🔹 অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ড
বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : অসম আৰক্ষীৰ চতুর্থবর্গৰ মুঠ ১৯৫টা পদৰ বাবে শাৰীৰিক পৰীক্ষাসমূহ অহা ৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ অসম আৰক্ষীৰ প্রশাসনিক মহাপৰিদর্শকে এখন জাননীৰ জৰিয়তে সদৰী কৰা মতে, ৫ ফেব্রুৱাৰীত প্রার্থীসকলে নির্ধাৰিত স্থানত ফিজিকেল ষ্টেণ্ডার্ড টেষ্ট (পিএছটি) আৰু ট্রেড প্র’ফিচিয়েঞ্চী টেষ্ট (টিপিটি) অনুষ্ঠিত হ’ব৷ এই পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে প্রার্থীসকলে বিভাগীয় ৱেবছাইটৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব লাগিব৷ অহা ২৮ জানুৱাৰীৰ পৰা ১১ বজাৰ পৰা অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ ৱেবছাইটত এডমিট কার্ড উপলব্ধ হ’ব৷ এডমিট কার্ড ডাউনলোড কৰাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হ’লে প্রার্থীসকলে ৮৮২৬৭৬২৩১৭ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে পিএছটি আৰু টিপিটি অনুষ্ঠিত হ’বলগীয়া পদসমূহৰ ভিতৰত ৫৪টা পদ অসম কমাণ্ডো বেটেলিয়নৰ৷ এই পদসমূহৰ ভিতৰত আছে সাতটা ৰান্ধনী, ২৪টা পানী যোগনিয়াৰ, ১৩টা ধোবী, দুটা নাপিত, দুটা ইলেক্ট্রিচিয়ান, এটা প্লাম্বাৰ, এটা ৰাজমিস্ত্রী আৰু তিনিটা টেইলৰ৷ আনহাতে, অসামৰিক প্রতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ অধীনত মুঠ ১০৪টা চতুর্থবর্গৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ এই পদসমূহৰ ভিতৰত আছে ৪৪টা ৰান্ধনী, ১২টা পানী যোগনিয়াৰ, ২৩টা ধোবী, ১০টা নাপিত আৰু ১৫টা মুচী৷ সমান্তৰালভাৱে অসম আৰক্ষীৰ ৩০টা চাফাই কর্মীৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ ২০২৩ বর্ষৰ ৬ অক্টোবৰত এইসমূহ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷