নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সাংবাদিকসকলৰ স্বপ্ৰতিভা প্ৰকাশেৰে মুখৰিত হ’ল লিডু। নাটক-ভাওনাৰ সংলাপ ,সাংবাদিক জীৱনৰ তিতা মিঠা অভিজ্ঞতা বাখ্যাৰে সাংবাদিকসকলে প্ৰমান কৰিলে সাংবাদিকতাৰ ওপৰি আছে স্বপ্ৰতিভাৰে এক সুকীয়া জীৱন। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত নিৰ্মীয়মান লিডু শাখা সাহিত্য সভা ভৱনত অসম বাৰ্তাজীৱী সংঘৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱসত এই সুন্দৰ পৰিবেশৰ সমাবেশ হয়। কাৰ্যসূচী অনুযায়া পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী পাতনি মেলে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় সদস্য ৰাণা জ্যোতি নেওগে স্মৃতি তৰ্পণ মুকলি কৰে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কৃপা প্ৰসাদ উপাধ্যায়ে। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ডঃ ঋষি দাসৰ পৌৰাহিত্যত অনুষ্ঠিত অনুষ্ঠানত প্ৰবীণ সাংবাদিক, বিশিষ্ট সাহিত্যিক জগত চাংমাই, তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক কাঞ্চন বৰা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ,অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চুফাতি পমুং, কাকপথাৰ প্ৰেছ ক্লাবৰ ৰাতুল কলিতা, প্ৰবীণ সাংবাদিক অৰ্জুন বৰুৱা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কোষাধ্যক্ষ দীনেশ গোৱেল, তিনিচুকীয়া প্ৰেছ ক্লাবৰ সম্পাদক চিন্ময় শৰ্মা, লিডু কলেজৰ উপাধ্যক্ষ ডঃ পবিত্ৰ গগৈ, অধ্যাপক প্ৰবীৰ জ্যোতি বৰা আদি উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্য বক্তা বক্তা হিচাপে অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ প্ৰাক্তন উপ সভাপতি কমল তালুকদাৰে অসম বাৰ্তাজীৱী সংঘৰ সংক্ষিপ্ত ইতিহাস দাঙি ধৰাৰ লগতে সাংবাদিক সকলৰ সমস্যা সমূহ সমাধানৰ বাবে অসম বাৰ্তা জীৱী সংঘই সদায় মাত মাতি আহিছে বুলি মন্তব্য কৰে। তদুপৰি সাংবাদিক সকলৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত আলোচনা আগবঢ়ায়।তাৰপাছতেই ৰাণা জ্যোতি নেওগে আত ধৰা অন্তৰঙ্গ আলাপ অনুষ্ঠানত ইন্দ্ৰজিত গগৈ আৰু প্ৰভাত বৰাই ভাওনাৰ সংলাপ,উজ্বল চৌধুৰীয়ে গীত,প্ৰাঞ্জল প্ৰতীম ভূঞা আৰু প্ৰবীৰ জ্যোতি বৰাই নাটকৰ সংলাপ, চিন্ময় শৰ্মা আৰু জগত চাংমাইয়ে সাংবাদিক জীৱনৰ ৰসাল অভিজ্ঞতা, কৃষ্ণ উপাধ্যায়ে কবিতা পাঠ আদি কেইবা গৰাকী সাংবাদিক আৰু অতিথিয়ে বিভিন্ন অনুষ্ঠান পৰিবেশনেৰে অনুষ্ঠান টি জীপাল কৰি তোলে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like