নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান আৰু অসম গেছ কোম্পানী লিমিটেডে নিজ নিজ স্থানত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। অসম গেছ কোম্পানী লিমিটেডৰ চৌহদত পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে পতাকা উত্তোলন কৰাৰ লগতে ৬৮নং বিএন চিআৰপিএফৰ সহযোগী কামাণ্ডেন্ট জে কে বাৰ্মাৰ নেতৃত্বত গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে। ইয়াৰ পাছতে উপস্থিত সকলোকে উদ্দেশ্যি স্বাধীনতা দিৱসৰ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে এম. ডি স্বৰ্গীয়াৰীয়ে। উক্ত অনুষ্ঠানতে দুলীয়াজান স্কুল অৱ মিউজিক এণ্ড আৰ্টচৰ ছাত্ৰ ছাত্ৰী সকলে দেশভক্তিমূলক গীত পৰিৱেশন আৰু জ্ঞানোস্তুতি ডান্স একাডেমীয়ে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। এই কাৰ্যসূচীত অসম গেছ কোম্পানীয়ে তিনিবৰণীয়া বেলুন উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰা লগতে কোম্পানীৰ নিৰাপত্তাৰক্ষীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শনেৰে অনুষ্ঠান সামৰণি পৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে গেছ কোম্পানীৰ এম ডিৰ লগতে মানৱ সম্পদ তথা প্ৰশাসন বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ধীমান্ত বৰ্মন, বিত্ত বিভাগৰ মহাপ্ৰৱন্ধক হৰেন চন্দ্ৰ মহন্ত, মানৱ সম্পদ বিভাগৰ প্ৰৱন্ধক উৎপল বৰগোঁহাই, নিৰাপত্তাৰক্ষী বিষয়া মুনীন্দ্ৰ গোৱালা আৰু অন্যান্য বিভাগীয় বিষয়া-কৰ্মচাৰী সকল। আনহাতে সন্ধিয়ালৈ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। একেদৰে দুলীয়াজান বিহুতলী প্ৰাংগণত অইলৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত অইলৰ মুখ্য আৱাসিক বিষয়া অতীন্দ্ৰ ৰয়চৌধুৰীয়ে পতাকা উত্তোলন কৰা লগতে ১২ টাকৈ ভিন্ন প্লাটুনৰ উপস্থিতিত গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা প্ৰমুখ্যে অইল ইণ্ডিয়াৰ অন্যান্য বিষয়া-কৰ্মচাৰী। অইল ইণ্ডিয়াৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাছতেই বিজেপি যুৱ মৰ্চা দুলীয়াজান মণ্ডলৰ উদ্যোগত দুলীয়াজান সমষ্টিৰ ৮টাকৈ পঞ্চায়তত বিজেপিৰ কাৰ্যকৰ্তাসকলে ২০০খন মটৰচাইকেলেৰে এক ৰেলী উলিয়ায়। পুৱা প্ৰায় ১০ বজাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উক্ত ৰেলী উদ্বোধন কৰা লগতে বিধায়ক তেৰছ গোৱালাসহ ৰেলীত অংশগ্ৰহণো কৰে। বিজেপিয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দুলীয়াজান সমষ্টিৰ অন্তগৰ্ত দুলীয়াজান পঞ্চায়ত, খেৰেমীয়া পঞ্চায়ত, কঠালগুৰী পঞ্চায়ত, টিপলিং পঞ্চায়ত, ৰঙাগড়া পঞ্চায়ত, ভাদৈ পঞ্চায়ত, বকুলনী পঞ্চায়ত আৰু নাওহলীয়া পঞ্চায়তত বাইক উলিয়ায়।
প্ৰেৰক কৃষ্ণা গগৈ