নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীসহ উত্তৰ লখিমপুৰ-শিৱসাগৰ-শিলচৰ-হাফলঙত অসম গ্রন্থমেলা

বিশেষ বার্তা, ২৭ এপ্রিলঃ আগন্তুক ২০২৩–২৪ বর্ষৰ বাবে অসম গ্রন্থমেলা আয়োজনৰ ক্ষেত্রত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই ইতিমধ্যে স্থান নির্ধাৰণ কৰি এখনি প্রাৰম্ভিক সূচী প্রস্তুত কৰিছে৷ নির্বাচিত স্থানৰ লগতে গ্রন্থমেলাৰ নির্দিষ্ট দিন নির্ধাৰণ কৰাৰ ক্ষেত্রত উভয় পক্ষই যৌথভাৱে সিদ্ধান্ত গ্রহণ কৰিছে৷ গুৱাহাটীৰ উপৰি উত্তৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ আৰু হাফলঙতো এইবেলি অসম গ্রন্থমেলা বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ এখন সংবাদ মেলত পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা সদৰী কৰি কয় যে উপৰিউক্ত চহৰকেইখনৰ উপৰি নামনি অসমৰ আন দুখন চহৰতো অসম গ্রন্থমেলা অনুষ্ঠিত কৰা হ’ব৷ পৰৱর্তী সময়ত এই দুখন গ্রন্থমেলাৰ স্থান আৰু সূচী সম্পর্কে ঘোষণা কৰা হ’ব৷ তেওঁ আৰু কয় যে অহা ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ সাতদিনীয়া কার্যসূচীৰে হাফলং চহৰত, ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ লখিমপুৰত, ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ শিৱসাগৰত আৰু ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব৷ ইফালে গুৱাহাটীত অসম গ্রন্থমেলা ২০২৪ৰ ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে যাৱতীয় প্রস্তুতি পূর্ণগতিত চলাই থকা হৈছে৷ সংবাদ মেলত বিগত বর্ষত গুৱাহাটী, ধেমাজি, যোৰহাট, নলবাৰী, ডিফু আৰুবঙাইগাঁৱত অনুষ্ঠিত অসম গ্রন্থমেলাৰ সমূহ কার্যসূচী সাফল্যমণ্ডিত কৰাৰ উপৰি গ্রন্থ ব্যৱসায়ীসকলক গ্রন্থ ক্রয়ৰ যোগেদি উৎসাহিত কৰাৰ বাবে সমূহ পঢুৱৈ আৰু গ্রন্থক্রেতাক ধন্যবাদ জ্ঞাপন কৰে৷ পৰিষদৰ সচিবগৰাকীয়ে এইবেলি শিশুগ্রন্থৰ ওপৰত অধিক গুৰুত্ব প্রদানৰ কথা সদৰী কৰি পুনৰ কয় যে এই গ্রন্থমেলাসমূহে অসমত এটা গ্রন্থ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অসমৰ লগতে দেশ–বিদেশৰ গ্রন্থ বিক্রেতাসকলে গ্রন্থৰ বিক্রীৰ বাবে এখন নিশ্চিত বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অসমৰ ভিন্ন প্রান্তৰ নৱপ্রজন্মৰ লেখক–সাহিত্যিকসক এনে গ্রন্থমেলাৰ দ্বাৰা একত্রিত কৰি বৌদ্ধিক চর্চাৰ বাবে মিলিত কৰোৱা আৰু অসমৰ গ্রন্থ আন্দোলনক এটা মাত্রা প্রদান কৰাৰ ক্ষেত্রত গ্রন্থমেলাসমূহে এক ইতিবাচক ভূমিকা গ্রহণ কৰি আহিছে৷ আজিৰ সংবাদ মেলত অসম প্রকাশন পৰিষদৰ সহকাৰী সচিব মুনীন্দ্র চন্দ্র মেধি, বিশেষ কর্তব্যৰত বিষয়া মিংকু হাজৰিকা, উপৰি সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উপ–সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্রবোধ দাস উপস্থিত থাকে৷

You might also like