ যে অজন্তা নেওগৰ দলত থাকক৷’ –ৰাজ্যৰ প্রাক্তন মন্ত্রী তথা বর্তমানৰ সাংসদজনে এনেদৰে কয়৷ ইপিনে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সৈতে মিত্রতাক লৈ প্রদ্যুৎ বৰদলৈ উৎসাহী নহয়৷ বিটিচি নির্বাচনত এ আই ইউ ডি এফৰ সৈতে হোৱা মিত্রতা বা বুজাবুজি পৰীক্ষামূলকহে আছিল বুলি তেওঁ মন্তব্য কৰে৷ আজমলৰ দলৰ সৈতে মিত্রতাক লৈ এতিয়াও কোনো চূডান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ শাসকীয় বিজেপিয়ে অপপ্রচাৰত লিপ্ত হোৱা বুলিহে তেওঁ মন্তব্য কৰে৷ এজেপি, ৰাইজৰ দলকে ধৰি নৱগঠিত সকলো ৰাজনৈতিক দলৰ সৈতে মিত্রতা স্থাপন কৰিব পাৰিলে বিজেপিবিৰোধী শক্তিয়ে সকলো প্রকাৰে লাভান্বিত হ’ব বুলি সাংসদ বৰদলৈয়ে মত ব্যক্ত কৰে৷

You might also like