নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ প্ৰথমটো বানত আক্ৰান্ত পবিতৰা অভয়াৰণ্য; বন্যপ্ৰাণী সুৰক্ষাৰ দাবী মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৯ মে’: আবতৰীয়া বৰষুণত ৰাজ্যখনত সৃষ্টি হোৱা প্ৰথমটো বানত আক্ৰান্ত হৈছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বিচৰণস্থলী পবিতৰা অভয়াৰণ্য । লগতে বানৰ তলত ডুব গৈছে মায়ং অঞ্চলৰ বিস্তৰ কৃষিভূমি ।

আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আছুৰ দলটোৱে পবিতৰাৰ ৰেঞ্জাৰ মুকুল তামূলীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত আলোচনাতো মিলিত হয় । আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বিগত বৰ্ষৰ বানত পবিতৰাত দুটাকৈ গঁড় পোৱালীৰ বানত মৃত্যু হৈছিল । এই বৰ্ষত তেনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ হাইলেণ্ডসমূহ ভালদৰে নিৰ্মাণ কৰাৰ লগতে আন আন যাৱতীয় ব্যৱস্থা ল’বলৈ বনমন্ত্ৰীক আহ্বান জনাইছো । বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত হ’ব‌ই লাগিব ।

আনহাতে কৃষি নষ্ট হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা আছুৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে কয় যে মায়ং অঞ্চলত বছৰৰ প্ৰথমটো বানে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । এজন যুৱ খেতিয়কে ২০ বিঘাকৈ মাটিৰ খেতি নষ্ট হোৱাত হতাশগ্ৰস্ত হৈ আত্মহত্যা পৰ্যন্ত কৰিছে । এনে ঘটনা দুৰ্ভাগ্যজনক । চৰকাৰে কৃষকসকলক এই দুৰ্যোগৰ সময়ত যথোচিত সাহায্য দিয়ক ।

আছুৰ প্ৰতিনিধি দলটোত জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দিব্যজ্যোতি বৰুৱা, সহ: সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ লগতে মায়ং, মনহা আৰু ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত আছিল ।

You might also like