নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব কেৱল ১০০ জন অতিথি

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰাজ্যখনত বৰ্ধিত ক’ভিড-১৯ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মঙলবাৰে নতুন এছঅ’পি জাৰি কৰিছে। এই এছঅ’পি অনুসৰি বিবাহ বা ঘৰুৱা অনুষ্ঠানত অতিথিৰ সংখ্যা ১০০ জনৰহে অনুমতি প্ৰদান কৰা হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ASDMA) জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে, “বিবাহকে ধৰি ব্যক্তিগত অনুষ্ঠানত অতিথিৰ সংখ্যা ১০০ জনৰ ভিতৰত সীমাবদ্ধ থাকিব।”

আজি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এই নতুন এছঅ’পিৰ বিষয়ে সম্পর্কত অৱগত কৰে৷

You might also like