নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেলাৱালা-ৰিক্সাৱালা-দুখীয়া লোকৰ ওপৰত লাঠী চলাব নোৱাৰিব অসম আৰক্ষীয়ে : মুখ্যমন্ত্ৰী

🔹 দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
🔹 ‘অসম আৰক্ষীক খালী পদ নথকা বিভাগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য’
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ পেৰেড গ্ৰাউণ্ডত আজি অনুষ্ঠিত হয় এক বৃহৎ দীক্ষান্ত সমাৰোহ। দীক্ষান্ত সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই দীক্ষান্ত সমাৰোহত ১৮১৭গৰাকী নৱনিযুক্ত আৰক্ষী কনিষ্টবলে অংশগ্ৰহণ কৰে। ইয়াৰ ফলত আজিৰ পৰা আনুষ্ঠানিকভাৱে নিযুক্ত হ’ল অসম আৰক্ষীত। সুদীৰ্ঘ দহ মাহৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰশিক্ষণৰ অন্তত অসম আৰক্ষী ১১৮ বেটছৰ এ বি আৰু ১৭৯ বেটছৰ ইউ বি নৱনিযুক্ত কনিষ্টবল পাছিং আউট পেৰেডৰ দীক্ষান্ত সমাৰোহত প্ৰতিগৰাকী আৰক্ষী জোৱান এগৰাকী সম্পূৰ্ণ আৰক্ষী হিচাপে পৰিগণিত হয়। এই কাৰ্যসূচীতে কেইবাগৰাকী অসম আৰক্ষী জোৱানক উৎকৃষ্ট পাৰদৰ্শিতা দেখুওৱা বাবে পুৰস্কৃত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গৰ উপস্থিতিয়ে এই দীক্ষান্ত সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয়। দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰক্ষীত পুনৰ ৫০০০ পদৰ বাবে অক্টোবৰ প্ৰথম সপ্তাহত বিজ্ঞাপন প্ৰকাশ কৰা হ’ব আৰু খালী পদ নথকা বিভাগৰূপে পৰিণত কৰা লক্ষ্যৰ কথাও কয়।বিজেপি অসমৰ ৰাইজৰ হৃদয়ে হদয়ে তথা অন্তৰত আছে বুলি কৈ পদযাত্ৰা কৰা ৰাজনৈতিক দলক কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা এপ্ৰিল মাহৰ ভিতৰত অৰ্থাৎ ব’হাগ বিহুৰ পিছত অসম সচিবালয়, ৰাজভৱন, জিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে বিভিন্ন স্পৰ্শকাতৰ এলেকাৰ পৰা পৰ্যায়ক্ৰমে কেন্দ্ৰীয় সংৰক্ষিত বাহিনী অৰ্থাৎ অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰ কৰি উক্ত স্থানত  অসম আৰক্ষী জোৱান মোতায়েন কৰা হ’ব বুলি আজি দেৰগাঁও লাচিত বৰফুকন আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।আনহাতে, দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰা আৰক্ষী জোৱান আৰু বিষয়াসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ কিছু সকীয়নি প্ৰদান কৰে।

মুখ্যমন্ত্ৰী ড০  শৰ্মাই কয়- এতিয়াৰে পৰা ঠেলাৱালা, ৰিক্সাৱালা, দুখীয়া লোকৰ ওপৰত লাঠী চলাব নোৱাৰিব অসম আৰক্ষীয়ে। ৰিক্সাচালক-ঠেলাচালকক প্ৰহাৰ কৰাৰ আগতে ৩বাৰ ভাবক, এইবাৰ আৰক্ষী থাকিব দৰিদ্ৰৰ কাষত। ক্ষমতা দেখুৱাই পদপথৰ দুখীয়া লোকক ধমক দিব নোৱাৰিব আৰক্ষীয়ে। ‘ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছোঁ।’- এই চিন্তাৰে আমি আগুৱাই যাব লাগিব বুলি মুখ্যমন্ত্ৰী ড০  শৰ্মাই কয়। আনহাতে, বহু মাহৰ প্ৰশিক্ষণৰ অন্তত নতুনকৈ নিযুক্তি লাভ কৰাৰ জোৱানসকলক নিজ পিতৃ-মাতৃ আৰু পৰিয়ালৰ কথা সোঁৱৰাই তেওঁলোকক আদৰ, শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে আজি অনুষ্ঠিত দীক্ষান্ত সমাৰোহত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা তাছা, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ লগতে কেইবাগৰাকীও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছতেই দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌলতো সেৱা জনায় মুখ্যমন্ত্ৰীয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিৱদৌলটোৰ অভাৱ-অভিযোগৰ ওপৰত আলোচনা কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
প্ৰেৰক ভাস্কৰজ্যোতি বৰদলৈ
You might also like