দেৱভূমি উত্তৰাখণ্ড ৰাষ্ট্রীয় ক্রীড়াত ৰূপেৰে উজলিছে অসম
🔹 ৫ পদকেৰে অভিযান সামৰিলে উশ্বু দলে : ফুটবলৰ ছেমিত পুৰুষ দল
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : দেৱভূমি উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত কালি অসমে তিনিটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰি সাফল্যৰ গৌৰৱময় যাত্রা অব্যাহত ৰাখিছে৷ কালি অসমৰ খেলুৱৈয়ে পুনৰ চাৰিওটা পদকে উশ্বু, ভাৰোত্তোলন আৰু সাঁতোৰত লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্রতিযোগিতাৰ পঞ্চম দিনটোত অসমৰ পদকৰ সংখ্যা বাৰটালৈ বৃদ্ধি পাইছে৷ অৱশ্যে এতিয়াও অসমৰ কোনো খেলুৱৈয়ে সোণৰ পদক লাভ কৰা নাই৷ ইফালে, কালিৰে পৰা আৰম্ভ হোৱা বক্সিং আৰু লনবলতো অসমে জয়েৰে প্রত্যাশিত অভিযান আৰম্ভ কৰিছে৷ কালি সাঁতোৰত অসমে দুটা পদক লাভ কৰিবলৈ সক্ষম হয়৷ পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ ৱাটাৰফ্লাইত বিক্রম চাংমাই ৰূপ অর্জন কৰাৰ বিপৰীতে আস্থা চৌধুৰীয়ে ব্রঞ্জ লাভ কৰে৷ উল্লেখ্য যে সাঁতোৰৰ প্রথম দিনা এশ মিটাৰ ৱাটাৰফ্লাইত ব্যর্থতাৰে ৰাজ্যবাসীক নিৰাশ কৰা বিক্রম আৰু আস্থাহ কালি দৃঢ়তা প্রদর্শনেৰে সফল প্রত্যাৱর্তন কৰি কেৰিয়াৰৰ ক্রমাগত তৃতীয়খন ৰাষ্ট্রীয় ক্রীড়াত পদক জয় কৰিবলৈ সক্ষম হয়৷ বিক্রমে দুই মিনিট ৪.২৩ ছেকেণ্ড সময় লৈ গুজৰাট–গোৱাৰ পিছত পুনৰ দুশ মিটাৰ ৱাটাৰফ্লাইত পদক জয় কৰি ধাৰাবাহিকতা অব্যাহত ৰাখে৷ ইফালে, আস্থাই পূর্বৰ দূয়োখন ৰাষ্ট্রীয় ক্রীড়াতে দুশ মিটাৰ ৱাটাৰফ্লাইত সোণ লাভ কৰিছিল যদিও এইবাৰ দুই মিনিট ২৫.৩০ ছেকেণ্ড সময় লৈ ব্রঞ্জতে সন্তুষ্ট থাকে৷ উত্তৰাখণ্ডত সাঁতোৰত এয়া অসমৰ তৃতীয়টো পদক৷ ইতিমধ্যে হাল্ডিৱানীত চলি থকা সাঁতোৰত পৰহি অসম কন্যা শুভ্রাংশিনী প্রিয়দর্শনীয়ে ৮০০ মিটাৰ ফ্রী ষ্টাইলত ৰূপৰ পদক লাভ কৰিছিল৷ ইফালে, ডেৰাডুনৰ ম’নাল হলত চলি থকা ভাৰোত্তোলনত কালি অসমক তৃতীয়টো পদক দিয়ে সুদিত্য বৰুৱাই৷ পুৰুষৰ ৮৯ কিলোগ্রাম শাখাত খেলা অসমৰ নৱাগত ভাৰোত্তোলকজনে স্নেটছত ১৪১ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১৭৮ কিলোগ্রাম উত্তোলন কৰি ৰূপ জয় কৰে৷ উল্লেখ্য যে কেৰিয়াৰৰ প্রথমখন ৰাষ্ট্রীয় ক্রীড়াতে পদক জয় কৰিবলৈ সক্ষম হ’ল সুদিত্যই৷ হতিমধ্যে পৰহি মহিলাৰ ৬৪ কিলোগ্রাম শাখাত খেলা অসম কন্যা দিতিমণি সোণোৱালে ৰূপ তথা পুৰুষৰ ৬৭ কিলোগ্রাম শাখাত অসম সন্তান সিদ্ধান্ত গগৈয়ে ব্রঞ্জ লাভ কৰিছে৷ ইফালে, তিনিটা ৰূপ আৰু দুটা ব্রঞ্জসহ পাঁচটা পদক জয়েৰে ৰাষ্ট্রীয় ক্রীড়াৰ ইতিহাসত শ্রেষ্ঠ প্রদর্শন কৰি অসমৰ উশ্বু দলে উত্তৰাখণ্ডত সাফল্যৰ অভিযান সমাপ্ত কৰিলে৷ কালি অন্তিম দিনা মহিলাৰ ৭৫ কিলোগ্রাম ছান্দা ফ্রী ষ্টাইলৰ ফাইনেলত অৱতীর্ণ হোৱা অসমৰ খুড্রা পানগিং পৰাস্ত হৈ ৰূপ অর্জন কৰে৷ উল্লেখ্য যে উশ্বুৰ জৰিয়তেই চলিত ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত অসমে প্রথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছানমা ব্রহ্মই ৰূপ জয় কৰি গৌৰৱ লাভ কৰাৰ পাছত মহিলাৰ টাডলু শাখাত ৰূপ লাভ কৰে পদ্মিনী নার্জাৰীয়ে৷ আনহাতে, ব্রঞ্জ লাভ কৰে প্রিয়া বড়ো আৰু ইলিনা ৰাভাই৷ বিগত ৩৭সংখ্যক গোৱা ৰাষ্ট্রীয় ক্রীড়াতো অসমে উশ্বুত দুটা ৰূপ আৰু তিনিটা ব্রঞ্জ পদক জয় কৰিছিল৷ আনহাতে, গুজৰাট ৰাষ্ট্রীয় ক্রীড়াত অসমে তিনিটা পদক লাভ কৰিছিল৷ ইফালে, কালি ৰাষ্ট্রীয় ক্রীড়াত অভিযান আৰম্ভ কৰে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু কমনৱেলথ গেমছৰ স্বর্ণজয়ী নয়নমণি শহকীয়াই৷ দুই অসম গৌৰৱ ক্রীড়াবিদে প্রত্যাশিতভাৱে প্রথম খেলত জয়লাভ কৰিছে৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাৰ প্রথম ৰাউণ্ডৰ মেচত লাভলীনাই হাৰিয়ানাৰ পূজা ৰাণীক ৫–০ত পৰাস্ত কৰে৷ ইফালে, পুৰুষৰ ৭১ কিলোগ্রাম শাখাত অসমৰ নৱাগত বক্সাৰ অভিনৱ শহকীয়াই প্রথম ৰাউণ্ডৰ খেলত ৫–০ত পৰাস্ত কৰে গোৱাৰ নিখিল নায়কক৷ লনবলত মহিলাৰ এককত নয়নমণিৰ লগতে মহিলাৰ ফ’ছ, পুৰুষ ড্রিপল, ল’ৰা–ছোৱালীৰ ২৫ অনূর্ধ্ব আৰু পুৰুষ পেইছ শাখাৰ সকলো মেচত অসমৰ খেলুৱৈয়ে জয়লাভ কৰিছে৷ গোৱাত পাঁচটা সোণসহ ছটা পদক লাভ কৰা অসম লনবল দলে এইবাৰ দহটা পদক জয়ৰ লক্ষ্য লৈছে৷ ইফালে, অসমৰ পুৰুষ ফুটবল দলে ছেমিফাইনেলত প্রৱেশ কৰিছে৷ কালি অনুষ্ঠিত গ্রুপৰ দ্বিতীয়খন মেচত অসমে আয়োজক উত্তৰাখণ্ডক একমাত্র গ’লত পৰাস্ত কৰে৷ খেলখনৰ ৩২ মিনিটত টিমুথি নার্জাৰীয়ে অসমৰ হৈ বিজয়সূচক গ’লটো স্ক’ৰ কৰে৷