নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ভাৰতৰ দ্রুতগতিত বিকশিত ৰাজ্যসমূহৰ ভিতৰত অসমে দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে৷ অসমৰ স্থিৰ মূল্যত জিএছডিপি বিকাশৰ হাৰ ৭.৯৪ শতাংশলৈ বৃদ্ধি পাইছে৷ মাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰি কয় যে ৰাজ্যৰ অর্থনীতিৰ কিছুবছৰ পূর্বলৈ কল্পনাতীত এই পৰিসংখ্যাই অসমক এক নতুন গতি প্রদান কৰিছে৷ ২০১১–১২ বর্ষক ভিত্তি হিচাপে লৈ ২০২৪–২৫ বর্ষত জিএছডিপি বিকাশৰ ক্ষেত্রত অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশৰ পিছতে অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ জিএছডিপি বিকাশৰ ক্ষেত্রত অসমৰ তলত থকা ৰাজ্যসমূহ হৈছে– বিহাৰ, ছত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা হিমাচল প্রদেশ, ঝাৰখণ্ড, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, মহাৰাষ্ট্র, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলানডু, তেলেংগানা, ত্রিপুৰা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ, পুডুচেৰী আদি৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, অসমৰ বিনিয়োগকাৰী সমর্থন নীতি আৰু আন্তঃগাঁথনি, প্রতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্রত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ সূচনা কৰিছে৷ মন কৰিবলগীয়া এয়ে যে অসমৰ অর্থনৈতিক বিকাশে নতুন মাত্রা লাভ কৰাটোৱেই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ বৃদ্ধিকে প্রতিফলিত কৰিছে৷ ২০১৫–১৬ বর্ষত ৰাজ্যখনত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২,২৭,৯৫৯ কোটি টকাৰ বিপৰীতে জনমূৰি আয় ৬০,৮১৭ টকালৈ বৃদ্ধি পায়৷ ২০২১–২২ বর্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪,১১,৪৫৪ কোটি টকাৰ বিপৰীতে জনমূৰি আয় ১,০৩,৩৭০ টকালৈ বৃদ্ধি পায়৷ ২০২২–২৩ বর্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪,৯৩,১৬৭ কোটি টকাৰ বিপৰীতে জনমূৰি আয় ১,১৯,১৯২ টকালৈ বৃদ্ধি পায়৷ ২০২৩–২৪ বর্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫,৭০,৯৪৪ কোটি টকাৰ বিপৰীতে জনমূৰি আয় ১,৩৯,৭৮৩ টকালৈ বৃদ্ধি পায়৷ ২০২৪–২৫ বর্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬,৪৩,৬৬৭ কোটি টকাৰ বিপৰীতে জনমূৰি আয় ১,৫৪,২২২ টকালৈ বৃদ্ধি পায়৷ এই সময়ছোৱাত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ তুলনাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন লক্ষণীয়ভাৱে বৃদ্ধি পোৱাটো তাৎপর্যপূর্ণ৷ আনহাতে, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অনুপাতে গ্রহণ কৰা ঋণৰ হাৰৰ ক্ষেত্রত ভাৰতৰ ভিতৰতে আটাইতকৈ তলত থকা ৰাজ্যসমূহৰ ভিতৰত অসম৷ ২০২৩–২৪ বিত্তীয় বর্ষত অসমতকৈ দেশৰ ১৮খন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অনুপাতে ঋণ গ্রহণৰ তালিকাত উচ্চ স্থানত আছে৷ অসমতকৈ অধিক ঋণ গ্রহণ কৰি উচ্চ স্থানত থকা ৰাজ্যসমূহ হৈছে– পঞ্জাব, হিমাচল প্রদেশ, অৰুণাচল প্রদেশ, মণিপুৰ, পশ্চিমবংগ, কেৰালা, নাগালেণ্ড, ৰাজস্থান, মেঘালয়, বিহাৰ অন্ধ্রপ্রদেশ, ছিকিম, মিজোৰাম, উত্তৰ প্রদেশ, ত্রিপুৰা, হাৰিয়ানা, তামিলনাডু আৰু মধ্যপ্রদেশ৷