নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদকপ্রাপ্তই পাব চৰকাৰী চাকৰি

অলিম্পিক স্বীকৃত খেল

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ এতিয়াৰে পৰা কমনৱেল্থ, এছিয়ান গেমছ, নেচনেল গেমছকে ধৰি অলিম্পিক স্বীকৃতিপ্রাপ্ত খেলত অসমৰ পৰা অংশগ্রহণ কৰি ৰাষ্ট্রীয় পদক লাভ কৰাসকলক ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিব৷ আজি সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সদনৰ প্রশ্ণোত্তৰ কালত বিধয়াক দুর্গাদাস বড়োৰ এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই সেই কথা প্রকাশ কৰি কয় যে এতিয়াৰে পৰা এই ব্যৱস্থা কার্যকৰী হ’ব৷ চৰকাৰে যিহেতু বিভিন্ন সময়ত নতুন নিযুক্তি প্রদান কৰি আহিছে, সেয়ে ক্রীড়া ক্ষেত্রত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা সেইসকল লোকক চৰকাৰী চাকৰিত নিযুক্তি দিয়াত অসুবিধা নহ’ব৷ শিক্ষাগত অর্হতা অনুযায়ী তেওঁলোকক নিযুক্তি দিয়া হ’ব৷

অৱশ্যে পূর্বতে যিসকলে অলিম্পিক স্বীকৃতিপ্রাপ্ত খেলত অংশগ্রহণ কৰি ৰাষ্ট্রীয় পদক লাভ কৰিছে, তেওঁলোকক ক্রীড়া পেন্সন প্রদান কৰা হ’ব৷ প্রতিমাহে তেওঁলোকে ৮ হাজাৰ টকাকৈ ক্রীড়া পেন্সন লাভ কৰিব৷ প্রয়োজনত এই পেন্সনৰ পৰিমাণ ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাজ্যৰ নগাঁও, যোৰহাট, তেজপুৰ, ডিব্রুগড়, কার্বি আংলং, পশ্চিম কার্বি আংলং আদি জিলাত যিদৰে বৃহৎ ষ্টেডিয়াম নির্মাণ কৰিছে, সেইদৰে আনবোৰ জিলাতো বৃহৎ ষ্টেডিয়াম নির্মাণৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাকী থকা জিলাসমূহ জিলা ক্রীড়া প্রকল্পৰ প্রস্তাৱ দিলে অহা ৫ বছৰৰ ভিতৰত চৰকাৰে সেয়া নির্মাণ কৰিব৷

আনকি ষ্টেডিয়াম কমিটীক চৰকাৰে প্রতিবছৰে ৫ লাখ টকাকৈ এক আর্থিক অনুদান আগবঢ়াব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই পুঁজিৰে তেওঁলোকে জিলা ক্রীড়া প্রকল্পত একোটা একাডেমী খুলিব পাৰিব৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই ষ্টেডিয়ামৰ পোষকতা কৰি কয় যে যোৱাবাৰ ছিগনেচাৰ প্রজেক্টৰৰ অধীনত ৫২খন ষ্টেডিয়াম নির্মাণৰ প্রস্তাৱ আহিছিল৷ সেই কামৰ অগ্রগতি সম্পর্কে বিধায়কসকলক চোৱাচিতা কৰিবলৈ তেওঁ আহ্বান জনায়৷ ষ্টেডিয়াম নথকা সমষ্টিৰ বিধায়কসকলক তেওঁলোকৰ সমষ্টিত ষ্টেডিয়াম স্থাপনৰ বাবে প্রয়োজনীয় মাটি দেখুৱাই চৰকাৰক প্রস্তাৱ দাখিলৰ আহ্বান জনায়৷ বিধায়কসকলক ষ্টেডিয়ামৰ বাবে মাটি দেখুৱাই দিয়াৰ ক্ষেত্রত ফিলআপ কৰিব নলগা মাটি দেখুৱাবলৈ তেওঁ অনুৰোধ কৰে৷

সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সকলো বিষয়ৰ ওপৰত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে অচিৰেই সিদ্ধান্ত গ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে অসম বিধানসভাই আজি অথবা কাইলৈ এইবাৰ বিশ্ব ক্রীড়া মহোৎসৱ অলিম্পিকলৈ যোৱা অসমৰ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই প্রস্তাৱ গ্রহণ কৰিব বুলি সদৰী কৰে৷ ইপিনে সদনত মুখ্যমন্ত্রী ড০ শর্মাই আজি এক যুগান্তকাৰী সিদ্ধান্ত দিছে বুলি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মন্তব্য কৰে৷ স্বাস্থ্যমন্ত্রী মহন্তই সদনত কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ এই যুগান্তকাৰী সিদ্ধান্তই অসমৰ ক্রীড়া জগতক বহু দূৰ আগুৱাই নিলে৷

You might also like