গগৈ–দেৱব্রতক আঁতৰাবলৈ ৰিপুণ–ৰকিবুলৰ কূটকৌশল
নিয়মীয়া বাৰ্তা, ১৩ মে’ : লকডাউনৰ মাজতো প্রদেশ কংগ্রেছত অব্যাহত আছে লবীকেন্দ্রিক ৰাজনীতি ৷ ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ ভিতৰচ’ৰাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াক একাষৰীয়া কৰাৰ ৰাজনীতি আৰম্ভ হৈছে ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু উপ–সভাপতি ৰকিবুল হুছেইনে লকডাউনৰ সময়ছোৱাত অতি কৌশলেৰে তথা সন্তর্পণে এই অভিযান আৰম্ভ কৰিছে ৷ যোৱা সপ্তাহত দলৰ উপ–সভাপতি তথা বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত ১২জন বিধায়কৰ উপস্থিতিত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ কিন্তু বৈঠকখনত উপেক্ষিত হৈ থাকিল বিৰোধী দলপতি দেৱব্রত শইকীয়া ৷ অভিযোগ অনুসৰি বিধায়িনী দলৰ দৰে প্রদেশ কংগ্রেছতো ৰিপুণ বৰাৰ নেতৃত্বৰ বিৰোধিতা কৰি অহা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈকে ধৰি আন নেতাসকলক উপেক্ষা কৰি সম্প্রতি সভাপতি বৰাই দিল্লীত বাহৰ পাতিয়েই নিজ ইচ্ছা অনুসৰি ঘনিষ্ঠ একাংশৰ সহযোগত দলীয় কার্যসূচী চলাই আহিছে ৷
আনকি এনে কার্যসূচীৰ বিষয়ে জ্যেষ্ঠ নেতাসকলক টেলিফোনযোগেও অৱগত কৰা নাই প্রদেশ কংগ্রেছৰ সভাপতিজনে ৷ লক্ষণীয়ভাৱে বহিঃৰাজ্যত আবদ্ধ হৈ থকা যিসকল লোকে কর্মসংস্থাপন হেৰুৱাই সম্প্রতি অর্থ আৰু খাদ্য সংকটত ভুগিছে, সেইসকলক ওভতাই অনাৰ বাবে প্রদেশ কংগ্রেছে গঠন কৰা সমিতিতো সভাপতি বৰাই তেওঁৰ ঘনিষ্ঠ তথা বিশ্বস্ত নেতাকহে স্থান দিয়াৰ অভিযোগ উঠিছে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাক অধ্যক্ষ আৰু পংকজ বৰবৰাক আহ্বায়ক হিচাপে লৈ গঠন কৰা এই সমিতিখনৰ সদস্যসকল হৈছে– নন্দিতা দাস, কল্যাণ গগৈ, দুর্গাদাস বড়ো, ববিতা শর্মা, হেমন্ত নেওগ, দিলীপ শর্মা, জুৰি শর্মা বৰদলৈ, গৌৰৱ সোমানি, নোৱাল কিশোৰ মোৰ, আৰমান আলী হাজৰিকা, অমিত আগৰৱালা আদি৷ আনহাতে, এই সমিতি সম্পর্কত আহ্বায়ক পংকজ বৰবৰাই এক বিবৃতিত কয় যে সমিতিখনৰ হেল্প ডেস্কৰ সৈতে এতিয়ালৈ প্রায় ২৫ হাজাৰ শ্রমিকে যোগাযোগ কৰিছে৷ পৰিবহণ সম্পর্কীয় বিভিন্ন দেশত ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় সাধনৰ বাবে গঠিত প্রদেশ কংগ্রেছৰ তিনিজনীয়া প্রতিনিধি দল এটাই যোৱা সপ্তাহত মুখ্য সচিবৰ সৈতে এখন বৈঠকত মিলিত হৈছিল৷ প্রদেশ কংগ্রেছে বহিঃৰাজ্যত থকা শ্রমিকসকলৰ ৰে’লযাত্রাৰ ব্যয় বহন কৰাৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ বিবৃতিত উল্লেখ কৰে ৷