অসম মালাত নির্মাণ কৰিব ৮৯০ কিঃমিঃ পথ
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ৭ ফেব্রুৱাৰীত শুভাৰম্ভ কৰা অসম মালা আঁচনিয়ে অহা ১৫ বছৰৰ ভিতৰত ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথ আৰু গুৰুত্বপূর্ণ জিলা পথসমূহৰ উন্নয়ন সাধন কৰিব৷ দ্রুতগতিসম্পন্ন পথৰ সৈতে ৰাষ্ট্রীয় ঘাইপথ আৰু গ্রাম্য পথসমূহৰ মাজত আন্তঃসংযোগ ঘটাই অর্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাত এই আঁচনিখনে অৰিহণা যোগাব৷ শুকুৰবাৰে বিধানসভাত লেখানুদান ভাষণত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এই আঁচনিখনে ৰাজ্যিক পথ আন্তঃগাঁথনিক দক্ষিণ–পূব এছিয়াৰ অর্থনীতিৰ সমপর্যায়লৈ উন্নীত কৰাত অৰিহণা যোগাব৷ নিৰন্তৰ ক্ষেত্রীয় তথ্য সংগ্রহ আৰু ৰোড এছেট মেনেজমেণ্ট ছিষ্টেমৰ সংযোগ সাধনৰ জৰিয়তে ফলপ্রসূ পৰিচালনাৰ ভিত্তিত যিদৰে গুৰুত্ব প্রদান কৰা হৈছে, ই অতুলনীয় বিবেচিত হৈছে৷ আৰম্ভণিতে ৰাজ্য চৰকাৰ আৰু দুটাকৈ বহিঃসাহায্যপ্রাপ্ত প্রকল্প, যেনে– আছাম ছেকেণ্ডাৰী ৰোড নেটৱর্ক ইমপ্রুভমেণ্ট প্রজেক্ট আৰু আছাম ৰোড নেচৱর্ক ইমপ্রুভমেণ্ট প্রজেক্টৰ পৰা লাভ কৰা পুঁজিৰে ৮৯০ কিলোমিটাৰ পথ নির্মাণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ বিত্তীয় ব্যয় হ’ল ৮,২১০ কোটি টকা৷ এই আঁচনিখনৰ অধীনত ৩৪৩ কিলোমিটাৰ পথ নির্মাণৰ মঞ্জুৰি দিয়া হৈছে৷
ইতিমধ্যে প্রায় ১৫০ কোটি টকা ব্যয়েৰে ২৬ কিলোমিটাৰ পথ নির্মাণৰ কাম সম্পূর্ণ হৈ উঠিছে আৰু প্রায় ৫৫ কিলোমিটাৰ পথ নির্মাণৰ কাম চলি আছে৷ সেইদৰে ২০১৮–১৯ বিত্তীয় বর্ষৰ পৰা আৰম্ভ কৰা উত্তৰণ আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ১২৪টা বিধানসভা সমষ্টিত ছিগনেচাৰ প্রকল্প আৰম্ভ কৰা হৈছে৷ ইয়াৰে চিদলী, ওদালগুৰি, জাগীৰোড, ধিং, নগাঁও আৰু ডিব্রুগড় বিধানসভা সমষ্টিত ৬টা প্রকল্পৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ একেদৰে দীর্ঘদিন ধৰি অসমে কাঠৰ দলঙৰ বাবে বতৰ অনুকূল সংযোগ ব্যৱস্থাৰ ক্ষেত্রত বাধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে আন্তঃগাঁথনিগত এই ব্যৱধান দূৰ কৰাৰ লগতে এক দীর্ঘদিনীয়া অভাৱ পূৰণৰ উদ্দেশ্যে চৰকাৰে কাঠৰ দলংসমূহ স্থায়ী পকী দলঙলৈ উন্নীতকৰণৰ পদক্ষেপ হাতত লৈছে আৰু নতুন পকী দলং নির্মাণৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদান কৰিছে৷ এতিয়ালৈকে ২,০৪১খন দলঙৰ কাম আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে ৮৭০খন দলঙৰ কাম সম্পূর্ণ হৈছে৷