নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছার্চ কালেক্টৰৰ দ্বাৰা একেৰাহে দ্বিতীয় বর্ষৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্রত শ্রেষ্ঠ প্রদর্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে৷ দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই বঁটা প্রদান কৰা হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি সাফল্যৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ ৰোগীসকলৰ বাবে উন্নত আৰু ফলপ্রসূ চিকিৎসাৰ সুবিধাৰ বাবে আমি আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ এনে উচ্চমানৰ গৱেষণাক উৎসাহিত কৰি আহিছোঁ৷ বিশ্বাস কৰোঁ যে এনে কৃতিত্বই আন প্রতিষ্ঠানসমূহক গৱেষণাৰ মান উন্নত কৰিবলৈ অধিক উৎসাহিত কৰিব৷