নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ কলাক্ষেত্ৰত ৭-৮ ডিচেম্বৰত অসম আবৃত্তি মহোৎসৱ

📌 নেহৰু ষ্টেডিয়ামত অসম আবৃত্তি মহোৎসৱ-ৰাজ্যিক অভিৱৰ্ত্তন সম্পৰ্কীয় সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ অক্টোবৰঃ অসমৰ অমৃতময় কাব্যিক চেতনাক আবৃত্তি কলাৰ জৰিয়তে জণগনৰ হৃদয়ত স্থাপন কৰা তথা অসমীয়া আবৃত্তি কলাক বৃত্তিমুখী কণ্ঠশিল্পলৈ ৰূপান্তৰ কৰাৰ মানসেৰে গঠিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আবৃত্তি সমাৰোহ আৰু ৰাজ্যিক অভিৱৰ্ত্তন সম্পৰ্কীয় আলোচনাৰ অৰ্থে আজি নেহেৰু ষ্টেডিয়াম গুৱাহাটী প্ৰেক্ষাগৃহত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কামৰূপ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ যৌথ উদ্যোগত গুৰুত্বপূৰ্ণ সভাখন সুকলমে অনুষ্ঠিত হৈ যায়। ৰাজ্যিক সম্পাদক ৰাজীৱ বৰঠাকুৰৰ আহ্বানমৰ্মে কেন্দ্ৰীয় সমিতিৰ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি ড০ হিতেশ গোস্বামীই সভাৰ সভাপতিৰ আসন শুৱনি কৰে আৰু আগন্তুক আবৃত্তি সমাৰোহ সম্পৰ্কীয় বক্তব্য আগবঢ়ায়। অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৮০ গৰাকী প্ৰতিনিধিবৰ্গক সম্বোধি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক অভিৱৰ্ত্তনৰ কাৰ্যকৰী সভাপতি  তপন দাসে সাৰুৱা ভাষন প্ৰদান কৰাৰ উপৰি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উপদেষ্টা জ্যোতিষ কুমাৰ শৰ্মাই মহোৎসৱখনিৰ সৰ্বাঙ্গীণ সফলতাৰ বাবে সকলোকে একত্ৰিত হৈ আগুৱাই যাবলৈ উপদেশ প্ৰদান কৰে। পৰিষদে জানিবলৈ দিয়া মতে, এই মহোৎসৱভাগি অহা ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে কামৰূপ মহানগৰ সমিতিৰ সম্পাদক অখিল দাসদেৱৰ তৎপৰতাত অনুষ্ঠিত অসম আবৃত্তি মহোৎসৱ সম্পৰ্কীয় আজিৰ এই সভাত কেন্দ্ৰীয় সমিতিৰ দায়িত্বশীল বিষয়া ড০ মণ্টু কুমাৰ বৰা, ড০ দেৱাশীষ শইকীয়া, নৱকুমাৰ শৰ্মা, বেদব্ৰত মিশ্ৰ আদিৰ উপৰিও ৰাজ্যিক সাংগঠনিক সম্পাদক বিনোদ বড়া, নয়নজ্যোতি খাউণ্ড, ৰাজ্যিক প্ৰচাৰ সম্পাদক নৱৰূপ মজুমদাৰ উপস্থিত আছিল। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগন্তুক আবৃত্তি মহোৎসৱ আৰু ৰাজ্যিক অভিৱৰ্ত্তনত সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে আয়োজক মণ্ডলীয়ে।

You might also like