অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথলৈ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভাৰত চৰকাৰৰ সমবায় পৰিক্ৰমা বিভাগৰ অধীনত পঞ্জীয়নভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে ২০২০ চনৰ পৰা অসম জ্যোতি সন্মান আৰু বৰ্ষশ্ৰেষ্ঠ ব্যক্তিৰ সন্মান প্ৰদান কৰি আহিছে। বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি বৰলুইত ফাউণ্ডেশ্যনে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ট্ৰাইছেম হলত এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে। সমাজ, সাহিত্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক নিৰ্বাচন কৰি এই বঁটা প্ৰদান কৰা হয়। বৰলুইত ফাউণ্ডেশ্যনৰ সভাপতি দিব্যজ্যোতি দাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত সোনাপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড৹ মণিৰাম কলিতা, ভৈয়াম কাৰ্বি সাহিত্য সভাৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি ৰাজেন টুমুং, যোৰবাট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফনিচৰণ কাকতি, ডিমৰীয়া সাংবাদিক সন্থাৰ সভাপতি অজিত দাস বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী তথা অসম আৰক্ষীৰ উলুবাৰিস্থিত মুখ্য কাৰ্যালয়ত কৰ্মৰত উপ আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথক বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান প্ৰদান কৰিছে। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কচুপথাৰ গাঁৱৰ নিবাসী, লেখক তথা বিশিষ্ট সমাজকৰ্মী দিগন্ত বাইলুং আৰু সমাজসেৱীকা দ্বীপান্বিতা দূৱৰাক অসম জ্যোতি সন্মান প্ৰদান কৰিছে। অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰবন্ধ প্ৰকাশ কৰি অহা লেখক দিগন্ত বাইলুঙৰ অসমীয়া ভাষাৰ জয়যাত্ৰা আৰু অসমীয়া ভাষা বনাম ভাৰতৰ ধ্ৰুপদী ভাষা শীৰ্ষক দুখন গ্ৰন্থ সংকলন শিৱসাগৰৰ শিক্ষাবন্ধু প্ৰকাশনে প্ৰকাশ কৰিছে।লেখক সমাজ কৰ্মী দিগন্ত বাইলুঙক এই বঁটা প্ৰদান কৰাত খুমটাই অঞ্চলৰ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান উৎফুল্লিত হোৱাৰ লগতে খুমটাই অঞ্চলৰ জেষ্ঠ সাংবাদিক তথা আপকু গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি নবীন গোহাঁইয়ে অভিনন্দন জনায়।
প্ৰেৰক নবীন গোহাঁই