নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৫,০০৬ আক্রান্তৰ বিপৰীতে সুস্থ হৈ উভতিল ৩,০৬৬জন

অসমত আৰোগ্যৰ হাৰ ৬১ শতাংশলৈ বৃদ্ধিঃ স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২০ জুনঃ  অসমত আৰোগ্য হৈ উঠা ক’ৰোনা আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে৷ এতিয়ালৈ আক্রান্ত মুঠ ৰোগীৰ ৫,০০৬ৰ ভিতৰত ৬১ শতাংশই ইতিমধ্যে সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে দিনটোতে চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল ২১৮গৰাকী৷ ইয়াৰ লগে লগে এতিয়ালৈ চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতা ব্যক্তিৰ সংখ্যা ৩,০৬৬গৰাকীলৈ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে বর্তমান বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে ১,৯২৮গৰাকী৷ শুকুৰবাৰে দিনটোত ৰাজ্যখনত নতুনকৈ ১০২ গৰাকী লোক কভিড–১৯ত আক্রান্ত হয়৷ সেই অনুসৰি বর্তমানলৈকে ৰাজ্যখনত আক্রান্ত মুঠ কভিড ৰোগীৰ ৬১ শতাংশ সুস্থ হৈ উঠিছে৷ ৩৯ শতাংশ ৰোগীহে চিকিৎসাধীন হৈ আছে৷ এই সম্পর্কত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে শুকুৰবাৰৰ দিনটোত পৰিসংখ্যাৰ দিশেৰে চালে ৰাজ্যৰ পৰিস্থিতি ভাল হৈছে৷ ক’ভিড–১৯ৰ গ্রাফডাল নিম্নগামী হৈছে৷ তেওঁ আৰু কয় যে ১৭খন ৰে’লযোগে কেৰালাৰ পৰা আহি থকা লোকসকলৰ পাছত ৰাজ্যখনলৈ আৰু ৰে’লযোগে অহা লোকৰ সংখ্যা কমি আহিব৷ সপ্তাহত কেতিয়াবা এখন ৰে’লযোগে মানুহ আহিব৷ বর্তমান কেৰালাৰ পৰা আহি থকা মানুহৰ চাপ অহা দেওবাৰ পর্যন্ত থাকিব৷ এইসকল লোকক ভালদৰে পৰিচালনা কৰিব পাৰিলে শংকাৰ বিশেষ কাৰণ নাথাকিব৷ তাৰ পাছত বহিঃৰাজ্যৰ পৰা অহা মানুহৰ সংখ্যাও হ্রাস পাব৷ ইয়াৰ লগে লগে কোৱাৰেণ্টাইন ব্যৱস্থাও সমাপ্তিৰ পর্যায়লৈ আহি পৰিব৷ গুৱাহাটী মহানগৰীত স্বাস্থ্য বিভাগে চলাই থকা ৰেণ্ডম টেষ্টৰ সম্পর্কত তেওঁ কয় যে বর্তমান দৈনিক এহাজাৰ লোকৰ নমুনা সংগ্রহ কৰি থকা হৈছে৷ পাছলৈ এই সংখ্যা দুইৰ পৰা তিনি হাজাৰলৈ বৃদ্ধি পাব৷ এই মাহৰ ভিতৰতে গুৱাহাটী মহানগৰীত ৫০ হাজাৰ লোকৰ ছোৱাব সংগ্রহৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ইয়াৰ ফলাফলৰ পাছতেই জানিব পৰা যাব গুৱাহাটীত সামাজিক সংক্রমণ হৈছে নে নাই৷ বর্তমানলৈকে গুৱাহাটী মহানগৰীত ভ্রমণ বৃত্তান্ত নথকা যিসকল লোক ক’ভিড–১৯ত আক্রান্ত হৈছে, তেওঁলোকৰ ভ্রমণ বৃত্তান্ত নাই যদিও সংস্পর্শলৈ যোৱাৰ বৃত্তান্ত আছে বুলি তেওঁ উল্লেখ কৰে৷

ইপিনে, জালুকবাৰীৰ আয়ুর্বেদিক কলেজ হাস্পতালখন ১১০খন বিছনাযুক্ত পূর্ণাংগ ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰি মন্ত্রী ড০ শর্মাই শুকুৰবাৰে উদ্বোধন কৰে৷ সেইদৰে মহেন্দ্রমোহন চৌধুৰী হাস্পতালত এটা ক’ভিড লেব’ৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰি শুকুৰবাৰে নিশা মন্ত্রী ড০ শর্মাই লেব’ৰেটৰীটো স্থাপন কৰিবলগীয়া স্থান পৰিদর্শন কৰে৷ ক’ৰোনা ভাইৰাছ আৰু ক’ভিড–১৯ৰ অধ্যয়নৰ অর্থে এই পৰীক্ষাগাৰটো শীঘ্রে স্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, ক’ভিড–১৯ৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই থকাৰ সমান্তৰালভাৱে ধ্বজ্জাবাহী আঁচনি ৰূপায়ণ আৰু ৰাজ্যিক বাজেটত ঘোষণা কৰা প্রধান আঁচনিসমূহ ৰূপায়ণ সম্পর্কত বিত্তমন্ত্রী হিচাপে ড০ শর্মাই  বিভাগৰ প্রধান সচিব সমীৰ সিন্হা আৰু বিভাগৰ উচ্চপদস্থ বিষয়াবর্গৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ তেওঁ কয় যে ক’ভিড–১৯–এ আনি দিয়া প্রত্যাহ্বান আৰু নতুনকৈ নির্ধাৰিত প্রাথমিকতাবোৰৰ সত্ত্বেও জনকল্যাণমূলক কার্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্রত ধ্যান যাতে কেন্দ্রীভূত হৈ থাকে, সেয়া সুনিশ্চিত কৰিবলৈ বৈঠকখনত সকলোকে পৰামর্শ দিয়া হৈছে৷ ইফালে, ৰাজ্যখনত ক’ভিড–১৯ৰ পৰিস্থিতিৰ দ্রুত উন্নতি হৈছে যদিও একে সময়তে কোনো ভ্রমণ বৃত্তান্ত নথকা একাংশ লোকৰ দেহত ক’ৰোনা পজিটিভৰ অৱস্থিতি ধৰা পৰাত ৰাইজৰ মাজত ব্যাপক শংকাও হৈছে৷ নগাঁও, নলবাৰী, ৰঙিয়াত এনে ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰ বিপৰীতে ক’ৰোনা প্রতিহতৰ বাবে চৰকাৰে আপোচবিহীন কোৱাৰেণ্টাইনৰ কথা কৈ থকা সময়তে দলগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্রত একাংশই বাহিৰলৈ ওলাই আহি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ যাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷
৫০ হাজাৰ ক’ভিড পৰীক্ষাৰ  পাছতহে ল’ব সিদ্ধান্তঃ মুখ্য সচিব
ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ ৰোধৰ বাবে ৰাজ্যত পুনৰ লকডাউন বলৱৎ কৰাক লৈ চলি থকা চর্চাৰ মাজতে এইক্ষেত্রত খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব খোজা নাই বুলি স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই  এই সন্দর্ভত জানিবলৈ দিয়া মতে সামাজিক সংক্রমণ আৰম্ভ হৈছেনে নাই, সেয়া এতিয়াই ক’ব পৰা নাযায়৷ স্বাস্থ্য বিভাগে বিষয়টো পৰীক্ষা কৰাৰ বাবে ৫০ হাজাৰ ক’ভিড পৰীক্ষা আৰম্ভ কৰিছে৷ এই পৰীক্ষাৰ ফলাফলৰ ওপৰতহে চৰকাৰে লকডাউনৰ সিদ্ধান্ত ল’ব৷ জনতা ভৱনত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্য সচিবে ইয়াকো কয় যে লকডাউনৰ আৱশ্যক আছে বুলি এতিয়াই চৰকাৰে সিদ্ধান্ত ল’ব নোৱাৰে৷ যদি ৫০ হাজাৰ ক’ভিড পৰীক্ষাৰ ফলাফল উদ্বেগজনক হয়, তেন্তে বিষয়টো পৰীক্ষা কৰা হ’ব৷ মন কৰিবলগীয়া যে স্বাস্থ্য বিভাগে গুৱাহাটী মহানগৰীৰ ব্যস্ত ব্যৱসায়িক অঞ্চল, গুদাম, ট্রাকৰ পার্কিং প্লেচ আদিত ক’ভিড পৰীক্ষা আৰম্ভ কৰাৰ লগতে ১২খন চিকিৎসালত ৰাইজক স্বেচ্ছাই ছোৱাব পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে৷ সমান্তৰালভাৱে ডিব্রুগড়, যোৰহাট, তিনিচুকীয়া আদি জিলাৰ ট্রাকৰ পার্কিং প্লেচতো ক’ভিড পৰীক্ষা চলোৱা হ’ব৷ গুৱাহাটীত শেহতীয়াকৈ ২৫জনকৈ ক’ৰোনা আক্রান্ত লোকৰ উৎস অস্পষ্ট হৈ থকাৰ পৰিপ্রেক্ষিতত উদ্বিগ্ণ স্বাস্থ্য বিভাগে সমগ্র বিষয়টো পৰীক্ষা কৰি গুৱাহাটীৰ একাংশ গুদামৰ পৰা সংক্রমণ হোৱাৰ সম্ভাৱনাক চিনাক্ত কৰে৷ মুখ্যতঃ ইয়াকে লৈ পুনৰ লকডাউনৰ দাবী উত্থাপন হোৱাৰ সময়তে স্বাস্থ্য বিভাগে মহানগৰীত ৰেণ্ডম টেষ্টৰ সিদ্ধান্ত লয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ এইক্ষেত্রত ঘোষণা কৰিছিল যে ৫০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষাত যদি ফলাফল অধিক বেয়া হয়, তেন্তে চৰকাৰে লকডাউনৰ সিদ্ধান্ত ল’ব৷ ৰাজ্য চৰকাৰে পুনৰ লকডাউনৰ ক্ষেত্রত সাৱধানতাৰে আগবঢ়াৰ সময়তে স্বাস্থ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীত এতিয়াও সামাজিক সংক্রমণ ঘটা নাই বুলিয়ে অলপতে মন্তব্য কৰে৷ ইফালে, বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ গাইড লাইন অনুকৰণ কৰিব বুলি আজি মুখ্য সচিবে সদৰী কৰিছে৷ তেওঁ কয় যে বিদ্যালয়সমূহৰ পাঠদান কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেই বিষয়ে অভিভাৱক, বিদ্যালয় কর্তৃপক্ষ, সামাজিক অনুষ্ঠানৰ লগত আলোচনা কৰি এটা ষ্টেণ্ডার্ড অপাৰেটিং প্রট’কল (এছ’পি) প্রস্তুত কৰিবলৈ কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক পৰামর্শ দিছে৷ সেইমর্মে শিক্ষা বিভাগে এই এছ’পি প্রস্তুত কৰি আছে৷ প্রতিখন ৰাজ্যৰ পৰা এছ’পিসমূহ লাভ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত ল’ব৷
ট্রেভেল হিষ্ট্রী নথকা নগাঁৱৰ দুগৰাকী স্বাস্থ্যকর্মী ক’ভিড–১৯ত আক্রান্ত
আয়ুস্মান ভাৰতৰ আৰোগ্য মিত্র হিচাপে কর্মৰত নগাঁও জিলাৰ চকলাঘাটৰ কংকন মুদৈ (৩৫) আৰু জিলাখনৰ উজৰা গাঁৱৰ স্বাস্থ্য কেন্দ্রৰ ক’ভিড হাস্পতালত সেৱা আগবঢ়াই অহা গীতাঞ্জলি দেউৰী (৩২) ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দুয়োজনৰে কোনো ট্রেভেল হিষ্ট্রী নাই৷ জানিব পৰা মতে, কংকন মুদৈয়ে অসুস্থতা অনুভৱ কৰি যোৱা ১৫ জুনত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ যায়৷ সেইদিনাই তেওঁৰ ছোৱাব সংগ্রহ কৰে৷ শুকুৰবাৰে তেওঁৰ ছোৱাবৰ ফলাফল পজিটিভ হোৱাটো পোহৰলৈ আহে৷ মন কৰিবলগীয়া যে যকৃৎ ৰোগত আক্রান্ত লোকজনে ১৭ জুনত নগাঁও চহৰৰ আমোলাপট্টিৰ পেনেচিয়া মেডিকেল ক্লিনিকলৈ আহি এজন মেডিচিন বিশেষজ্ঞৰ কাষ চাপে৷ আনকি তেওঁ ভাস্কৰ লেব নামৰ পেথ’লজিকেল লেব’ৰেটৰীলৈও যায়৷ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকৰ পৰামর্শ অনুসৰি কালি তেওঁ চহৰখনৰ জি ডি নার্ছিং হোম এণ্ড ৰিছার্চ চেণ্টাৰ নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ আইচিইউত ভর্তি কৰোৱা হয়৷ মুদৈ আয়ুস্মান ভাৰতৰ কর্মচাৰী হিচাপে ধিং গেটৰ ডিউ কেয়াৰ নামৰ নার্ছিং হোমখনত কর্তব্যৰত আছিল৷ সেইদৰে গীতাঞ্জলি দেউৰী এগৰাকী প্রশিক্ষার্থী স্বাস্থ্যকর্মী হিচাপে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত কর্তব্যৰত আছিল যদিও পাছত তেওঁক উজৰা গাঁও আদর্শ চিকিৎসালয়ৰ ক’ভিড হাস্পতালত নিয়োগ কৰা হয়৷ এসপ্তাহ কর্তব্য সম্পাদন কৰাৰ পাছত তেওঁক নগাঁও চহৰৰ এখন হোটেলত কোৱাৰেণ্টাইন কৰা হয় আৰু ছোৱাব সংগ্রহ কৰে৷ কালি তেওঁক হোম কোৱাৰেণ্টাইনত পঠিওৱাৰ পাছত আজি ছোৱাব পৰীক্ষাৰ ফলাফলত পজিটিভ ধৰা পৰে৷ ইতিমধ্যে তেওঁলোকৰ সংস্পর্শলৈ অহা সকলো লোকৰে ছোৱাব সংগ্রহৰ ব্যৱস্থা কৰিছে৷ আনহাতে, যোৱা ১৪ জুনত ডেৰাদুনৰ পৰা অসমলৈ উভতি অহা খৌৰামছ গাঁৱৰ সামৰিক বাহিনীত কর্মৰত বিকী বৰা (৩২) নামৰ জোৱানজনো ক’ভিড–১৯ত আক্রান্ত হৈছে৷
ভ্রমণ বৃত্তান্ত নথকা ৰঙিয়াৰ অৱসৰপ্রাপ্ত শিক্ষক ক’ভিড–১৯ত আক্রান্ত
কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নথকা ৰঙিয়াৰ মূৰাৰাৰ অৱসৰপ্রাপ্ত শিক্ষক পৰেশ ডেকা (৬২) ক’ভিড–১৯ত আক্রান্ত হৈছে৷ অৱশ্যে শিক্ষকজনৰ এগৰাকী কন্যা যোৱা ২৪ মার্চত কলকাতাৰ পৰা আহি হোম কোৱাৰেণ্টাইনত আছিল৷ হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত তেওঁৰ কন্যাৰ কেইবাবাৰো ছোৱাব পৰীক্ষা কৰা হৈছিল যদিও প্রতিবাৰে ফলাফল নিগেটিভ আহিছিল৷ ইয়াৰ মাজতে যোৱা ১৩ জুনত ডেকা জ্বৰত আক্রান্ত হয়৷ এই সময়ছোৱাত তেওঁ বজাৰ–সমাৰ কৰাৰ লগতে অঞ্চলটোৰ এজন চিকিৎসকৰ কাষলৈও যায়৷ চিকিৎসকৰ পৰামর্শমর্মে তেওঁ ৰঙিয়াৰ এখন ব্যক্তিগত নার্ছিং হোমত আল্ট্রাছাউণ্ড পৰীক্ষা কৰাইছিল৷ ইয়াকে লৈ এতিয়া ৰঙিয়াত আতংকৰ সৃষ্টি হৈছে৷
নলবাৰীৰ বালিঝাৰৰ মহিলাৰ শৰীৰত ক’ভিড–১৯
নলবাৰী জিলাৰ বালিঝাৰৰ ৰাহেনা বিবি (৬০) নামৰ এগৰাকী মহিলা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেইবামাহ ধৰি কর্কট ৰোগত আক্রান্ত মহিলাগৰাকী যোৱা ১৭ জুনত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈছিল৷ সেই সময়তে মহিলাগৰাকীৰ ছোৱাব পৰীক্ষা কৰা হয় আৰু তেওঁৰ শৰীৰত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷
দক্ষিণ কামৰূপৰ আমতলাত এজন যুৱক আক্রান্ত
পলাশবাৰী সমষ্টিৰ অন্তর্গত আমতলা গাঁৱৰ বিষ্ণু মেধি নামৰ এজন যুৱকৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷ কিছুদিন পূর্বে গুৱাহাটীৰ এখন ফার্মাচীত কর্মৰত তেওঁৰ ককায়েক প্রশান্ত মেধিৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পাছত পৰিয়ালটোৰ লগতে মুঠ ১১জন লোকৰ ছোৱাব সংগ্রহ কৰা হৈছিল৷ শুকুৰবাৰে প্রশান্ত মেধিৰ ভাতৃ বিষ্ণু মেধিৰ দেহতো ক’ভিড–১৯ ধৰা পৰে

You might also like