নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক লৈ আতংকিত হোৱাৰ প্রয়োজন নাই

ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰিলে স্বাস্থ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ ক’ৰোনাৰ সংক্রমণে পৰিৱেশ অধিক ভয়াৱহ কৰি তোলাৰ সময়তে ৰাজ্যবাসীক আতংকিত হোৱাৰ প্রয়োজন নাই বুলি আশ্বস্ত কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ মন্তব্য– ক’ভিড আক্রান্তৰ চিকিৎসাৰ বাবে সকলো ধৰণে সাজু চৰকাৰ তথা স্বাস্থ্য বিভাগ৷ সকলো চিকিৎসালয়তে ক’ভিড ৰোগীৰ বাবে মজুত আছে পর্যাপ্ত বিছনা, আই চি ইউ আৰু অক্সিজেন৷ উল্লেখ্য যে ক’ভিড আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ ক’ভিডৰ সংক্রমণক লৈ চৌদিশে সৃষ্টি হোৱা শংকাৰ মাজতে সোমবাৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্ উল্লেখ কৰে যে ক’ভিড আক্রান্তৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) লগতে প্রতিখন ক’ভিড চিকিৎসালয় সম্পূর্ণৰূপে সাজু৷

অহা দহ দিনৰ বাবে চিকিৎসালয়ৰ বিছনা আৰু আই চি ইউৰ কোনো অভাৱ নহ’ব৷ জি এম চি এইচত আজি এখন সংবাদ মেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত এক বিস্তৃত তথ্য দাঙি ধৰি কয়– অহা দহ দিনলৈ অভাৱ নহয় ক’ভিড ৰোগীৰ বাবে বিছনা আৰু আই চি ইউ৷ জি এম চি এইচত ক’ভিড ৰোগীৰ বাবে বর্তমান ৮৬৫খন বিছনা আছে৷ আনহাতে, পূর্বে থকা ১৩টা আই চি ইউৰ সংখ্যা ৯২লৈ বৃদ্ধি কৰা হৈছে৷ একেদৰে মহেন্দ্র মোহন চৌধুৰী হাস্পতালত (এম এম চি এইচ) ২৪টা আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়ত ৩৮টা আই চি ইউ আছে৷ সর্বমুঠ এই তিনিখন চিকিৎসালয়ত ১৫০খন আই চি ইউ বিছনা আছে৷ ইয়াৰে ৫২খন বিছনাত ৰোগী ভর্তি হৈ আছে৷ প্রায় ১০০খন আই চি ইউ বিছনা এতিয়াও খালী হৈ আছে৷ জি এম চি এইচৰ লগতে আয়ুর্বেদিক কলেজৰ ১২০খন, শিঙিমাৰী ক’ভিড হাস্পতালত ৯৪খন, শিলচৰত ৬৫খন, কলিতাকুছি আদর্শ চিকিৎসালয়ত ৬৭খন, কালাপাহাৰ চিকিৎসালয়ত ১৩৪খন আৰু সৰুসজাইত নতুনকৈ স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰত ৪৩০খন বিছনা আছে৷ মুঠ ২,১২০খন বিছনাৰ ভিতৰত বর্তমান ৩০০খন বিছনা খালী হৈ আছে৷ অহা সাত দিনৰ ভিতৰত ক’ভিড ৰোগীৰ বাবে বিছনাৰ কোনো অভাৱ নহ’ব৷

উল্লেখ্য যে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যাই ইতিমধ্যে দুই সহস্রাধিকৰ ওচৰ চাপিছে৷ আক্রান্তৰ সৰহসংখ্যকেই সংকটজনক অৱস্থালৈ যোৱা হেতু চিকিৎসালয়সমূহত আই চি ইউত ভর্তি হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই  এই দিশটো উল্লেখ কৰি কয় যে বর্তমান স্বাস্থ্য বিভাগৰ হাতত ক’ভিড ৰোগীৰ বাবে পর্যাপ্ত আই চি ইউ বিছনা আছে৷ জি এম চি এইচৰ লগতে এম এম চি এইচ আৰু কালাপাহাৰৰ আই চি ইউৰ প্রায় ১০০খন বিছনা খালী হৈ থকাৰ বিপৰীতে শিলচৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বিছনাৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷ অহা সপ্তাহৰ ভিতৰত শিলচৰত ৬০খন আৰু যোৰহাটত ৪০খন বিছনা বৃদ্ধি হ’ব৷ সেয়াই নহয়, স্বাস্থ্য বিভাগে জি এম চি এইচৰ পার্কিং এলেকা সাঙুৰি ৮ কোটি টকা ব্যয় সাপেক্ষে ২৫৪খন আই চি ইউ বিছনা সাজু কৰি তোলাৰ বাবে কাম আৰম্ভ কৰিছে৷ অহা দহ দিনৰ ভিতৰত এই বিছনাকেইখন সাজু হ’ব৷

ইফালে সৰুসজাইত আৰম্ভ কৰা ক’ভিড কেয়াৰ চেণ্টাৰত আজিৰে পৰা ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে৷ ৰাজ্যত অক্সিজেনৰ মজুত পর্যাপ্ত থকা বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি কয় যে অক্সিজেনক লৈ কোনো শংকাৰ প্রয়োজন নাই৷ গুৱাহাটীত তিনিটা, ডিফুত দুটা আৰু যোৰহাটত এটা অক্সিজেন প্রাণ্ট আছে৷ এই প্লাণ্টকেইটাত প্রতিদিনে ৫ মেট্রিকটন অক্সিজেন উৎপাদন কৰা হয়৷ ইয়াৰ উপৰি অচিৰেই ডিমাপুৰৰ এটা অক্সিজেন প্লাণ্ট আৰু বঙাইগাঁৱৰ এটা অক্সিজেন প্লাণ্ট কার্যকৰী কৰি তোলাৰ লক্ষ্যৰে কাইলৈ বুজাবুজি চুক্তি কৰা হ’ব৷ এই দুয়োটা প্লাণ্ট কার্যক্ষম হ’লে অসমত ৬০ মেট্রিকটন অক্সিজেন প্রতিদিনে উৎপাদন হ’ব৷ বর্তমান প্রতিদিনে ২০ মেট্রিকটন অক্সিজেনৰ প্রয়োজন হৈ আছে৷ ইয়াৰ বিপৰীতে কাইলৈৰ পৰা অসমে প্রতিদিনে লাভ কৰিব ৬০ মেট্রিকটন অক্সিজেন৷

আনহাতে, ক’ৰোনাত গুৰুতৰভাৱে আক্রান্ত হোৱা ৰোগীক প্রয়োজন হোৱা ৰেমডেছিভিৰ ইনজেকচন ৰাজ্যত পর্যাপ্ত পৰিমাণে মজুত থকা বুলি উল্লেখ কৰি  স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– ক’ৰোনা আক্রান্তসকলক সকাহ দিয়াৰ বাবে স্বাস্থ্য বিভাগে যোৱা ১০ দিনত যিদৰে প্রায় ২০০ আই চি ইউ বিছনা সাজু কৰি তুলিছে, সমান্তৰালভাৱে গুৰুতৰভাৱে আক্রান্ত হোৱাসকলৰ বাবে প্রয়োজন হোৱা ৰেমডেছিভিৰ ইনজেকচনো পর্যাপ্ত পৰিমাণে মজুত কৰি ৰাখিছে স্বাস্থ্য বিভাগে৷ বর্তমান বিভাগৰ হাতত ২৫ হাজাৰ ৰেমডেছিভিৰ ইনজেকচন মজুত আছে৷ ইয়াৰে ১,৫০০ ইনজেকচন নার্ছিং হোমৰ বাবে ৰখাৰ বিপৰীতে এহেজাৰ ৰেমডেছিভিৰ প্রবাসী অসমীয়াৰ বাবে মজুত কৰি ৰখা হৈছে৷

আনহাতে, ২২ হাজাৰ ৰেমডেছিভিৰ ইনজেকচন সাধাৰণ আক্রান্তৰ বাবে মজুত কৰা হৈছে৷ চৰকাৰে ইতিমধ্যে এই ইনজেকচনৰ সুলভ মূল্য হিচাপে ১,৫৬৮ টকা নির্ধাৰণ কৰি দিছে৷ অৱশ্যে বি পি এল অথবা দুখীয়া লোকক এই ইনজেকচন সম্পূর্ণ বিনামূলীয়াকৈ প্রদান কৰা হ’ব৷ ইফলে ৰাজ্যত ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ প্রসংগত আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ উল্লেখ কৰে যে বিগত সপ্তাহত ক’ৰোনা সংক্রমণ কিছু বৃদ্ধি পাইছে যদিও আশংকা কৰা ধৰণে বৃদ্ধি পোৱা নাই৷ ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধিৰ ফলত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও পৰিস্থিতি চৰকাৰৰ নিয়ন্ত্রণত আছে৷ কিন্তু এই সপ্তাহত ক’ৰোনা আক্রান্তৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

You might also like