নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত চিকিৎসকসহ পুনৰ ১০জন ক’ৰোনা আক্রান্তৰ প্রাণহানি

কামৰূপ মেট্র’ৰ ডিচি পজিটিভ, ৰাতাবাৰীৰ বিধায়কৰ স্বাস্থ্যৰ অৱনতি

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  ঘাতক মহামাৰী ক’ৰোনাৰ সংহাৰ ৰাজ্যত অব্যাহত আছে৷ সোমবাৰৰ দিনটোত উদ্বেগজনকভাৱে ১০গৰাকী লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা  ২৫২গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি সোমবাৰে কাছাৰৰ শীলা বেগম মজুমদাৰ (৪৮), কার্বি আংলঙৰ চিত্রা দে’ (৬০), যোৰহাটৰ বেডান্দ আও (৬১), ডিব্রুগড়ৰ ববিতা সিং (৪৫), কৰিমগঞ্জৰ ৰণধীৰ শর্মা (৭৫), কাছাৰৰ দেৱব্রত দেব (৪৮), কৰিমগঞ্জৰ শ্রীনিৱাস কাংছা বণিক (৭৫), নগাঁৱৰ অঞ্জিনা বেগম (৫৫), কোকৰাঝাৰৰ ডাঃ অমল মুছাহাৰী (৫৩) আৰু চৰাইদেউৰ ইউছুফ আলীৰ (৫৭) ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ আনহাতে সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৮৭৯গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ ৰাজ্যখনত ক’ভিডবিৰোধী যুঁজত আৰম্ভণিৰে পৰাই সন্মুখৰ পৰা নেতৃত্ব দি অহা কামৰূপ মেট্র’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুও ক’ৰোনাত আক্রান্ত হৈছে৷ তেওঁৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ৰাজ্যখনত সোমবাৰে আক্রান্তসকলৰ ভিতৰত ৪৭১গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে ডিব্রুগড়ৰ ১৪৩গৰাকী আৰু যোৰহাটৰ ১৩৮গৰাকী লোক আক্রান্ত হৈছে৷ মন কৰিবলগীয়া এয়ে যে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ২৮,৬৭০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৬.৫৫ শতাংশ৷ সোমবাৰে নতুনকৈ আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ ৯২,৬১৯গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইপিনে, আজি ২,১৯০গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা নিজ নিজ ঘৰলৈ উভতি গৈছে৷ এতিয়ালৈ মুঠ ৭৩,০৯০গৰাকী লোক সুস্থ হৈছে৷ টুইটত মন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি বর্তমান সক্রিয় ৰোগীৰ তুলনাত ৩.৫ গুণৰো অধিক আক্রান্ত ইতিমধ্যে সুস্থ হৈ উঠিছে৷ বর্তমান বিভিন্ন হাস্পতালত ১৯,২৭৪গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ইফালে, ক’ভিডত আক্রান্ত বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক বিজয় মালাকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্রেক্ষিতত তেওঁক সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ যোৱা ১২ আগষ্টত বিধায়ক মালাকাৰ ক’ভিডত আক্রান্ত হৈছিল৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁক ভর্তি কৰাই প্লাজমা থেৰাপী প্রদান কৰা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷
যোৰহাটত পুনৰ এজনৰ মৃত্যুঃ ক’ভিড চেণ্টাৰৰ পৰা পলায়ন ৮ শিশুৰ
যোৰহাটত সোমবাৰে পুনৰ ক’ভিডত আক্রান্ত এজন লোকৰ মৃত্যু হৈছে৷ মৃত ব্যক্তিজন ৰজাবাৰী মিছন কেম্পাছৰ বেডান্দ আও (৬১) বুলি প্রশাসনে জানিবলৈ দিছে৷ জিলাখনত সোমবাৰে নতুনকৈ ১৪৫গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰ ফলত জিলাখনত আক্রান্তৰ সংখ্যা ৪,৪৫৩গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে যোৰহাটৰ এনআইডিত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ৮টি শিশু পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা শনিবাৰে যোৰহাটৰ লিচুবাৰীস্থিত শিশু পর্যবেক্ষণ গৃহত ২৭টি শিশু ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত যোৰহাট ৰজাবাৰীৰ এনআইডিত ৰখাৰ ব্যৱস্থা কৰা হয়৷ কিন্তু কালি নিশা হঠাৎ এনআইডি ক’ভিড কেন্দ্রৰ পৰা ৮টাকৈ শিশু অন্তর্ধান হয়৷ সোমবাৰে পুৱা কেন্দ্রটোত শিশুকেইটা নেদেখি কর্তব্যৰত বিষয়া–কর্মচাৰীৰ মাজত হুৱাদুৱা লাগে৷ লগে লগে সমগ্র বিষয়টো প্রশাসনক অৱগত কৰোৱাৰ পিছত আৰক্ষীয়ে সমগ্র নগৰখনত অভিযান চলায় যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই৷ পিছত এটি শিশু উভতি আহে যদিও বাকী ৭টি শিশু এতিয়াও পলাতক অৱস্থাত আছে৷ কঠোৰ নিৰাপত্তাৰ মাজত কেনেকৈ শিশুকেইটা পলাই যাব পাৰিলে, তাকে লৈ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
নগাঁৱত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যুবিশেষ বার্তা, নগাঁও ঃ নগাঁও জিলাৰ ছোটো ৰূপহী গাঁৱৰ ওমৰ আলী (৬৪) নামৰ লোকজন ক’ভিডত আক্রান্ত হৈ যোৱানিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুমুখত পৰে৷ দীর্ঘদিন ধৰি মধুমেহ আৰু কিড্নীৰ ৰোগত আক্রান্ত লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত কালি পুৱাৰ ভাগত তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ চিকিৎসালয়ত ভর্তিৰ পূর্বে কৰা ক’ভিড পৰীক্ষাত তেওঁৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ চিকিৎসাধীন অৱস্থাতে কালি নিশা প্রায় ১১ বজাত লোকজনৰ মৃত্যু ঘটে৷
কোকৰাঝাৰত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসকৰ মৃত্যু
ক’ভিডত আক্রান্ত হৈ কোকৰাঝাৰৰ ডিএছ’ তথা আৰ এন বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰী (৫৬)ৰ সোমবাৰে দুপৰীয়া ১২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ ডাঃ মুছাহাৰী যোৱা ১০ আগষ্টত ক’ভিডত আক্রান্ত হৈ জিএমচিএইচত ভর্তি হৈছিল৷ এইপর্যন্ত কোকৰাঝাৰ জিলাত ক’ভিডত আক্রান্ত হৈ ৭গৰাকী লোকৰ মৃত্যু হৈছে৷
ক’ভিডত আক্রান্ত হৈ ট্রেড ইউনিয়নৰ নেতা গিৰীশ বৰপাত্র গোহাঁইৰ মৃত্যু
মহামাৰী ক’ৰোনাত আক্রান্ত হৈ বিশিষ্ট ট্রেড ইউনিয়নৰ নেতা, অসম চাহ কর্মচাৰী সংঘৰ কেন্দ্রীয় সাধাৰণ সম্পাদক, আইএনটিইউচি (প্লেণ্টেচন) অসম শাখাৰ সাধাৰণ সম্পাদক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ডুমডুমাৰ ৰূপাই ছাইডিং নিৱাসী গিৰীশ চন্দ্র বৰপাত্র গোহাঁই (৬৪)ৰ সোমবাৰে পুৱা ১১.৩৫ বজাত ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ দীর্ঘদিন ধৰি মধুমেহ, বৃক্ক আৰু উচ্চ ৰক্তচাপত ভুগি থকা বৰপাত্র গোহাঁইক যোৱা ১৫ আগষ্টত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়ৰ আদিত্য হাস্পতালত ভর্তি কৰোৱা হয়৷ ১৭ আগষ্টত তেওঁৰ ক’ভিড পৰীক্ষা কৰা হয় আৰু ফলাফল পজিটিভ অহাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ শিৱসাগৰ জিলাৰ বেতবাৰীত জন্মগ্রহণ কৰা বৰপাত্র গোহাঁয়ে গড়গাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৭৮ চনত ডুমডুমাৰ টিপুক চাহ বাগিচাত গাণনিক বিষয়া হিচাপে যোগদান কৰে আৰু ২০১৭ চনত উক্ত বাগিচাৰ বৰকেৰাণী হিচাপে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷ ১৯৭৯ত তেওঁ অসম চাহ কর্মচাৰী সংঘৰ ডুমডুমা শাখাৰ কোষাধ্যক্ষ পদত নির্বাচিত হয় আৰু ১৯৮৭ চনলৈ সেই পদত কার্যনির্বাহ কৰে৷ ১৯৮৮ত তেওঁ অসম চাহ কর্মচাৰী সংঘৰ ডুমডুমা শাখাৰ সম্পাদক হিচাপে নির্বাচিত হয় আৰু মৃত্যুৰ সময়লৈকে তেওঁ সেই পদত কার্যনির্বাহ কৰি আছিল৷ সেইদৰে ১৯৯৩ চনত তেওঁ অসম চাহ কর্মচাৰী সংঘৰ ১নং মণ্ডলৰ মাণ্ডলিক বিষয়া হিচাপে নির্বাচিত হয়৷ ২০০০ চনত তেওঁ সংঘৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক বিচাপে নির্বাচিত হয় আৰু মৃত্যুৰ সময়লৈকে সেই পদত অধিষ্ঠিত হৈ আছিল৷ তদুপৰি অসম টী এমপ্লয়িজ কো–পাৰেটিভ অর্গেনাইজেচন লিমিটেডৰ সঞ্চালকমণ্ডলীৰ অন্যতম সঞ্চালক হোৱাৰ উপৰি তেওঁ অসম টী গার্ডেন ৱেগছ, ব’ডৰ মূল মুখপাত্র হিচাপে কার্যনির্বাহ কৰাৰ লগতে টী প্লেণ্টেচন ফেডাৰেচনৰ সাধাৰণ সম্পাদক, হাউছিং এডভাইজ’ৰী ব’ডৰ সদস্য, ষ্টেণ্ডিং কমিটীৰ সদস্য, অসম টী এমপ্লয়িজ প্র’ভিডেণ্ট ফাণ্ডৰ ন্যাসৰক্ষী, মেডিকেল এডভাইজ’ৰী ব’ডৰ সদস্য হিচাপেও উল্লেখযোগ্য সেৱা আগবঢ়াইছিল৷ বৰগোহাঁইৰ মৃত্যুত ৰাষ্ট্রীয় মজদুৰ কংগ্রেছৰ অসম শাখাই গভীৰ শোক প্রকাশ কৰিছে৷ গোহাঁইৰ স্মৃতিত অহা ২৬ আগষ্টত মজদুৰ কংগ্রেছৰ পল্টন বজাৰস্থিত মুখ্য কার্যালয়ত এক শোকসভা আয়োজন কৰা হৈছে বুলি আইএনটিইউচিৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰাই এক বিবৃতিযোগে জানিবলৈ দিছে৷ সেইদৰে অসম চাহ কর্মচাৰী সংঘৰ ডুমডুমা শাখা, ডুমডুমা প্রেছ ক্লাব, ডুমডুমা শাখা সাহিত্য সভা, ডুমডুমা নামঘৰ সমিতি, ডুমডুমা জ্যেষ্ঠ নাগৰিক সংস্থা, অসমীয়া পূজা আৰু নাট্য মন্দিৰ সমিতি, ডুমডুমা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ৰূপাই শাখা সাহিত্য সভা, আছাৰ তিনিচুকীয়া জিলা সমিতিয়ে গভীৰ শোক প্রকাশ কৰিছে৷ ইপিনে, বৰপাত্র গোহাঁইৰ বিয়োগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে বৰপাত্র গোহাঁইৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷ মুখ্যমন্ত্রীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
সোণাৰিত ক’ভিড আক্রান্ত হৈ ইউচুফ আলীৰ মৃত্যু
সোণাৰি নগৰৰ তিনি নং ৱার্ড নিৱাসী তথা ৰজাপুখুৰী সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক, অক্লান্ত সমাজ কর্মী, ৰজাপখুৰী মধ্য অসমীয়া বিদ্যালয়ৰ প্রধান শিক্ষক ইউছুফ আলী (৫৭) য়ে ক’ভিড–১৯ত আক্রান্ত হৈ আজি ইহলীলা সম্বৰণ কৰিলে৷ প্রয়াত আলী সোমবাৰে কিছুদিন ধৰি জ্বৰত ভুগি থকাত সোমবাৰে পুৱা পৰিয়ালৰ লোকে তেওঁক চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়লৈ অনাত চিকিৎসকে ক’ভিড পৰীক্ষা কৰাত ফলাফল পজিটিভ আহে৷ উশাহ–নিশা লোৱাত প্রচণ্ড কষ্ট পোৱা আলীক অক্সিজেন দি উন্নত চিকিৎসাৰ  লগে লগে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰাৰ যো–জা কৰোঁতেই অকাল মৃত্যুক আঁকোৱালি লয়৷
জেএমচিৰ দুই চিকিৎসকৰ পদত্যাগক লৈ ড০ শর্মাৰ প্রতিক্রিয়া– ‘যুদ্ধক্ষেত্রৰ পৰা প্রকৃত সৈনিকে পলায়ন নকৰে’
ক’ভিড–১৯ৰ সংক্রমণৰ মাজতে জে এম চি এইচকে ধৰি যোৰহাটৰ স্বাস্থ্যখণ্ডত সংঘটিত কেতবোৰ ঘটনাই উদ্বিগ্ণ কৰি তুলিছে বহুজনক৷ ক’ভিড পৰিস্থিতিৰ মাজতে হঠাৎ সলনি কৰা হ’ল জে এম চি এইচৰ অধ্যক্ষক৷ জে এম চি এইচৰ অধ্যক্ষ অধ্যাপক অতুল বডো়ক হঠাৎ অধ্যক্ষৰ দায়িত্বৰ পৰা অপসাৰণ কৰাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত৷ বডো়ৰ সলনি জি এম চি এইচৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হৈছে৷ আনহাতে চাকৰিৰ পৰা ইস্তফা দিছে জে এম চি এইচৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকে৷ চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শংকৰজ্যোতি পৰাশৰ আৰু প্রিয়ংকা চাংমাইয়ে ইতিমধ্যে চাকৰিৰ পৰা ইস্তফা দিয়াৰ পত্র চিকিৎসা মহাবিদ্যালয়ৰ কর্তৃপক্ষক প্রদান কৰিছে৷ এই ঘটনাসমূহে বিভিন্ন মহলত প্রতিক্রিয়া সৃষ্টি কৰিছে৷ পদত্যাগ–পত্র দাখিল কৰি সাংবাদিকৰ আগত ডাঃ প্রিয়ংকা চাংমাইয়ে কয় যে চিকিৎসা মহাবিদ্যালয়খনৰ কর্তৃপক্ষই ডিউটীৰ সময়সীমা ভালদৰে নির্ধাৰণ কৰি নিদিয়াৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছ৷ ক’ভিড ডিউটীৰ ক্ষেত্রত একাংশ চিকিৎসকে নিজক কৌশলেৰে আঁতৰাই ৰাখে আৰু একাংশক হেঁচা দিয়া হয় কামৰ বাবে৷ ইফালে এই সন্দর্ভত গুৱাহাটীত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যুদ্ধক্ষেত্রৰ পৰা প্রকৃত সৈনিকে কেতিয়াও পলায়ন নকৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে চীন–ভাৰতৰ মাজত যদি যুদ্ধ হয় কেতিয়া কোনো সৈনিকে পলায়ন নকৰে৷ চিকিৎসকসকলৰ ক্ষেত্রতো এই সংকটৰ সময়ত কামৰ হেঁচা বঢ়াটো স্বাভাৱিক৷ তাত হয়তো অলপ ইফাল–সিফাল হ’ব পাৰে৷ মন্ত্রী ড০ শর্মাই বিষয়টোৰ ক্ষেত্রত তেওঁ আলোচনা কৰিব বুলি জানিবলৈ দিয়ে৷

You might also like