নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ বান সাহায্য নিধিলৈ অসম গেছ কোম্পানীৰ তিনি কোটি টকা

নিয়মীয়া বাৰ্তা,  ৯ জুলাই : ৰাজ্যখনৰ সাম্প্ৰতিক ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ সৰ্বাধিক ৰাজহ প্ৰদানকাৰী প্ৰতিষ্ঠান অসম গেছ কোম্পানীয়ে মুখ্যমন্ত্ৰীৰ বান সাহায্য নিধিলৈ তিনি কোটি টকা প্ৰদান কৰে। উল্লেখযোগ্য যে বিগত সময়ত ৰাজ্যখনৰ যিকোনো দুৰ্যোগৰ সময়ত সাহায্য আগবঢ়াই অহাৰ দৰে এইবাৰো অসম গেছ কোম্পানীয়ে দুৰ্যোগৰ মুহূৰ্তত বানপীড়িত ৰাইজক সকাহ দিবৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ এই ধনৰাশি আগবঢ়ায় । কালি বিয়লি মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত উপস্থিত হৈ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ আৰু পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ উপস্থিতিত অধ্যক্ষ বলীন চেতিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তিনি কোটি টকাৰ চেকখন অৰ্পণ কৰে। তদুপৰি অসম গেছ কোম্পানীৰ যুটীয়া অংশীদাৰিত্ব কোম্পানী ডিএনপিএলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ বান সাহায্য নিধিলৈ দুই কোটি টকাৰ চেক প্ৰদান কৰে ডি এন পি এলৰ উপাধ্যক্ষ অশ্বিনী পাইটে। উল্লেখযোগ্য যে ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা প্ৰতিষ্ঠানে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুয়োটা প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like