বানৰ ক্ষতিঃ ১০১৮ কোটি বিচাৰি অসমে পালে মাত্ৰ ৫১ কোটি টকা
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ৰাজ্যত বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে মাত্র ৫১.৫৩ কোটি টকাৰ সাহায্য৷ মঙলবাৰে লোকসভাৰ মজিয়াত উন্মোচিত হয় এই তথ্য৷ উল্লেখ্য যে ২০২১–২২ চনত বানত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ পৰা ১,০১৮.১৯ কোটি টকাৰ সহায় বিচাৰি আবেদন জনাহছিল৷ পিছে কেন্দ্রীয় চৰকাৰে সদ্যসমাপ্ত বিত্তীয় বর্ষটোত বানবিধ্বস্ত অসমৰ বাবে মাত্র ৫১.৫৩ কোটি টকাহে আবণ্টন জনাইছে৷ বানৰ ক্ষতিপূৰণৰ বাবে আবেদন জনোৱা পুঁজিৰ মাত্র ৫ শতাংশহে কেন্দ্রীয় চৰকাৰে আবণ্টন কৰিছে৷ লোকসভাৰ মজিয়াত কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে এই তথ্য প্রদান কৰে৷
সদনৰ প্রশ্নোত্তৰকালত বিজেপি সাংসদ সঞ্জয় কাকা পাটিলে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত মন্ত্রী ৰায়ে প্রদান কৰা বিবৃতিত দেখা গৈছে যে অসম চৰকাৰে বিচৰা ১,০১৮.১৯ কোটি টকাৰ বিপৰীতে মাত্র ৫১.৫৩ কোটি টকাত অনুমোদন জনালেও ডক্ত পৰিমাণৰ পুঁজিও পূর্বৰ বছৰবোৰত আবণ্টিত ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ পৰা মিলাই ল’বলৈ কোৱা হৈছে৷ অর্থাৎ পূর্বৰ দৰে যোৱা বিত্তীয় বর্ষতো ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ (এন ডি আৰ এফ) পৰা অসমক এটকাও আবণ্টন দিয়া নাই কেন্দ্রই৷ কোৱা হৈছে ৰাজ্যসমূহৰ বানপানীৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্রীয় গৃহ বিভাগে গঠন কৰা উচ্চ পর্যায়ৰ কমিটীয়েই কোনখন ৰাজ্যই কিমান ক্ষতিপূৰণ পাব সেয়া নির্ধাৰণ কৰি দিছে৷
বিভাগীয় ৰাজ্য মন্ত্রীজনে প্রদান কৰা তথ্যত দেখা গৈছে বানত ক্ষতিগ্রস্ত অসমে কেন্দ্রীয় চৰকাৰৰ পৰা সিমান সঁহাৰি লাভ কৰিব নোৱাৰিলেও ২০২১–২২ বিত্তীয় বর্ষত প্রাকৃতিক দুর্যোগ মোকাবিলাৰ বাবে গুজৰাটে ১,১৩৩.৩৫ কোটি টকাৰ আবণ্টন লাভ কৰিছে৷ তাৎপর্যপূর্ণভাৱে উচ্চ পর্যায়ৰ কমিটীয়ে নির্ধাৰণ কৰি দিয়াৰ পূর্বেই ১,১৩৩.৩৫ কোটি টকাৰ ভিতৰত কেন্দ্রীয় চৰকাৰে গুজৰাটক ১,০০০ কোটি টকা আগতীয়াকৈ মোকলাই দিছিল৷ আৰু উক্ত ধনখিনি আগবঢ়োৱা হৈছিল এন ডি আৰ এফ শিতানৰ পুঁজিৰ পৰাই৷ অনুৰূপভাৱে কর্ণাটকে ৯৯৬.৪৫ কোটি, মধ্যপ্রদেশে ৬০০.৫০ কোটি আৰু বিহাৰে ১,০৩৮.৯৬ কোটি টকা লাভ কৰিছে প্রাকৃতিক দুর্যোগৰ পৰা হোৱা ক্ষয়ক্ষতিৰ বাবে৷
লক্ষণীয়ভাৱে এই সকলোবোৰ ৰাজ্যহ এন ডি আৰ এফ শিতানৰ পৰাহ উক্ত বুজন পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, আম্পান চাহক্ল’নত ব্যাপকভাৱে বিপর্যস্ত পশ্চিমবংগয়ো আনকি ২০২১–২২ বিত্তীয় বর্ষত কেন্দ্রৰ পৰা ১,০৬১.৬৩ কোটি টকাৰ সহায় লাভ কৰিবলৈ সক্ষম হৈছে৷