নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৬ নম্বৰজন ক’ভিড ৰোগীৰ TMCH ত মৃত্যু

নিয়মীয়া বাৰ্তা, ১০জুনঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু। কমল কৃষ্ণ পাল নামৰ লোকজন পত্নী সহ যোৱা ২৯ মে’ৰ দিনা মুম্বাইৰ পৰা বিমানযোগে ৰাজ্যত উপস্থিত হোৱাৰ পিছত তেজপুৰৰ হোটেল ডি,এল ত কোৱাৰেণ্টাইনত আছিল।

কৰ্কট ৰোগত আক্ৰান্ত কমল কৃষ্ণ পাল উন্নত চিকিৎসাৰ বাবে মুম্বাইৰ টাটা মেমৰিয়েল হাস্পতাললৈ গৈছিল যদিও লক ডাউনৰ বাবে আবদ্ধ হৈ আছিল মুম্বাইতে।

যোৱা ৩১ মে’ত স্বাব পৰীক্ষাৰ অন্তত তেওঁ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু আজি চিকিৎসাধীন হৈ থকা কমল কৃষ্ণ পালৰ মৃত্যু ঘটে।

You might also like