ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ৪০ টা শিশুঃ আটক ২ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ অসম আৰক্ষীৰ বৃহৎ সাফল্য। অসম আৰক্ষীয়ে ছিকিমত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪০ টা শিশু আৰু দুজন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰে। শিশুসকল বেছিভাগ অসমৰ বিটিআৰৰ বাসিন্দা।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাবালকসকলক এটা মানৱ সৰবৰাহকাৰী দলৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান এল আৰ বিষ্ণয় আৰু চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত ৪০ টা শিশু আৰু ২ গৰাকী প্ৰাপ্তবয়স্কক উদ্ধাৰৰ ক্ষেত্ৰত দৃষ্টান্তমূলক পেছাদাৰী দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে অসম আৰক্ষীৰ শলাগ লোৱাৰ লগতে অভিনন্দন জনাইছোঁ। বিটিআৰৰ মূৰব্বী শ্ৰীপ্ৰমোদ বড়োৰ সৈতে আজি এই নিষ্পাপ শিশুকেইটিৰ সৈতে বাৰ্তালাপ কৰোঁ।
শিশুসকলৰ উন্নত ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে শিশু কল্যাণ সমিতিৰ পৰামৰ্শ অনুসৰি আমি এই শিশুকেইটিক তেওঁলোকৰ অভিভাৱকৰ হাতত গতাই দিয়া বা আৱাসিক বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। মহিলা আৰু শিশু সৰবৰাহৰ দৰে জঘন্য কাৰ্য প্ৰতিৰোধৰ বাবে অসম চৰকাৰ দৃঢ় সংকল্পবদ্ধ। এনে অপৰাধৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম আৰু তেওঁলোক পৃথিৱীৰ য’তেই লুকাই নাথাকক লাগিলে, তাৰেপৰাই কৰায়ত্ত কৰিম। অসম আৰক্ষী এই দিশত সদা সতৰ্ক হৈ থাকিব।”
Appreciation & congratulations to @assampolice led by Special DGP @lrbishnoiassam, Chirang SP Gaurav Upadhyay for having displayed exemplary professional skills in rescuing 40 children & 2 adults. Interacted with the innocent minds along with CEM, BTR, Sri @PramodBoroBTR. 1/3 pic.twitter.com/o8TJiQB2QH
— Himanta Biswa Sarma (@himantabiswa) July 23, 2021