নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামৰে অসমৰ সীমা বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বৰাক উপত্যকাৰ কাছাৰ–কৰিমগঞ্জ–হাইলাকান্দিৰ বৃহৎ ভূমিখণ্ডত মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাত মিজো লোকে আগ্রাসন চলাই অহাৰ সময়তে শনিবাৰে নিশাৰ ভাগত সীমান্তবাসী অসমীয়াৰ ওপৰত চলিল আক্রমণ৷ অকল আক্রমণ কৰাতেই ক্ষান্ত নাথাকি মিজো দুর্বৃত্তই জ্বলাই দিলে অসমীয়া লোকৰ ঘৰ–দোকান৷ এই ঘটনা সংঘটিত হয় কাছাৰ জিলাৰ লাইলাপুৰ এলেকাত৷ প্রকৃততে মিজোৰ আগ্রাসন তথা সীমা বিবাদক কেন্দ্র কৰি বিগত দুদিন ধৰি সীমান্তৱর্তী লাইলাপুৰ এলেকাৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল৷ ইয়াৰ মাজতে কালি দিনৰ ভাগত লাইলাপুৰৰ পৰা প্রায় ৫ কিলোমিটাৰ দূৰৰ হাৱাইথাঙৰ খুলিচ’ৰাত মিজোৰামৰ কোলাছিব জিলাৰ অন্তর্গত ভাইৰেংটে গাঁৱৰ একাংশ লোকে অসমৰ ভূমি দখলৰ চেষ্টা কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, অসমৰ ভূমি দখলত মিজোৰাম চৰকাৰে সম্পূর্ণৰূপে পৃষ্ঠপোষকতা আগবঢ়াইছে৷ অসম সীমান্তৰ দুই কিলোমিটাৰ ভিতৰত প্রৱেশ কৰি খুলিচ’ৰাত আনকি ক’ৰোনা আক্রান্তৰ তালাচীৰ নামত চেক প’ষ্টো বহুৱায়৷ ইয়াক কেন্দ্র কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্রপাত ঘটে৷ সমগ্র বিষয়টো আৰক্ষীক অৱগত কৰোৱাত তাৎক্ষণিকভাৱে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ অসমৰ লোকসকলে ইয়াৰ মাজতে মিজোৰামৰ চেক প’ষ্ট উৎখাত কৰে৷ কিন্তু ঘটনাৰ ইমানতে শাম নাকাটিল৷ নিশাৰ ভাগত মিজো দুর্বৃত্তই হাতে হাতে যাঠী–জোং, লাঠী আদি লৈ লাইলাপুৰত প্রৱেশ কৰি অসমীয়া লোকসকলৰ ওপৰত আক্রমণ চলায়৷ আগ্রাসী মিজোৱে ইমানতে ক্ষান্ত নাথাকি অসমীয়া লোকৰ বাসগৃহ আৰু দোকানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে পেট্র’ল বোমা৷ ফলত দাওদাওকৈ জ্বলি উঠে বহুকেইখন দোকান আৰু একাধিক পৰিয়ালৰ বাসগৃহ৷ অসমীয়া লোকসকলেও মিজো দুর্বৃত্তক উভতি ধৰে৷ স্থানীয় মছজিদৰ মাইকযোগে ৰাইজক ওলাই আহিবলৈ ঘোষণা কৰা হয়৷ লগে লগে সহস্রাধিক জনতা ওলাই আহে আৰু দুর্বৃত্তৰ দলক খেদি পঠিয়াবলৈ সক্ষম হয়৷ কিন্তু নির্দিষ্ট দূৰত্বত আশ্রয় লৈ অসমীয়া লোকক লক্ষ্য কৰি মিজো দুর্বৃত্তই পুনৰ পেট্র’ল বোমা নিক্ষেপ কৰে৷ মিজো দুর্বৃত্তৰ আক্রমণত স্থানীয় দুজন যুৱক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰে লাইলাপুৰৰ বাসিন্দা নাজিমুদ্দিন নামৰ যুৱকজনৰ অৱস্থা বর্তমান সংকটজনক৷ সেইদৰে বিপৰীত পক্ষৰো কেইবাজনো লোক এই ঘটনাত কম–বেছি পৰিমাণে আহত হয়৷
ঘটনাৰ খবৰ পোৱাৰ পাছতে লাইলাপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি এল মীনা, উপ–আৰক্ষী অধীক্ষক ভার্গৱ গোস্বামী আৰু ধলাই থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া চাহাবুদ্দিন বৰভূঞাই৷ ইতিমধ্যে সীমান্তৱর্তী এলেকাত আৰক্ষী আৰু চি আৰ পি এফৰ দল মোতায়েন কৰা হৈছে৷ এই ঘটনা সন্দর্ভত আৰক্ষী অধীক্ষক বি এল মীনাই কয় যে বর্তমানেও উত্তেজনা অব্যাহত আছে৷ কিন্তু পৰিস্থিতি নিয়ন্ত্রণাধীন৷ অসমৰ এজন লোক আহত হৈছে৷ কিন্তু এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভুৱা বাতৰি প্রকাশ পাইছে৷ তেওঁ অস্থায়ী বজাৰ আৰু দোকান ভস্মীভূত হোৱাটো নিশ্চিত কৰিছে৷ কালিৰ ঘটনাৰ পাছত আজি পুৱাৰ ভাগতো ৰাজপথলৈ ওলাই আহে লাইলাপুৰ–হাৱাইথাংব্৷ মিজোৰাম সীমান্তত উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে দেওবাৰে লাইলাপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বনমন্ত্রী পৰিমল শুক্লবৈদ্য, প্রাক্তন সাংসদ সুস্মিতা দেৱ আদিয়ে৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগত আছিল কাছাৰ জিলাৰ উপায়ুক্ত–আৰক্ষী অধীক্ষককে ধৰি প্রশাসনৰ শীর্ষস্থানীয় বিষয়াবর্গ৷ সমগ্র ঘটনাটোৰ উচ্চ পর্যায়ৰ তদন্ত আৰু শীঘ্রে বিষয়টো মীমাংসাৰ বাবে কাছাৰ জিলা প্রশাসনক বনমন্ত্রী শুক্লবৈদ্যই নির্দেশ দিয়ে৷ অসম চৰকাৰৰ হৈ লাইলাপুৰবাসীক সম্পূর্ণ সমর্থন আৰু সহযোগিতা আগবঢ়োৱাৰো প্রতিশ্রুতি দিয়ে বনমন্ত্রী শুক্লবৈদ্যই৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠীয়েও এই ঘটনাৰ বুজ লোৱাৰ লগতে কোলাচিব জিলাৰ আৰক্ষী অধীক্ষক বানলালফাকাৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত অসম–মিজোৰাম সীমান্তৱর্তী বিতর্কিত ভূমিত কোনো ধৰণৰ নির্মাণকার্য নকৰাৰ মৌখিক সিদ্ধান্ত গ্রহণ কৰা হয়৷ লগতে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে কোনো ধৰণৰ শিবিৰ স্থাপন নকৰাৰ আৰু অসমৰ লোকে পথ অৱৰোধ নকৰাৰো সিদ্ধান্ত লোৱা হয়৷ মন কৰিবলগীয়া যে অসমৰ ভূমিত আগ্রাসন চলোৱা মিজোৰামে ওলোটাই লাইলাপুৰবাসীৰ ওপৰতহে দোষ জাপি দিব বিচাৰিছে৷ কোলাছিব জিলাৰ উপায়ুক্ত এইচ লালথাংলিয়ানাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি লাইলাপুৰৰ লোকে সীমান্তত নিয়োজিত মিজোৰাম আৰক্ষী আৰু মিজো জনসাধাৰণক লক্ষ্য কৰি শিলাবর্ষণ কৰিছিল৷ তেতিয়াহে স্থানীয় মিজো লোকসকল ওলাই আহে৷ এই ঘটনাত মিজোৰামৰ তিনিজন লোক আহত হৈছে৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক আৰু বর্তমানে চিকিৎসাধীন হৈ আছে৷
উল্লেখ্য যে কাছাৰৰ উপৰি বৰাক উপত্যকাৰ আন দুখন জিলা কৰিমগঞ্জ আৰু হাইলাকান্দিৰো বৃহৎ ভূমিখণ্ডত মিজোৰামে আগ্রাসন চলাই আহিছে৷ অতি শেহতীয়াকৈ মিজোৰামৰ এজন মন্ত্রী আৰু তিনিজন বিধায়কৰ নেতৃত্বত যোৱা ১২ অক্টোবৰত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত চেৰাগী সংৰক্ষিত বনাঞ্চলৰ ছোটভূবি এলেকাত নির্মাণকার্য চলাইছিল৷ এই বিষয়টোক কেন্দ্র কৰি তীব্র উত্তেজনা বিৰাজ কৰাৰ সময়তে যোৱা ১৪ অক্টোবৰত কৰিমগঞ্জ জিলা প্রশাসনে মিজোৰামৰ মামিট জিলাৰ উপায়ুক্ত–আৰক্ষী অধীক্ষকৰ সৈতে এখন বৈঠকত মিলিত হয়৷ এই বৈঠকত দুয়োপক্ষই স্থিতাৱস্থা মানি চলাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কাছাৰ জিলা সংলগ্ণ সীমান্তত কালি নিশা সংঘটিত ঘটনাই মিজোৰামৰ আগ্রাসী মনোভাবকেই পুনৰ প্রকট কৰি তুলিলে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– লাইলাপুৰত অসমীয়া লোকৰ ওপৰত মিজোৱে চলোৱা আক্রমণৰ পাছতে আজি মিজোৰাম চৰকাৰে তাৎক্ষণিকভাৱে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ তাৰ মাজতেই মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাই এক টুইটযোগে সকলোকে শান্তি বর্তাই ৰখাৰ বাবে আহ্বান জনাই কয় যে কোনোৱে যাতে প্রশাসনিক প্রক্রিয়াক অতিক্রম কৰি নাযায়৷
সীমান্তৰ সংঘাত প্রধানমন্ত্রীৰ কার্যালয়–গৃহ মন্ত্রালয়ক অৱগত কৰিলে মুখ্যমন্ত্রীয়ে
অসম–মিজোৰাম সীমান্তত সংঘটিত সংঘাতৰ বিষয়ে দেওবাৰে টেলিফোনযোগে প্রধানমন্ত্রী কার্যালয় আৰু কেন্দ্রীয় গৃহ মন্ত্রালয়ক সবিশেষ অৱগত কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তদুপৰি মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাৰ সৈতেও সীমান্তত সংঘটিত ঘটনাৱলী সম্পর্কত মুখ্যমন্ত্রী সোণোৱালে টেলিফোনযোগে বার্তালাপ কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে দুয়োখন ৰাজ্যই সীমান্তত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্রশমনৰ বাবে ফলপ্রসূ পদক্ষেপ ল’ব লাগে৷ শান্তি–শৃংখলা অটুট ৰখাৰ ক্ষেত্রত দুয়োখন চৰকাৰে কাম কৰাৰ পোষকতা কৰাৰ লগতে তেওঁ সীমান্তৰ বিবাদ আলোচনাৰ মাধ্যমেৰেহে সমাধান কৰিব পৰা যাব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে সংঘাতৰ পৰিৱর্তে আলাপ–আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান সূত্র উলিওৱাটো সম্ভৱ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত উত্তৰ–পূর্বাঞ্চলে উন্নয়নৰ নতুন যাত্রা পথেৰে অগ্রসৰ হ’বলৈ সক্ষম হৈছে৷ উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত শান্তি–শৃংখলা অটুট ৰখাটো নিতান্তই প্রয়োজন৷ টেলিফোনযোগে হোৱা বার্তালাপৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাই দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি–শৃংখলা অটুট ৰখাৰ ক্ষেত্রত ইতিবাচকভাৱে কাম কৰাৰ আশ্বাস দিয়ে৷