নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অগপই মৰ্যাদাসহকাৰে মিত্ৰতা আগবঢ়াই নিবলৈ সক্ষম হৈছেঃ কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ নীতি-আদৰ্শৰ মিল থকা সৰু বৰ ৰাজনৈতিক দলসমূহ সময়ে সময়ে একত্ৰিত হয়, আৰু কেতিয়াবা পৃথকো হয়৷ সেয়া ৰাজনৈতিক প্ৰেক্ষাপটত সময়ে কৈ যায়৷ কিন্তু সেই প্ৰাসংগিকতা এতিয়া অহা নাই। কিয়নো ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটত অগপই যথেষ্ট মৰ্যাদা সহকাৰে মিত্ৰতা আগবঢ়াই নিবলৈ সক্ষম হৈছে৷ তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ৷ এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ৷ আজি পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষৰ দিনা পাঠশালা পৌৰসভাৰ ১নং ৱাৰ্ডৰ অগপ প্ৰাৰ্থী ৰাতুল ৰয়ৰ হৈ প্ৰচাৰ অভিযানত উপস্থিত হৈ সাংবাদিকেৰে হোৱা কথা বতৰাত এই মন্তব্য কৰে অগপ নেতা তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ পাঠশালা পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডতে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰি আঞ্চলিকতাবাদ সন্দৰ্ভত অগপ মন্ত্ৰী ফণীভূষণ চৌধুৰী কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে অগপৰ এগৰাকী জেষ্ঠ্য নেতা, যিগৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰে পৰাই এবাৰো পৰাজিত হোৱা নাই, যিগৰাকী নেতাই সদায়েই আমাক আগুৱাই দিয়ে সেইগৰাকী ফণীভূষণ চৌধুৰী ক্ষমতাৰ লুভীয়া নেতা কেতিয়াও নহয়৷ ক্ষমতাৰ মোহ তেওঁৰ পূৰ্বেও নাছিল, এতিয়াও নাই৷ তেওঁৰ বক্তব্য সম্পুৰ্ণৰূপে পৌৰ নিৰ্বাচন সংক্ৰান্তীয়, যি বক্তব্যৰ প্ৰাসংগিকতা আজিৰ পৰা শেষ হব৷ তেওঁ আৰু কয় যে বিগত ছয়টা বছৰ ধৰি অগপই বিজেপিৰ লগত সম্পুৰ্ণ মৰ্যদাসহকাৰে কাম কৰি আছে। য’ত কেতিয়াও হীনমন্যতাত ভুগিবলগীয়া পৰিৱেশ হোৱা নাই৷ মন্ত্ৰীগৰাকীক আজিৰ প্ৰচাৰ অভিযানত সংগ দিয়ে ভ্ৰাম্যমাণ নাট্যজগতৰ অন্যতম কাণ্ডাৰী কৃষ্ণ ৰয়,অগপ নেতা ধৰ্মেশ্বৰ ৰয়,জিন্টু চৌধুৰী,বুবুল আহমেদ, বিজেপিৰ নেতা খনীন দাস আদিয়ে। ইপিনে পাঠশালা পৌৰসভা এলেকাত আজি জেষ্ঠ মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে বজালী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই উলিওৱা বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি পাঠশালা পৌৰ সভাৰ দহোটা ৱাৰ্ডৰ চুকে কোনে প্ৰৱেশ কৰি তেওঁ কয় যে আমাৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বাবে আমাৰ লগত ওলাই আহিছে উৎসাহিত ৰাইজ। বজালী যুৱ মৰ্চাৰ সভাপতি চম্পক কাকতিৰ নেতৃত্বত উলিওৱা এই বাইক ৰেলীত সুৰজিত পাটগিৰী, কৈলাস চৌধুৰী,ৰাহুল দেৱ বৈশ্য আদি নেতা কৰ্মী উপস্থিত থাকে।
প্ৰেৰক কল্যাণ কলিতা

You might also like