অসম–মিজোৰামৰ মুখ্য সচিব ডিজিপিক দিল্লীলৈ জৰুৰী তলব
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই অসম আৰু মিজোৰামৰ মুখ্য সচিব আৰু আৰক্ষীপ্রধানসকলক দিল্লীলৈ তলব কৰাৰ কথা জানিব পৰা গৈছে৷ দুয়ো ৰাজ্যৰ উচ্চ পর্যায়ৰ বিষয়াসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিবজনে আজি এখন বৈঠকত মিলিত হ’ব৷
বিভাগীয় সূত্রত জানিব পৰা মতে, গৃহমন্ত্রী অমিত শ্বাহৰ নির্দেশমর্মেই কেন্দ্রীয় গৃহ সচিবজনে দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিক দিল্লীলৈ তলব কৰিছে৷ আনহাতে মঙলবাৰৰ দিনটোতো কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাবাৰো অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনত আলোচনা কৰাৰ কথাও বিভাগীয় সূত্রটোৱে প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে অসম–মিজোৰাম সীমান্তত সংঘটিত ঘটনাক চৰকাৰৰ চৰম ব্যর্থতা বুলি অভিযোগ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেওঁ কয় যে চোৰাংচোৱাৰ হাতত আগতীয়া তথ্য নথকাটো অত্যন্ত দুর্ভাগ্যজনক৷ গৃহমন্ত্রী অমিত শ্বাহৰ উত্তৰ–পূর্বাঞ্চল ভ্রমণৰ কালছোৱাত সীমা বিবাদক লৈ কি কি আলোচনা হ’ল, সেয়া ৰাজহুৱা কৰিব লাগে বুলি তেওঁ দাবী জনায়৷ ভূঞাৰ দাবী– বিধানসভাৰ পৰা চৰজমিন তদন্তৰ বাবে এক সর্বদলীয় দল সীমান্তলৈ প্রেৰণ কৰা হওক৷ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীৰ পদত্যাগো দাবী কৰে সাংসদজনে৷