নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশন; প্ৰথমবাৰৰ বাবে বিধানসভালৈ গল্ফ কাৰ্টত আহিলে বিধায়কসকল

১৬ মার্চত বিত্তমন্ত্রীৰ ২০২২–২৩ বর্ষৰ বাজেট

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন৷ অহা ১ এপ্রিললৈ চলিবলগীয়া এই বাজেট অধিৱেশনত মুঠ কর্মদিন হৈছে ১১ দিন৷ আজি ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছে বাজেট অধিৱেশনৰ কার্যক্রমণিকা৷ অহা ১৬ মার্চত বিত্তমন্ত্রী অজন্তা নেওগে ২০২২–২৩ বিত্তীয় বর্ষৰ বাজেট দাখিল কৰিব৷ বিত্তমন্ত্রী নেওগে এইবাৰ দাখিল কৰিবলগীয়া বাজেটখন হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ প্রথমখন পূর্ণাংগ বাজেট৷

আনহাতে, এইবাৰ বাজেট অধিৱেশনত মুঠ ১৩খন বিধেয়ক দাখিলৰ বাবে ইতিমধ্যে চৰকাৰে বিধানসভা কর্তৃপক্ষক অৱগত কৰিছে৷ ইয়াৰে দুখন বিধেয়ক হৈছে সম্পূর্ণ নতুন বিধেয়ক৷ সেই বিধেয়ক দুখন হৈছে গৃহ আৰু নগৰ পৰিক্রমা বিভাগৰ দ্য আছাম মিউনিচিপাল কর্প’ৰেচন বিল–২০২২ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্য ফায়াৰ এণ্ড ইমার্জেঞ্চী ছার্ভিচেছ বিল–২০২২৷ সেইদৰে আন ১১খন সংশোধনী আৰু ৰিপলিং বিধেয়কো এইবাৰ সদনত উত্থাপন হ’ব৷ সেই বিধেয়ককেইখন হৈছে– বিত্ত (কৰাৰোপণ) বিভাগৰ দ্য আছাম টেক্সেচন (লিকুইডেচন অৱ এৰিয়াৰ ডিউজ) (এমেণ্ডমেণ্ট) বিল ২০২২, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দ্য আছাম ষ্টেট কমিছন ফৰ মাইন’ৰিটিজ (এমেণ্ডমেণ্ট) বিল ২০২২, সমাজ কল্যাণ বিভাগৰ দ্য আছাম বৰষ্টাল ইনষ্টিটিউচন (ৰিপলিং) বিল ২০২২, দ্য আছাম চিলড্রেন (ৰিপলিং) বিল ২০২২, গৃহ আৰু নগৰ পৰিক্রমা বিভাগৰ দ্য গুৱাহাটী মিউনিচিপাল কর্প’ৰেচন (এমেণ্ডমেণ্ট) বিল ২০২২, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ দ্য আছাম ইণ্ডাষ্ট্রিয়েল ইনফ্রাষ্টাকচাৰ ডেভেলপমেণ্ট কর্প’ৰেচন (এমেণ্ডমেণ্ট) বিল ২০২২, বিত্ত (বাজেট) বিভাগৰ দ্য আছাম কণ্টিজেন্সী ফাণ্ড (আগমেণ্টেচন অৱ কৰপাছ) (এমেণ্ডমেণ্ট) বিল ২০২২, বিত্ত (অর্থনৈতিক পৰিক্রমা) বিভাগৰ দ্য আছাম ফিচকেল ৰেছপন্সিবিলিটী এণ্ড বাজেট মেনেজমেণ্ট (এমেণ্ডমেণ্ট) বিল ২০২২, পৰিৱেশ আৰু বন বিভাগৰ দ্য আছাম ফৰেষ্ট ৰেগুলেচন (এমেণ্ডমেণ্ট) বিল ২০২২ আৰু আবকাৰী বিভাগৰ দ্য আছাম এক্সাইছ ৰিপলিং বিল ২০২২ আৰু দ্য আছাম এক্সাইছ (এমেণ্ডমেণ্ট) বিল ২০২২৷

উল্লেখ্য যে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সদনত ভাষণ দিয়াৰ পাছত অহা ১৫ মার্চৰ দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতর্ক হ’ব৷ ইয়াৰ পাছত অহা ১৬ মার্চৰ দিনা বিত্তমন্ত্রী অজন্তা নেওগে ২০২২–২৩ বিত্তীয় বর্ষৰ বাজেট সদনত উত্থাপন কৰিব৷ অহা ১৭ মার্চ আৰু ২১ মার্চত সদনত বাজেটৰ ওপৰত আলোচনা চলিব৷ ইপিনে এইবাৰ বিধানসভাৰ অধিৱেশন কালত বিধায়কসকলে চৰকাৰী বিধায়ক আৱাসৰ পৰা নিজা বাহনেৰে বিধানসভালৈ অহাৰ পৰিৱর্তে বিধানসভা কর্তৃপক্ষই ব্যৱস্থা কৰা গল্ফ কার্টৰেহে সদনলৈ আহিব৷ বিধায়কসকলক বিধায়ক আৱাসৰ পৰা সদনলৈ অহা–যোৱাৰ বাবে বিধানসভা কর্তৃপক্ষই চাৰিখনকৈ গল্ফ কার্টৰ ব্যৱস্থা কৰিছে৷

You might also like