অগ্নিগৰ্ভ অসম–মিজোৰাম সীমান্ত ঘৰ এৰি পলায়ন আতংকিত অসমীয়া গঞাৰ
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ কাছাৰ জিলা সংলগ্ণ অসম–মিজোৰাম সীমান্তৰ উত্তেজনাই অগ্নিগৰ্ভ ৰূপ ধাৰণ কৰিছে৷ হাতে হাতে বন্দুক, লাঠী, ধনু–কাঁড়, দা–যাঠী–জোং লৈ মুকলিকৈ ঘূৰি ফুৰা আগ্রাসী মিজোৰ তাণ্ডৱত নিজৰ মাটিতেই উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে আতংকিত অসমীয়া গঞাই৷ দুর্বৃত্তৰ দলত যে অকল মিজো যুৱকেই আছে সেয়া নহয়, ইয়াত চামিল হৈছে একাংশ যুৱতীয়েও৷ মিজো দুর্বৃত্তৰ যুদ্ধংদেহি মনোভাবত সীমান্তবাসী অসমীয়া গঞা পৰিয়ালে ঘৰ এৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ অসমৰ সীমাৰ দিশৰ লাইলাপুৰ এলেকা তথা হাৱাইটাং বনখণ্ডৰ অন্তর্গত তিনি কিলোমিটাৰ ভূমি বেদখল কৰা মিজোৰাম চৰকাৰ–প্রশাসনে পৃষ্ঠপোষকতা আগবঢ়াইছে দুর্বৃত্তৰ দলৰ এই সমস্ত বে–আইনী কার্যকলাপত৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ হস্তক্ষেপত অসম–মিজোৰাম উভয় চৰকাৰৰ প্রতিনিধিৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো চুবুৰীয়া ৰাজ্যখনে কাছাৰ জিলাৰ বেদখলীকৃত মাটিৰ পৰা আৰক্ষী বাহিনী প্রত্যাহাৰ কৰা নাই৷ ইয়াৰ বিপৰীতে অসমৰ লোকৰ ঘৰ, দোকান জ্বলাই দিয়া তথা বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত কৰা মিজো দুর্বৃত্তক মিজোৰাম আৰক্ষীয়ে সুৰক্ষাহে প্রদান কৰি আহিছে৷ মিজোৰাম আৰক্ষীৰ সুৰক্ষা বেষ্টনীত থাকিয়েই দুর্বৃত্তৰ দলে অসমৰ মাটিত চলাই আহিছে ধাৰাবাহিক হিংসাত্মক কার্যকলাপ৷ সাধাৰণ লোকৰ কথা বাদেই, কাছাৰ জিলাৰ উপায়ুক্ত কীর্থি জল্লি আৰু আৰক্ষী অধীক্ষক বি এল মীনাক বন্দুক দেখুৱাই অসমৰ মাটিৰ পৰা আঁতৰি যাবলৈ মিজো দুর্বৃত্তই ভাবুকি দিয়া তথা পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কংগ্রেছৰ সঁজাতী দলক আক্রমণৰ লক্ষ্য কৰি লোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে সীমান্তত৷ এনে পৰিস্থিতিত সীমান্তৱর্তী অঞ্চলত বসবাস কৰা অসমীয়া গঞা ৰাইজৰ অৱস্থা কি হ’ব পাৰে, সেয়া সহজেই অনুমেয়৷
উল্লেখ্য যে কাছাৰ জিলা সংলগ্ণ অসম–মিজোৰাম সীমান্তত শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতি সৃষ্টি হৈছিল যোৱা ১৭ অক্টোবৰত৷ সেই দিনা নিশা মিজো দুর্বৃত্তই লাইলাপুৰ এলেকাৰ কেইবাটাও অসমীয়া পৰিয়ালৰ বাসগৃহৰ লগতে দোকান–ঘৰত অগ্ণিসংযোগ কৰিছিল৷ ইয়াৰ পাছৰে পৰা সীমান্তত অব্যাহত আছে মিজো দুর্বৃত্তৰ তাণ্ডৱ৷ যোৱা ২৪ অক্টোবৰত মিজো দুর্বৃত্তই লাইলাপুৰ এলেকাৰ ৯৯০নং ধলাখাল প্রাথমিক বিদ্যালয়খন বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়ে৷ ইয়াৰ পাছত জংঘললৈ বাঁহ–খৰি কাটিবলৈ যোৱা ইন্তাজুল লস্কৰ নামৰ অসমৰ লোক এজনক অপহৰণ কৰি নি বর্বৰোচিতভাৱে হত্যা কৰে৷ ইমানতে সীমাবদ্ধ থকা নাই মিজো দুর্বৃত্তৰ হিংসাত্মক কার্যকলাপ৷ যোৱা শুকুৰবাৰে নিশা প্রায় দুই বজাত খুলিচড়া আপাৰ পাইনম আপগ্রেডেড প্রাথমিক বিদ্যালয়খনতো বোমা বিস্ফোৰণ সংঘটিত কৰে৷ বোমা বিস্ফোৰণত বিস্তৰ ক্ষতি হৈছে কাছাৰ জিলাৰ নৰসিংপুৰ শিক্ষাখণ্ডৰ অধীনস্থ বিদ্যালয়খনৰ৷ মিজো দুর্বৃত্তই অগ্ণিসংযোগ কৰাৰ ফলত সামগ্রিকভাৱে বর্তমান পর্যন্ত লাইলাপুৰ এলেকাৰ ২২টাকৈ পৰিয়ালৰ বাসগৃহ জ্বলি ছাৰখাৰ হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে সীমান্তত অব্যাহত থকা এনে উত্তেজনাৰ বিষয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰি আহিছে৷ উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় যুটীয়া গৃহ সচিব সত্যেন্দ্র গার্গৰ উপস্থিতিত উভয় ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হৈ গৈছে বৈঠকো৷ তদুপৰি মুখ্যমন্ত্রী সোণোৱালৰ নির্দেশমর্মে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে৷ কিন্তু ইয়াৰ পাছতো উত্তেজনাৰ প্রশমন হোৱা নাই৷ আগ্রাসী মিজোৱে বাৰম্বাৰ হিংসাত্মক কার্য সংঘটিত কৰি সীমান্তবাসীক সন্ত্রসিত কৰি তোলাৰ বিপৰীতে মিজোৰামৰ তৰফৰ পৰা দোষ জাপি দিব বিচৰা হৈছে অসমৰ ওপৰত৷ শুকুৰবাৰৰ নিশাৰ বোমা বিস্ফোৰণ কাণ্ডৰ পাছতেই শনিবাৰে খুলিচড়া এলেকা তথা আপাৰ পাইনম আপগ্রেডেড প্রাথমিক বিদ্যালয়খন পৰিদর্শন কৰাৰ বাবে গৈছিল কাছাৰ জিলাৰ উপায়ুক্ত কীর্থি জল্লি আৰু আৰক্ষী অধীক্ষক বি এল মীনা৷ কিন্তু হাতে হাতে বন্দুক লোৱা মিজো বাহিনীয়ে তেওঁলোকক তালৈ যোৱাত বাধা প্রদান কৰে৷ যাৰ বাবে তেওঁলোকে আন ৰাস্তাৰে খুলিচড়া এলেকাত উপস্থিত হ’বলগীয়া হয়৷
বোমা বিস্ফোৰণ সংঘটিত হোৱা বিদ্যালয়খন পৰিদর্শনৰ অন্তত উপায়ুক্ত কীর্থি জল্লিয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য আছিল এনেধৰণৰ– ‘যিখন বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত হৈছে, সেইখন কাছাৰ জিলাৰ মাটিতেই অৱস্থিত৷ নৰসিংপুৰ শিক্ষাখণ্ডৰ অধীনত বিদ্যালয়খনলৈ মধ্যাহ্ণ ভোজন সৰবৰাহ কৰা হয়৷ অথচ মিজো বাহিনীয়ে তেওঁলোকৰ মাটিত বিদ্যালয়খন থকা বুলি দাবী কৰিছে৷ তেওঁলোকে আমাৰ জিলাৰ বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত কৰিছে৷ আমি সম্পূর্ণ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছোঁ৷’ ক্ষতিগ্রস্ত বিদ্যালয়খনৰ প্রধান শিক্ষকে কৰা মন্তব্যই মিজোৰ অসমৰ মাটিত আগ্রাসন স্পষ্ট কৰিছে৷ প্রধান শিক্ষকজনে সংবাদ মাধ্যমৰ আগত কয়– যিখন বিদ্যালয়ৰ মই প্রধান শিক্ষক, তালৈ যোৱাতেই মিজো দুর্বৃত্তই মোক বাধা প্রদান কৰিছে৷ মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ দলে বিদ্যালয়খন ঘেৰাও কৰি ৰাখিছে৷ তালৈ অসমৰ কোনো মানুহ যোৱাৰ অনুমতি নাই৷ এক কথাত ক’বলৈ গ’লে কাছাৰ জিলাৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰা মিজো দুর্বৃত্তৰ হিংসাত্মক কার্যকলাপ সীমান্তত যেন এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে৷ কালি কাছাৰ জিলাৰ উপায়ুক্ত কীর্থি জল্লি আৰু আৰক্ষী অধীক্ষক বি এল মীনাক বন্দুক দেখুৱাই বাধা প্রদান কৰাৰ পাছত আজি ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ ক্ষেত্রতো অনুৰূপ ঘটনা ঘটে৷
সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ লাইলাপুৰ এলেকালৈ যোৱা বিৰোধী দলপতি দেৱব্রত শইকীয়া নেতৃত্বাধীন কংগ্রেছৰ প্রতিনিধি দলৰ ওপৰত হাতে হাতে ধনু–কাঁড়, শিল, মার্বল গুটি লৈ আক্রমণ কৰে৷ প্রতিনিধি দলটোৱে সীমান্তৰ খুলিচড়াত উপস্থিত হোৱাৰ পাছতে মিজো দুর্বৃত্তই শিল আৰু গুল্টিৰে মার্বল গুটি নিক্ষেপ কৰে৷ কংগ্রেছৰ প্রতিনিধি দলটো খুলিচড়াৰ দলঙত উঠাৰ সময়তে মিজোৰাম আৰক্ষীয়ে বাধা দিয়ে আৰু উভতি যাবলৈ কয়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু প্রতিনিধি দলটোত থকা সর্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী তথা প্রাক্তন সাংসদ সুস্মিতা দেৱে দীর্ঘসময় ধৰি বাক্যুদ্ধ কৰে যদিও মিজোৰাম আৰক্ষীয়ে তেওঁলোকক গন্তব্য স্থানলৈ যাব নিদিলে৷ এই সন্দর্ভত প্রাক্তন সাংসদ দেৱে কয় যে দলংখন মিজোৰামৰ এলেকাত থকা বুলি তেওঁলোকে দাবী কৰিছে আৰু বিনা অনুমতিত আমাক যাবলৈ নিদিলে৷ কিন্তু দলংখন অসম চৰকাৰৰ পুঁজিৰে নির্মিত৷ প্রাক্তন বিধায়ক গিৰীন্দ্র মল্লিকে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল৷ দলংখন পাৰ হ’ব নোৱাৰি উভতি অহাৰ সময়তে কংগ্রেছৰ প্রতিনিধি দলটোক লক্ষ্য কৰি মিজোৰাম আৰক্ষীৰ সুৰক্ষা বেষ্টনীত থকা মিজো দুর্বৃত্তৰ দলটোৱে শিল আৰু গুল্টিৰে মার্বল গুটি নিক্ষেপ কৰে৷
অৱশ্যে এই ঘটনাত কোনো আহত হোৱা নাই৷ কংগ্রেছ প্রতিনিধি দলটোৱে নির্দিষ্ট স্থানৰ পৰাই বোমা বিস্ফোৰণ সংঘটিত হোৱা আপাৰ পাইনম আপগ্রেডেড প্রাথমিক বিদ্যালয়খন পৰিদর্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ খবৰ লয়৷ ইয়াৰ পাছত লাইলাপুৰত উপস্থিত হোৱা বিৰোধী দলপতি দেৱব্রত শইকীয়াই সীমা বিবাদ সমাধানৰ ক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰখন সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ অভিযোগ তুলি কয় যে দুয়োখন ৰাজ্যৰ মাজত বুজাবুজিৰ জৰিয়তে সীমা বিবাদৰ মীমাংসা সম্ভৱ হ’লহেঁতেন৷ এইক্ষেত্রত অসম চৰকাৰ–প্রশাসনে যেনেধৰণৰ ব্যৱস্থা ল’ব লাগিছিল, তেনেধৰণৰ ব্যৱস্থা লোৱাত ব্যর্থ হৈছে৷ সীমা বিবাদে হিংসাত্মক ৰূপ লোৱাৰ বাবে দায়ী বিজেপি নেতৃত্বাধীন চৰকাৰ৷ মিজোৰামে অসমৰ মাটি বেদখল কৰাৰ লগতে ঘৰ–দুৱাৰ জ্বলাই দিছে আৰু দুখনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যবোৰত বিজেপি আৰু সহযোগী দলৰ চৰকাৰ থকা বাবেই সীমা বিবাদৰ সমাধান হোৱা নাই৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ ৰাইজক বিদেশীৰ আগ্রাসনৰ পৰা ৰক্ষা কৰাৰ কথা কয় যদিও অসমক প্রতিৱেশী ৰাজ্যৰ আগ্রাসনৰ পৰা বচাব পৰা নাই৷ অসমীয়াক নিজৰ ঘৰত প্রতিৱেশী ৰাজ্যই বিদেশী কৰিব বিচাৰিছে৷ সেইদৰে প্রাক্তন সাংসদ দেৱেও ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰে৷ তেওঁ কয় যে অসমৰ মাটিৰে যাওঁতেই মার্বল গুটি নিক্ষেপ কৰিছে৷ এয়াই পৰিৱর্তন৷ বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত কৰা মানে চৰকাৰক প্রত্যাহ্বান জনোৱা৷ মিজোৱে প্রত্যাহ্বান জনাই অসমৰ তিনি কিলোমিটাৰ মাটি বেদখল কৰিছে৷ নির্বাচনৰ পূর্বে নর্থ–ইষ্ট ডেম’ক্রেটিক এলায়েন্স হয়৷ কিন্তু নির্বাচনৰ পাছত নিৰাপত্তাৰ ক্ষেত্রত এই এলায়েন্সে কাম নিদিয়ে৷ এয়া ডেম’ক্রেটিক এলায়েন্স নহয়, ডিজেষ্টাৰ এলায়েন্স৷ কংগ্রেছৰ প্রতিনিধি দলটোত থকা আন সদস্যসকল আছিল– উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, দুই প্রাক্তন মন্ত্রী অজিত সিং–ছিদ্দেক আহমেদ আৰু শিলচৰ জিলা কংগ্রেছৰ সভাপতি প্রদীপ কুমাৰ দে’৷ সীমান্ত পৰিদর্শন কৰাৰ উপৰি প্রতিনিধি দলটোৱে কাছাৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত এক বৈঠকতো অংশগ্রহণ কৰে৷ বিয়লিৰ ভাগত অনুষ্ঠিত এই বৈঠকখনত উপস্থিত আছিল উপায়ুক্ত কীর্থি জল্লি আৰু আৰক্ষী অধীক্ষককে ধৰি জিলা প্রশাসনৰ শীর্ষ বিষয়াবর্গ৷ এই বৈঠকতে বিৰোধী দলপতি দেৱব্রত শইকীয়াই মিজো দুর্বৃত্তৰ হাতত নিহত ইন্তাজুল লস্কৰৰ নিকটাত্মীয়ক ১৫ হাজাৰ টকা আৰু আহতক ১০ হাজাৰ টকাকৈ প্রদান কৰে৷