অসমৰ সংৰক্ষিত বনাঞ্চলত নাগালেণ্ডৰ পুনৰ আগ্ৰাসনৰ প্ৰচেষ্টাঃ অসম আৰক্ষী-বন বিভাগৰ উচ্ছেদ অভিযান
বিশেষ বাৰ্তা, ১০ মেঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লোলুপ দৃষ্টি অসমৰ সীমান্তৱৰ্তী ভূমিৰ ওপৰত পৰিয়েই আছে । যোৰহাট জিলাৰ মৰিয়নিৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহৰ অসমৰ মাটি নগাই নিজৰ দখললৈ নিয়াৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰি আছে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ১২ নম্বৰ কম্পাৰ্টমেন্টত নগাই পুনৰ বেদখল চলাই নিৰ্মাণকাৰ্য্য চলোৱাৰ উদ্দেশ্যেৰে মজুত কৰি ৰখা সা সামগ্ৰী বন বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে । দেওবাৰে নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁহাইৰ নেতৃত্বত বন বিভাগৰ এটা দলে নিয়মীয়া টহলৰ উদ্দেশ্যেৰে বালিজান পাহাৰৰ উক্ত স্থানলৈ যাওতে পানী মজুত কৰি ৰাখিবৰ বাবে বৃহৎ আকাৰৰ প্লাষ্টিকৰ ড্ৰামৰ লগতে আন সামগ্ৰী সমূহ প্ৰত্যক্ষ কৰে । এই সম্পৰ্কে খণ্ড বন বিষয়াজনে উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে প্ৰশাসনক অৱগত কৰাত আজি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে । আজি পুৱা মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, যোৰহাটৰ উপ- বন সংৰক্ষক অৰুণ কলিতা, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ বৰ গোঁহাই, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বৰগোঁহাইৰ লগতে নিউ সোনোৱাল আৰু খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকী ( বি অ’ পি ) ৰ অসম আৰক্ষী বেটেলিয়ানৰ এটা বৃহৎ দলে উক্ত স্থানত অভিযান চলাই ড্ৰাম সহ সামগ্ৰী সমূহ জব্দ কৰি লৈ আহে । উল্লেখযোগ্য যে, বালিজান পাহাৰৰ যি স্থানত নগা দুৰ্বৃত্তই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে সংবাদ মাধ্যমৰ লোকলৈ গুলীবৰ্ষন কৰিছিল সেই স্থানতে নগাই এই বেদখল আৰম্ভ কৰিছে । আনহাতে, খেতি আৰম্ভ কৰাৰ লগতে পুলি আদি ৰোপণ কৰিবৰ বাবে নগা লোকে উক্ত স্থানত গাঁত খান্দি থোৱাও প্ৰত্যক্ষ কৰে অসমৰ দলটোৱে । এই ঘটনাই নগালেণ্ডে অসমৰ মাটিত পুনৰ বেদখল আৰম্ভ কৰাৰ কথাৰ সত্যতা প্ৰমাণ কৰিছে । মন কৰিবলগীয়া যে, যোৱা ২০২১ বৰ্ষৰ ২৭ মে’ত সংঘটিত উক্ত গুলী চালনা ঘটনাৰ পিছতেই ২৯ জুনত বালিজান পাহাৰত অসম চৰকাৰে সশস্ত্ৰ আৰক্ষীৰ শিবিৰ স্থাপন কৰিছিল । কিন্তু নগালেণ্ড চৰকাৰৰ বিৰোধীতাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰে ৩১ জুলাইত ডিমাপুৰত অনুষ্ঠিত অসম আৰু নগালেণ্ড চৰকাৰৰ মুখ্য সচিৱ পৰ্য্যায়ৰ বৈঠকৰ পিছত এক শান্তি চুক্তিত স্বাক্ষৰ কৰি দুয়োপক্ষই বালিজান পাহাৰৰ পৰা নিজৰ নিজৰ আৰক্ষী প্ৰত্যাহাৰ কৰিছিল । তাৰোপৰি শান্তি চুক্তি অনুযায়ী উক্ত অঞ্চলত কোনো নিৰ্মাণকাৰ্য নকৰাৰ লগতে বেদখলৰ কোনো কুচকাৱাজ নকৰাৰো সিদ্ধান্ত লৈছিল । কিন্তু উক্ত চুক্তি উলংঘা কৰি নগালেণ্ডৰ দিশৰ পৰা বেদখল আৰম্ভ হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লক্ষণীয় যে, অসমে শান্তি চুক্তি মানি চলাৰ বিপৰীতে নগালেণ্ডে বিগত সময়ছোৱাত একাধিকবাৰ উক্ত শান্তি চুক্তি উলংঘা কৰা দেখা গৈছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া