নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইলৰ ফ্লাছেৰেই অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসা!

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ চিকিৎসা সেৱাৰ নামত আজব কাণ্ড।উত্তৰ-পূৱৰ চিকিৎসাৰ অন্যতম প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া সন্ধিয়া হ’লেই মোবাইলৰ লাইটৰ পোহৰত চলে ৰোগীৰ চিকিৎসা। এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁঠনিৰ পয়ালগা অৱস্থাই উদঙালে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলাস্বৰূপ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসাৰ নামত সংঘটিত এক আজৱ কাণ্ডই সকলোৰে চকু কপালত তুলিছে। কেৱল সিমানেই নহয় সচকিত কৰিছে অভিভাৱক সকলক।অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত সন্ধিয়া ৫ বজাৰ লগে লগে বিদ্যুৎ কৰ্তনৰ ফলত মোবাইলৰ লাইটৰ পোহৰত ৰোগীক চিকিৎসা কৰে চিকিৎসকে।অলপতে এজন ৰোগীৰ অভিভাৱকে জৰুৰীকালীন বিভাগত চলা আজৱ চিকিৎসা ব্যৱস্থা আৱদ্ধ কৰি ৰাখিলে মোবাইলৰ কেমেৰাত। ইয়াৰ পিছতে ৰাজ্যৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্যযোগ্য যে, মহাৰজত জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ বিভাগ জৰুৰীকালীন বিভাগত সংঘটিত হোৱা এই ভয়ংকৰ কাণ্ডই আশ্বৰ্য প্ৰকাশ কৰিছে। ৰোগীৰ অভিভাৱকে নিজেই মোবাইলৰ লাইটৰ পোহৰত চিকিৎসা কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে। সন্ধিয়া হ’লেই সঘনাই বিদ্যুত কৰ্তন হ’লেও এ এম চিত থকা জেনেৰেটৰেও বিদ্যুতৰ ব্যৱস্থা যোগান ধৰিব নোৱাৰাটোৱেই চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি ব্যৱস্থাটোক লৈ প্ৰশ্ন উঠিছে।ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে চিকিৎসা মহাবিদ্যালয়ৰ নিজাববীয়াকৈ ৩৩ কে. ভি. বিদ্যুৎ ব্যৱস্থা আছে।তাৰোপৰি অসম চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্তভাবে আৰু এটা বিদ্যুৎ বিভাগৰ পৰা বেকআপ থাকে।যিটোৱে নেকি অলটাৰনেট হিচাপে কাম কৰে।কিন্তু সিদিনা দুয়োটা একে লগে কাট হৈ গৈছিল,যাৰ বাবে সম্পূৰ্ণ অসম চিকিৎসা মহাবিদ্যালয় অন্ধকাছন্ন হৈ পৰিছিল প্ৰায় ১০-১৫ মিটিত পৰ্যন্ত।বিভাগ অনুযায়ী অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ৩২ টা জেনেৰটৰ আছে।বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগে লগে সেই সমূহ চলাবলৈও কিছু সময়ৰ প্ৰয়োজন বুলি অধ্যক্ষ ডাঃ কাকতিয়ে উল্লেখ কৰে। 
প্ৰেৰক বিভাস দুৱৰা
You might also like