নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্তসহ ১৭ বিষয়া-জোৱানলৈ অতি উৎকৃষ্ট সেৱা পদক

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ঘোষণা
৩৩জনক উৎকৃষ্ট সেৱা পদক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ২০২৩ বর্ষৰ বাবে ‘অতি উৎকৃষ্ট সেৱা পদক’ আৰু ‘উৎকৃষ্ট সেৱা পদক’ লাভ কৰা বিষয়া–জোৱানসকলৰ নাম অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ তৰফৰ পৰা আজি ঘোষণা কৰা হৈছে৷ এইবাৰ ১৭ বিষয়া–জোৱানলৈ ‘অতি উৎকৃষ্ট সেৱা পদক’ আৰু ৩৩জনলৈ আগবঢ়োৱা হৈছে ‘উৎকৃষ্ট সেৱা পদক’৷ ‘অতি উৎকৃষ্ট সেৱা পদক’ লাভ কৰাসকল হ’ল– আৰক্ষী উপ-মহাপৰিদর্শক (প্রশাসন) পার্থসাৰথি মহন্ত, এপিআৰ’ৰ আৰক্ষী যোগাযোগ সঞ্চালক প্রশান্ত শইকীয়া, তথ্য–জনসযোগ বিভাগৰ যুটীয়া সচিবৰ দায়িত্বত থকা মানৱেন্দ্র দেৱৰয়, গোৱালপাৰাৰ ডাকুভিটাস্থিত সপ্তদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক জয়শ্রী খেৰছা, দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ পৰিদর্শক ৰঞ্জিত বৰা, এপিআৰ’ৰ উপ–পৰিদর্শক (চিফাৰ) উত্তম কুমাৰ বিশ্বাস, উপ-পৰিদর্শক (আৰটি) নোমল চন্দ্র পাঠক, কাহিলিপাৰাস্থিত দশম আৰক্ষী বাহিনীৰ উপ-পৰিদর্শক মহন্ত ঠাকুৰ, শিলচৰৰ কাথালস্থিত ষষ্ঠ অসম আৰক্ষী বাহিনীৰ উপ-পৰিদর্শক গৌতম পাল, উপ–পৰিদর্শক অতুল চন্দ্র লস্কৰ, ডিব্রুগড়ৰ টেঙাখাতস্থিত ঊনবিংশ অসম আৰক্ষী বাহিনীৰ উপ–পৰিদর্শক কনক কলিতা, অগ্নি–জৰুৰীকালীন সেৱাৰ ছাব অফিচাৰ যতীন্দ্র নাথ কলিতা, বাক্সাৰ চৰাইমাৰীস্থিত ২৪নং অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ ক্লার্ক বলোৰাম গুৰুং, একাদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ চক্রসেন গগৈ, হাবিলদাৰ মাধৱ কোঁৱৰ, এপিআৰ’ৰ কনিষ্টবল (মেছেঞ্জাৰ) পূৰণকান্ত নাথ আৰু কনিষ্টবল (মেছেঞ্জাৰ) কৈলাস দাস৷ সেইদৰে বিশেষ আৰক্ষী সঞ্চালকপ্রধান (মুখ্য কার্যালয়–সীমান্ত) হৰমিট সিং, আৰক্ষী মহাপৰিদর্শক (এমপিচি) বিবেকৰাজ সিং, নলবাৰী ডিইএফৰ পৰিদর্শক সীমান্ত বৰা, এপিআৰ’ৰ পৰিদর্শক (কাৰিকৰী) চিৰঞ্জিত বৰবৰুৱা, একাদশ অসম আৰক্ষী বাবিনীৰ পৰিদর্শক বিদ্যুৎ দত্ত, হাইলাকান্দিৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ জ্যেষ্ঠ সহায়ক মনিহৰ চৌধুৰী, জ্যেষ্ঠ সহায়ক লালহু’লহিম পুলাস্টে, অগ্ণি–জৰুৰীকালীন সেৱাৰ ছাব অফিচাৰ ভূমিধৰ দাস, ১১নং অসম আৰক্ষী বাহিনীৰ সহকাৰী উপ–পৰিদর্শক ক্লার্ক প্রকাশ নেওগ, নলবাৰী ডিইএফৰ সহকাৰী উপ–পৰিদর্শক বুবুল কুমাৰ বর্মন, এপিআৰ’ৰ সহকাৰী উপ–পৰিদর্শক (অ’পিআৰ) ৰীতাশ্রী দাস, সহকাৰী উপ–পৰিদর্শক (ডব্লিউ’/ডব্লিউ টি) অনচুসৱি ব্রহ্ম, সহকাৰী উপ–পৰিদর্শক (ডব্লিউ’/ডব্লিউ টি) সিদ্ধার্থ শংকৰ ৰয়, চৰাইমাৰীস্থিত ২৪নং অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ ক্লার্ক গোবিন কটকী, একাদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ বিপুল চন্দ্র বৰা, হাবিলদাৰ বলোৰাম শর্মা, হাবিলদাৰ ক্লার্ক সুৰজ কলিতা, হাবিলদাৰ ৰিতুপর্ণ চেতিয়া, সপ্তদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ দেলবৰ হুছেইন, দশম আৰক্ষী বাহিনীৰ হাবিলদাৰ অজন্তা সোণোৱাল, সপ্তদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ ক্লার্ক গৌৰাংগ চন্দ্র সূত্রধৰ, লেন্সনায়ক কমল কুমাৰ খাকলাৰী, একাদশ অসম আৰক্ষী বাহিনীৰ লেন্সনায়ক বকুল কোচ, লেন্সনায়ক দেৱকান্ত দাস, লেন্সনায়ক প্রদীপ দাস, লেন্সনায়ক ৰাতুল শইকীয়া, ঊনবিংশ অসম আৰক্ষী বাহিনীৰ লেন্সনায়ক কৰুণা গগৈ, খাজুবিলস্থিত ২৭নং অসম আৰক্ষী বাহিনীৰ লেন্সনায়ক পৰেশ চন্দ্র শর্মা, হাইলাকান্দি ডিইএফৰ কনিষ্টবল প্রণয়কান্তি দাস, কনিষ্টবল জাকিৰ হুছেইন লস্কৰ, কনিষ্টবল প্রসেনজিৎ দেৱ, অগ্ণি–জৰুৰীকালীন সেৱাৰ লীডিং ফায়াৰমেন মৃণাল কলিতা আৰু লীডিং ফায়াৰমেন নুৰুল ইছলামলৈ ‘উৎকৃষ্ট সেৱা পদক’ আগবঢ়োৱা হৈছে৷

You might also like