নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত প্রাণ হেৰুৱালে ৰাজ্যৰ প্রথমগৰাকী আইএএছ পাৰুল দেৱী দাসে

অসমত প্রথমবাৰলৈ একেদিনাই আক্রান্ত ৩ সহস্রাধিক

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ ক’ভিড–১৯ত আক্রান্তৰ ক্ষেত্রত আজি অসমে অবাঞ্ছিতভাৱে এটা নতুন অভিলেখ গঢ়ে৷ দিনটোত ৰাজ্যখনৰ ৩,১৩৭গৰাকী লোক মাৰাত্মক ভাইৰাছটোৰ দ্বাৰা আক্রান্ত হয়৷ ক’ভিডৰ দ্বিতীয়টো জোৱাৰত অসমত সংক্রমিত হোৱা লোকৰ পৰিসংখ্যাৰ ক্ষেত্রত এইটো সর্বাধিক৷ অৱশ্যে শতাংশৰ হাৰত দিনটোৱে অসমলৈ কিছু সকাহৰ বাতৰি আনি দিছে৷ আজি ৰাজ্যখনত ৪.২৯ শতাংশ লোক ক’ৰোনাৰ দ্বাৰা সংক্রমিত হয়৷ কালি এই হাৰ আছিল ৫.৪৮ শতাংশ৷ ইপিনে এই সময়ছোৱাত অসমৰ ১৫গৰাকী ক’ভিড আক্রান্তৰ মৃত্যু হয়৷ ইয়াৰে কামৰূপ (মহানগৰ) জিলাত সর্বাধিক ৮গৰাকী লোকৰ মৃত্যু হয়৷ মৃত্যুৰ তালিকাখনত দ্বিতীয় স্থানত আছে ডিব্রুগড় জিলা৷ জিলাখনত আজি তিনিগৰাকী ক’ভিড আক্রান্তই প্রাণ হেৰুৱায়৷ আনহাতে, বৰপেটা জিলাত দুগৰাকী, গোৱালপাৰা আৰু কামৰূপ জিলাত এগৰাকীকৈ ক’ভিড আক্রান্তৰ মৃত্যু হয়৷ অতিমাৰী ভাইৰাছটোৱে আজি অসমৰ প্রথম মহিলা আই এ এছ পাৰুল দেৱী দাসৰ প্রাণ আঁজুৰি নিয়ে৷ তদুপৰি ‘দ্য ছেণ্টিনেল’ৰ ফিচাৰ এডিটৰ আয়ুস্মান দত্তৰো আজি ক’ভিডৰ বাবে মৃত্যু হয়৷

উল্লেখ্য যে আজি ৰাজ্যৰ কেউখন জিলাত ৭৩,১৮১গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ তাৰ মাজৰ পৰা ৩,১৩৭গৰাকী লোক ক’ভিড পজিটিভ ৰূপে চিহ্ণিত হয়৷ ইয়াৰে কামৰূপ (মহানগৰ) জিলাত সর্বাধিক ১,১৫৩গৰাকী লোক ক’ভিডত আক্রান্ত হোৱা বুলি তথ্য পোহৰলৈ আহে৷ উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় জোৱাৰত কামৰূপ (মহানগৰ) জিলাত আজি প্রথমবাৰৰ বাবে মহানগৰ জিলা ক’ৰোনা পজিটিভৰ সংখ্যাই এহেজাৰ অতিক্রম কৰে৷ ইপিনে ডিব্রুগড় জিলাত আজি ক’ভিড পজিটিভ ওলোৱা লোকৰ সংখ্যা ২৬৮গৰাকীৰ বিপৰীতে কামৰূপ জিলাত ২৫৫গৰাকী, দৰং জিলাত ১২৭গৰাকী, বৰপেটা জিলাত ১১৯গৰাকী, নগাঁও জিলাত ১০৭গৰাকী ক’ভিড পজিটিভ হোৱা বুলি ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে প্রকাশ কৰিছে৷ স্বাস্থ্য অভিযানে সদৰী কৰা মতে, আজি ৰাজ্যখনৰ বিভিন্ন হাস্পতালৰ পৰা ৮২৮গৰাকী ক’ভিড আক্রান্তক মুকলি কৰি দিয়া হয়৷ বর্তমান ৰাজ্যখনত ১৭,৭৬৪গৰাকী সক্রিয় ক’ভিড আক্রান্ত ব্যক্তিহে আছে বুলি ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ তৰফৰ পৰা জনোৱা হৈছে৷ স্বাস্থ্য মিছনৰ তথ্য অনুসৰি অসমত আজিলৈকে ৮৩,৪৭,৩১০গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ ইয়াৰে ২,৪০,৬৭০গৰাকী লোক ক’ভিড পজিটিভ হিচাপে ধৰা পৰে৷ আনহাতে, ২,২০,৩৪৪গৰাকী লোকক সুস্থ হৈ উঠা বাবে ইতিমধ্যে হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয়৷ ৰাজ্যখনত আজিলৈকে ১,২১৫গৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ স্বাস্থ্য মিছনৰ তথ্য অনুসৰি ৰাজ্যখনত ০.৫ শতাংশ ক’ভিডত আক্রান্তৰ মৃত্যু হৈছে৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৯১.৫৫ শতাংশ লোক৷
পাৰুল দেৱী দাসৰ মৃত্যুত মুখ্যমন্ত্রীৰ শোক
ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্রথমগৰাকী মহিলা আই এ এছ বিষয়া পাৰুল দেৱী দাসৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ ১৯৭৪ বর্ষৰ সর্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়াগৰাকী ক’ভিডৰ লগতে শ্বাস–প্রশ্বাসজনিত ৰোগতো আক্রান্ত হৈ আছিল৷ আন ৰোগৰ চিকিৎসাৰ বাবে তেওঁক কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ তাতেই তেওঁৰ দেহত মাৰাত্মক ক’ৰোনাৰ সংক্রমণ ধৰা পৰে৷ ইয়াৰ পাছতে প্রাক্তন আমোলাগৰাকীক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়৷ বিগত ২৩ এপ্রিলৰ পৰা তেওঁৰ স্বাস্থ্যৰ ক্রমাৎ অৱনতি ঘটিবলৈ আৰম্ভ কৰে৷ চাৰি দিনৰ জীৱন–মৃত্যুৰ যুঁজৰ অন্তত আজি দুপৰীয়া ৰাজ্যৰ প্রথমগৰাকী মহিলা আই এ এছ বিষয়াই শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখ্য যে পাৰুল দেৱী দাসৰ জন্ম হৈছিল ১৯৫০ চনত বর্তমান শিৱসাগৰ জিলাৰ নাজিৰাত৷ পিতৃ আছিল ৰামনাথ দাস আৰু মাতৃ উর্মিলা দেৱী দাস৷ ৰামনাথ দাসে ১৯৫৪ চনত অসম চৰকাৰৰ বন বিভাগৰ কেবিনেট মন্ত্রী হিচাপেও কার্যনির্বাহ কৰিছিল৷ সেই সময়ত অসমৰ ৰাজধানী আছিল শ্বিলঙত৷ সেয়ে পাৰুল দেৱী দাসে নাজিৰাৰ লগতে শ্বিলঙতো স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ইয়াৰ পাছতে ১৯৭৪ চনত সর্বভাৰতীয় অসামৰিক সেৱাৰ বাবে নির্বাচিত হয়৷ অবিবাহিত হৈ ৰোৱা বিষয়াগৰাকীয়ে চাকৰি কালত মীন, বন আদি বিভাগত দক্ষতাৰে কার্যনির্বাহ কৰাৰ লগতে মধ্য অসমৰ আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছিল৷

অৱসৰৰ সময়ত তেওঁ আছিল অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব৷ প্রণিধানযোগ্য যে পাৰুল দেৱী দাসৰ ছগৰাকী ভাতৃ–ভগ্ণীৰ ভিতৰত শিৱপ্রসাদ দাসে ভাৰতীয় বন সেৱাৰ বিষয়া আৰু নৱ কুমাৰ দাসে অসম চৰকাৰৰ মুখ্য সচিব হিচাপে সেৱা আগবঢ়াইছিল৷ প্রয়াত ভাতৃ টংকেশ্বৰ দাস আছিল ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ৷ ইয়াৰ উপৰি মৃত্যুৰ সময়ত দুই ভগ্ণী ছায়া হাজৰিকা আৰু জ্যোৎস্না দেৱীকো ইহসংসাৰত এৰি থৈ যায়৷ প্রয়াত পাৰুল দেৱী দাসৰ ৯৬ বছৰীয়া মাতৃও ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ৰ একেটা কক্ষতে চিকিৎসাধীন হৈ আছিল৷ সম্প্রতি তেওঁৰ স্বাস্থ্যৰ অৱস্থাও জটিল৷ ৰাজ্যৰ প্রথম মহিলা আই এ এছ বিষয়াগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে নিউ আর্ট প্লেয়ার্ছ, কামৰূপ নাট্য সমিতি, অসম অনুসূচিত জাতি ছাত্র সন্থা আদিয়ে শোক প্রকাশ কৰিছে৷
ক’ভিডত মৃত্যু ‘দ্য ছেণ্টিনেল’ৰ ফিচাৰ এডিটৰ আয়ুস্মান দত্তৰ
অসমত অব্যাহত আছে কাল ক’ৰোনাৰ বিভীষিকা৷ ক’ৰোনা সংক্রমিত হৈ আজি ৰাজ্যৰ এগৰাকী যুৱ সাংবাদিকৰ অকাল মৃত্যু হয়৷ ‘দ্য ছেণ্টিনেল’ কাকতৰ ফিচাৰ এডিটৰ আয়ুস্মান দত্তৰ দেহত দুদিন পূর্বে ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি৷ ততালিকে তেওঁক ভর্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷ কিন্তু অতি দ্রুতগতিত সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ আৰম্ভ কৰে৷ অৱশেষত আজি সন্ধিয়া যুৱ সাংবাদিকগৰাকীয়ে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে আয়ুস্মান দত্তৰ জন্ম হৈছিল ১৯৮৫ চনত৷ বিগত ১০ বছৰৰো অধিক সময় ধৰি তেওঁ ‘দ্য ছেণ্টিনেল’ কাকতৰ দেওবৰীয়া পৰিপূৰিকা ‘মিলাঞ্জ’ৰ সম্পাদনাৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে এগৰাকী সাংস্কৃতিক সংগঠক হিচাপেও সুপৰিচিত আছিল৷ যুৱ সাংবাদিকগৰাকীৰ অকাল মৃত্যুত ৰাজ্যৰ সংবাদ আৰু সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে৷
ঘগ্রাপাৰৰ ক’ৰোনাত আক্রান্ত ব্যৱসায়ী মজিবৰ ৰহমানৰ মৃত্যু
নলবাৰী জিলাৰ ঘগ্রাপাৰ প্রাথমিক স্বাস্থ্যকেন্দ্র তথা সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তর্গত লৰমা বটাকুছি গাঁৱৰ মজিবৰ ৰহমান (৫৫) নামৰ ক’ৰোনাত আক্রান্ত ব্যৱসায়ীজনৰ আজি দুপৰীয়া হোম কোৱাৰেণ্টাইনত থকা সময়তে মৃত্যু হয়৷ তেওঁ তিনিদিন পূর্বে ক’ভিডত আক্রান্ত হৈছিল৷ মজিবৰ ৰহমানৰ ইচ্ছানুসৰি ঘৰতে তেওঁক স্বাস্থ্য বিভাগে চিকিৎসা সেৱা অব্যাহত ৰাখিছিল৷ আজি মজিবৰ ৰহমানে মৃত্যুক আঁকোৱালি লয়৷ ইফালে, আজি তেওঁৰ পত্নী ৰেণু বিবিও ক’ভিড পজেটিভ ধৰা পৰিছে৷
চিৰাঙত প্রথমজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু
ক’ৰোনাৰ দ্বিতীয়টো জোৱাৰত চিৰাং জিলাৰ প্রথমজন ব্যক্তি হিচাপে জিলাখনৰ বাসুগাঁও চহৰৰ তিনি নং ৱার্ড তথা মেইন ৰোডৰ বাসিন্দা জীৱন চন্দ্র ঘোষৰ (৪৯) কালি মৃত্যু হয়৷ ক’ৰোনাত সংক্রমিত হৈ তেওঁ হোম কোৱাৰেণ্টাইনত আছিল৷ কালি সন্ধিয়াৰ ভাগত উশাহ–নিশাহৰ সমস্যাই দেখা দিয়াত পৰিয়ালৰ লোকে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও তাত অক্সিজেন সংযোগ কৰাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰে৷

You might also like