নিয়মীয়া বাৰ্তা, ১৩ জুনঃ অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই আজি বিয়লি ঘিলামৰা আৰক্ষীৰ গাড়ীৰ পৰাই এজন ড্ৰাগছ সেৱনকাৰী পলাবলৈ সক্ষম হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷ যি সময়ত লখিমপুৰ জিলাৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰ জিলাৰ আৰক্ষীক অধিক সক্ৰিয় আৰু কৰ্মপটুতা কৰাৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰিছে তেনে সময়তেই জিলাখনৰ একাংশ কৰ্মস্পৃহাহীন আৰক্ষীৰ উদাসীন দৃষ্টিভংগীয়ে সচেতন মহলক চিন্তাম্বিত কৰি তোলাৰ বিপৰীতে আৰক্ষী অধীক্ষক মিশ্ৰৰ প্ৰচেষ্টাত চেঁচা পানী ঢালিছে ৷ প্ৰাপ্ত তথ্য মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত সৰু পতীয়া গাওঁৰ ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰী প্ৰদীপ চুতীয়া নামৰ এজন যুৱকক সোৱণশিৰি বেবেজিয়া অঞ্চলৰ ফুচকৰামুখ গাঁৱৰ ৰাইজে সোমবাৰে নিশা আটক কৰি ঘিলামৰা আৰক্ষীক চমজাই দিছিল আৰু উক্ত ড্ৰাগছসহ আটকাধীন যুৱকজনক আজি অন্য এজন আচামীসহ ঘিলামৰা থানাত এন ডি পি এছ আইনৰ আধাৰত গোচৰ পঞ্জীয়ন কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি বিয়লি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিবলৈ ঘিলামৰা থানাৰ আৰক্ষী বিষয়া নাচিৰ খানৰ নেতৃত্বত আৰক্ষীৰ দলে ঢকুৱাখনালৈ বিভাগীয় গাড়ীত লৈ গৈ থকাৰ সময়তে। ঢকুৱাখনা- ঘিলামৰা ৰাজ্যিক ঘাইপথৰ জামুগুৰি অংশত আচামী প্ৰদীপ চুতীয়াই গাড়ীৰ পৰা জঁপিয়াই নামি দৌৰি পলাই যায়। আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই দিন দুপৰতে এটা আচামী দৌৰি পলোৱাৰ পাছত স্তম্ভিত আৰক্ষীৰ দলটোৱে খেদি যায় যদিও ধৰিবলৈ সক্ষম ন’হল। ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত গোচৰ ৩৮/২০২৩ ৰ অভিযুক্ত পলাতক আচামী চুতীয়াক ধৰিবলৈ ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসৰ নেতৃত্বত আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে যদিও বাতৰি লেখা পৰলৈকে সক্ষম হোৱা নাই।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি