নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্রান্ততকৈ বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা

ৰাজ্যত পুনৰ ২৪ ঘণ্টাত সাতজনকৈ ক’ভিড ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ অব্যাহত থকাৰ মাজতে দেওবাৰে পুনৰ এই ৰোগত আক্রান্ত হৈ ৭জনকৈ লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত লোককেইজন হ’ল– শিৱসাগৰ জিলাৰ মুহিবুদ্দিন আহমেদ (৬৩), কাছাৰ জিলাৰ আশুতোষ দে’ (৭২), বাক্সা জিলাৰ হালা ৰামচিয়াৰী (৪৯), দৰং জিলাৰ দিলীপ ভাগৱতী (৫৩), ডিব্রুগড় জিলাৰ প্রদীপৰাম সিং ৰাজোৱাৰ (৫৩), ভূপেন্দ্র গুপ্তা (৩২) আৰু কোকৰাঝাৰ জিলাৰ তৰুণ ব্রহ্ম (৫৫)৷ আনহাতে, শনিবাৰৰ দিনটোতো সাতজনকৈ লোকৰ ক’ৰোনাত মৃত্যু ঘটিছিল৷ মৃত লোকসকল আছিল বঙাইগাঁও জিলাৰ স্বৰিতা দেৱী জৈন (৫০), দৰং জিলাৰ আব্দুল ৱাহুদ (৫৮), কৰিমগঞ্জ জিলাৰ হিমাংশু ৰঞ্জন দাস, (৫৫), হাইলাকান্দি জিলাৰ ফয়েজ আহমেদ লস্কৰ (৬৬), ডিব্রুগড় জিলাৰ নির্মল তামুলী (৭২), মৃদুল খনিকৰ (৫৪) আৰু নগাঁও জিলাৰ ভাৰতী হাজৰিকা (৬৫)৷ দুদিনত এই ১৪গৰাকী লোকৰ মৃত্যুৰ লগে লগে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে৷ উল্লেখ্য যে ৰাজ্যত ক’ৰোনা সংক্রমণ এতিয়াও শংকাজনক হৈ আছে যদিও ক্রমাৎ বৃদ্ধি পাব ধৰিছে আৰোগ্যৰ সংখ্যা৷ কালি ১,৫৯৩গৰাকী লোক ক’ৰোনামুক্ত হৈ ঘৰলৈ যাবলৈ সক্ষম হৈছে৷ আনহাতে, কালি আক্রান্ত হৈছিল ১,০৫৭গৰাকী লোক৷ মন কৰিবলগীয়া যে শনিবাৰে ২০,৮০৫গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ আছিল ৫.০৮ শতাংশ৷ এই পৰিস্থিতিৰ মাজতে ৰাজ্যত আক্রান্তৰ সংখ্যাই ৭৫ হাজাৰ অতিক্রম কৰা বিষয়টো উদ্বেগজনক দিশ ৰূপে পৰিগণিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে দেওবাৰে পুনৰ ১,৩১৭গৰাকী লোক ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে৷ ২৪ ঘণ্টাত ২০,৩৬৭জন লোকৰ ক’ভিড পৰীক্ষা কৰাত ১,৩১৭জন লোক আক্রান্ত ৰূপে চিনাক্ত হয়৷ আক্রান্তসকলৰ ২৩৩জন কামৰূপ মহানগৰ জিলাৰ, ১৬১জন কাছাৰ জিলাৰ আৰু ১৩৩জন ডিব্রুগড় জিলাৰ৷ এই সংখ্যাৰে ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৭৬,৮৭৫গৰাকীলৈ বৃদ্ধি পালে৷ আক্রান্তৰ হাৰ হ’ল ৬.৪৬ শতাংশ৷ আনহাতে দেওবাৰে আক্রান্ততকৈ অধিকাংশ লোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা হ’ল ১,৯২৯গৰাকী৷ ৰাজ্যত ক’ৰোনামুক্ত লোকৰ সংখ্যা হ’ল ৫৫,২১৫গৰাকী৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২১,৪৬৮গৰাকী৷

You might also like