নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত মাত্র এবছৰতে ৫.৬০ লাখ ভোটাৰ বৃদ্ধি

🔹 ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ নির্বাচন আয়োগৰ

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মাত্র এটা বছৰৰ ব্যৱধানতে ৰাজ্যত অভিলেখ হাৰত বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা৷ পূর্বনির্ধাৰিত সময়সূচী অনুসৰি কালি ৩৫খন জিলাৰ ১২৬টা বিধানসভা সমষ্টিৰ সংক্ষিপ্ত সংশোধনীৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে দেশৰ নির্বাচন আয়োগে৷ চলিত বর্ষৰ পহিলা জানুৱাৰীক ইয়াৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে৷ প্রকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি অসমত গণতান্ত্রিক অধিকাৰ সাব্যস্তকৰণৰ বাবে যোগ্য মুঠ নাগৰিক হৈছেগৈ ২,৪৮,৬১,৯৭৯জন৷ ইয়াৰে ১,২৪,১৭,৬২২জন পুৰুষ হোৱাৰ বিপৰীতে ১,২৪,৪৩,৯৬৭গৰাকী মহিলা৷ তৃতীয় লিংগৰ ভোটাৰ আছে ৩৯০গৰাকী৷ লক্ষণীয়ভাৱে বিগত বর্ষত চূড়ান্ত তালিকাত নাম সন্নিৱিষ্ট হৈছিল মুঠ ২,৪৩,০১,৯৬০জন ভোটাৰৰ৷ ইয়াৰে ১,২১,৭৯,৩৫৮জন পুৰুষ আৰু ১,২১,২২,১৮৮গৰাকী আছিল মহিলা৷ এই হিচাপত এটা বছৰতে অসমত ভোটাৰৰ সংখ্যা ৫,৬০,০১৯জন বৃদ্ধি পাইছে৷ পুৰুষৰ তুলনাত বাঢ়িছে মহিলা ভোটাৰৰ সংখ্যা৷ তুলনামূলকভাৱে চালে এই সময়ছোৱাত মহিলা ভোটাৰৰ সংখ্যা ৩,২১,৭৭৯গৰাকী বৃদ্ধি পাইছে৷ পুৰুষৰ ক্ষেত্রত এই সংখ্যা হ’ল ২,৩৮,২৬৪জন৷ সর্বাধিকসংখ্যক ভোটাৰ বৃদ্ধি হৈছে কাছাৰ জিলাত৷ বিগত বর্ষতকৈ জিলাখনৰ অন্তর্গত সাতটা বিধানসভা সমষ্টিত ৪১,৯৮৬জন ভোটাৰ এইবাৰ বাঢ়িছে৷ ইয়াৰ পিছতে আছে বৰাক উপত্যকাৰ আন এখন জিলা কৰিমগঞ্জ৷ য’ত ৪টা বিধানসভা সমষ্টিত ২৯,৯৯৭জন ভোটাৰ বাঢ়িছে৷ এইক্ষেত্রত তৃতীয় স্থানত থকা ধুবুৰী জিলাত পাঁচটা বিধানসভা সমষ্টিত ভোটাৰ বৃদ্ধি হৈছে ২৯,৩৩২জন৷ চৰাইদেউ জিলাত আটাইতকৈ কম বৃদ্ধি হৈছে ভোটাৰ৷ জিলাখনৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিক লগ লগাই মাত্র ১,৬৮৮জন ভোটাৰহে বাঢ়িছে৷ সেইদৰে কোকৰাঝাৰ জিলাৰ ৫ বিধানসভা সমষ্টিত ১৩,৫৫৬জন, দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ এটা বিধানসভা সমষ্টিত ৭,২৬৫জন, গোৱালপাৰা জিলাৰ ৪টা বিধানসভা সমষ্টিত ১৫,১৫৬জন, বঙাইগাঁও জিলাৰ ৩টা বিধানসভা সমষ্টিত ১৩,৩৫৯জন, চিৰাং জিলাৰ দুই বিধানসভা সমষ্টিত ৮,৯১৪জন, বৰপেটা জিলাৰ ৪ বিধানসভা সমষ্টিত ২৮,৪৮১জন, বজালী জিলাৰ দুই বিধানসভা সমষ্টিত ৭,২০০জন, কামৰূপ জিলাৰ ৬ বিধানসভা সমষ্টিত ২৬,৮৯৭জন আৰু কামৰূপ মহানগৰ জিলাৰ ৫ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে ১৭,৩২১জন৷ ৰাজ্যৰ আন আন জিলা তথা বিধানসভা সমষ্টিতো এই এটা বছৰৰ ভিতৰতে ভোটাৰৰ সংখ্যা বাঢ়িছে৷ চূড়ান্ত তালিকাৰ তথ্য মতে, নলবাৰী জিলাৰ তিনি বিধানসভা সমষ্টিত ১১,৫৫৬জন, বাক্সা–তামুলপুৰ জিলাৰ ৪ সমষ্টিত ১৯,৭০৫জন, ওদালগুৰি জিলাৰ ৪ সমষ্টিত ৮,৩৫১জন, দৰং জিলাৰ ৩ বিধানসভা সমষ্টিত ২৭,৫৫৯জন, মৰিগাঁও জিলাৰ ৩ বিধানসভা সমষ্টিত ২৪,৫১৪জন, নগাঁও জিলাৰ ৭ বিধানসভা সমষ্টিত ২৭,৬৫০জন, হোজাই জিলাৰ ৩ বিধানসভা সমষ্টিত ১৭,২১১জন, শোণিতপুৰ জিলাৰ ৫ বিধানসভা সমষ্টিত ১৮,০৯৪জন, বিশ্বনাথ জিলাৰ ৩ বিধানসভা সমষ্টিত ৮,২৭৮জন আৰু লখিমপুৰ জিলাৰ ৫ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ২২,৮৩৭জন পর্যন্ত বৃদ্ধি পাইছে৷ ধেমাজি জিলাৰ ক্ষেত্রত ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে ১৬,৯৮০জন৷ জিলাখনত তিনিটা বিধানসভা সমষ্টি আছে৷ তিনিচুকীয়া জিলাত ৬ বিধানসভা সমষ্টিত ১৭,১৬৮জন, ডিব্রুগড় জিলাৰ ৬ বিধানসভা সমষ্টিত ১৭,৫৯২জন, শিৱসাগৰ জিলাৰ ৩ বিধানসভা সমষ্টিত ৭,০০৭জন, মাজুলী জিলা তথা বিধানসভা সমষ্টিটোত ৩,৬৬২জন, যোৰহাট জিলাৰ ৪ বিধানসভা সমষ্টিত ১২,৫৭২জন, গোলাঘাট জিলাৰ ৫ বিধানসভা সমষ্টিত ২২,৬৬৪জন, কার্বি আংলং জিলাৰ ৩ বিধানসভা সমষ্টিত ১৩,০৯২জন, পশ্চিম কার্বি আংলং জিলাৰ দুই বিধানসভা সমষ্টিত ৪,২৯৪জন, ডিমা হাছাও জিলাৰ এটা বিধানসভা সমষ্টিত ২,৮৯৬জন আৰু হাইলাকান্দি জিলাৰ দুটা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ১৫,১৮৫জন৷ অসমৰ মুখ্য নির্বাচনী বিষয়া কার্যালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি এইবাৰ ১৮–১৯ বছৰ বয়সৰ যুৱপ্রজন্মৰ তালিকাত নাম অন্তর্ভুক্তিৰ আগ্রহৰ বাবেই প্রধানতঃ এনেদৰে অভিলেখ হাৰত ভোটাৰ ৰাজ্যখনত বৃদ্ধি হৈছে৷ কালি প্রকাশিত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়, সম–জিলা আয়ুক্তৰ কার্যালয়ৰ লগতে বুথ পর্যায়ৰ বিষয়া (বিএলঅ’)ৰ ওচৰত উপলব্ধ হ’ব৷ ইফালে, ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাতে ৰাজ্যখনৰ ভোটকেন্দ্রৰ সংখ্যা নির্ধাৰণ কৰি দিয়া হৈছে৷ সেই অনুসৰি অসমত মুঠ ভোটকেন্দ্র হ’ব ২৯,৬৫৬টা৷

 

You might also like