নিয়মীয়া বাৰ্তা, ৯ জুনঃ গোৱালপাৰা জিলাৰ মাটিয়াস্থিত এছিয়াৰ সৰ্ববৃহৎ ডিটেনচন কেম্প (মাটিয়া ট্ৰেনজিৎ কেম্প)ত আজি উপস্থিত হয় অসম মানৱ অধিকাৰ আয়োগৰ এটি সঁজাতী দল । অসম মানৱ অধিকাৰ আয়োগৰ সদস্য শান্তনু ভৰালীৰ নেতৃত্বত অহা দলটোৱে যোৱা জানুৱাৰী মাহত মুকলি কৰা ডিটেনচন কেম্পটো পৰিদৰ্শন কৰে আৰু ডিটেনচন কেম্পটোৰ সবিশেষ বুজ লয় । ডিটেনচন কেম্প পৰিদৰ্শন কৰি মানৱ অধিকাৰ আয়োগৰ সদস্য শান্তনু ভৰালীয়ে সাংবাদিকৰ আগত কয়- প্ৰায় পাঁচ মাহ পূৰ্বে মুকলি কৰা ডিটেনচন কেম্পটো কেনেদৰে চলিছে, সেই বিষয়ে জনাৰ উদ্দেশ্যে, লগতে যিসকল লোক ডিটেনচন কেম্পৰ দায়িত্বত আছে সেইসকল লোকে ভালদৰে চোৱাচিতা কৰিছে নে নাই, সেই গোটেইবোৰ দিশ পৰ্য্যবেক্ষণ কৰা হৈছে । তেওঁ লগতে কয়- বৰ্তমান কেম্পটোত পুৰুষ-মহিলা, ল’ৰা-ছোৱালী মিলি ২০৬গৰাকী লোক আছে ।আটায়ে ভালে ভালে আছে যদিও বহুকেইটা দিশ গুৰুত্বসহকাৰে লবলগীয়া আছে । বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, গাভৰু ছোৱালীসকলৰ বিয়া-বাৰুৰ কথাবোৰ মানবীয় দৃষ্টিভঙ্গীৰে চাব লাগিব । তদুপৰি ডিটেনচন কেম্পটো পৰিচালনা কৰাৰ বাবে যিসকল লোক দায়িত্বত আছে তেওঁলোকে ভালদৰে দায়িত্ব পালন কৰিছে নে নাই, মানৱ অধিকাৰ উলঙ্ঘন হৈছে নেকি, এই গোটেইবোৰ দিশ পৰ্য্যবেক্ষণ কৰি আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিম আৰু সেই প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰিম বুলি অসম মানৱ অধিকাৰ আয়োগৰ সদস্য শান্তনু ভৰালীয়ে উল্লেখ কৰে । অসম মানৱ অধিকাৰ আয়োগৰ সঁজাতী দলটোত শান্তনু ভৰালীৰ লগতে অসম চৰকাৰৰ আয়ুক্ত সচিব কমল কুমাৰ বৈশ্য, খণ্ড বিষয়া শেৱালি হৰ, আয়ুক্তৰ ব্যক্তিগত সচিব অৰুণ জিৎ সিং, গৱেষক সহায়ক জে টি বৰুৱাৰ লগতে কেইবাগৰাকী বিষয়ববীয়াই ডিটেনচন কেম্প পৰিদৰ্শন কৰে । সঁজাতী দলটোৰ লগত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেইবাগৰাকী বিষয়ববীয়ায়ো ডিটেনচন কেম্পত উপস্থিত হয় । বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপ-সভাপতি গোপাল সৰকাৰে সাংবাদিকৰ আগত কয়- ডিটেনচন কেম্পত অসমৰ বিভিন্ন জিলাৰ বহু “ডি” ভোটাৰ লোক কাৰাৰুদ্ধ হৈ আছে । তেওঁলোকক যাতে উচিত ব্যৱস্থাৰে মুক্ত কৰি দিয়া হয়, তাৰ বাবে অসম চৰকাৰক আহবান জনায় ।
প্ৰেৰক বেনজিন বড়ো