নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ পঞ্চদশ অসম বিধানসভাৰ চলিত বর্ষৰ শৰৎকালীন অধিৱেশন অহা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ অসম বিধানসভা সচিবালয়ে নির্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰত চৰকাৰী কার্যসূচীত থাকিব মৃত্যু প্রসংগ, প্রশ্ন শিতান, অধ্যক্ষই অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কার্যসূচী স্থিৰ কৰি কার্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা, অসম বিধানসভাৰ প্রক্রিয় আৰু কার্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নির্বাচনৰ বাবে প্রস্তাৱ, ২০২২–২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা আৰু চৰকাৰী বিধেয়কসমূহউপস্থা৷ ১৩ ছেপ্টেম্বত বে–চৰকাৰী সদস্যৰ কার্যসূচী অনুসৰি প্রশ্ণসমূহ, সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্রস্তাৱ, বিশেষ প্রস্তাৱ আদি৷ ১৫ ছেপ্টেম্বৰত চৰকাৰী কার্যসূচীত থাকিব প্রশ্ণসমূহ, ২০২২–২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন (নংIII) বিধেয়কসমূহউপস্থা, বিবেচনা তথা পাৰিতকৰণ৷ ১৬ ছেপ্টেম্বৰৰ চৰকাৰী কার্যসূচীত আছে প্রশ্ণসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি৷ ১৯ ছেপ্টেম্বৰৰ অন্তিম দিনৰ চৰকাৰী কার্যসূচীত আছে প্রশ্ণসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কার্যসূচী আৰু সদন স্থগিত৷

You might also like