নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত ৰাজ্যত প্রাণ গ’ল তিনিজনৰ

পজিটিভ ৩১৮

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  দেওবাৰে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৩গৰাকী লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি নগাঁৱৰ চন্দ্র বাল্মীকি (৪৫), যোৰহাটৰ দিলীপ শইকীয়া (৬০) আৰু হোজাইৰ তম্ভাসনা দেৱী (৭৯)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ দেওবাৰে মৃত্যুবৰণ কৰা লোকসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ ক’ভিডত মুঠ ৮৬৮গৰাকী লোকে প্রাণ হেৰুৱায়৷

আনহাতে, দেওবাৰে ৰাজ্যখনত নতুনকৈ ৩১৮গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৯৩গৰাকী গুৱাহাটী মহানগৰীৰ৷ দিনটোত মুঠ ১৩,৫৪৭গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ আজিৰ দিনটোত আক্রান্তৰ হাৰ ২.৩৫শতাংশ৷ ইপিনে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত দেওবাৰে ৫৯৯গৰাকী লোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ ৰাজ্যখনত মুঠ ২,০০,৭০৯গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে মুঠ ১,৭১,৬৮০গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন চিকিৎসালয়ত ২৮,১৫৮গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৮৫.৫৩ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১৪.০২ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৩ শতাংশ৷

You might also like