নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ নতুন সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

🔹 বহু প্রতীক্ষাৰ অন্তত নির্বাচনী ফলাফল ঘোষণা

🔹 পৰাজিত ড০ উপেন ৰাভা হাকাচামৰ ভোটগণনাক লৈ অসন্তুষ্টি

🔹 উপ–সভাপতি পদত পদুম ৰাজখোৱা

🔹 অজিত প্রসাদ শর্মাক হৰুৱাই প্রধান সম্পাদক দেৱজিৎ বৰা

বিশেষ বার্তা, ২৯ ডিচেম্বৰ : বহু প্রতীক্ষাৰ অন্তত ঘোষণা কৰা হ’ল অসম সাহিত্য সভাৰ পৰৱর্তী সভাপতিৰ নাম৷ কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক সাহিত্য সভাৰ আতিথ্যত ভৃগু কুমাৰ ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত পূর্ণাংগ কার্যনির্বাহক সভাৰ অন্তত হোৱা ভোটগণনাত ড০ বসন্ত কুমাৰ গোস্বামীক পৰৱর্তী সভাপতি হিচাপে ঘোষণা কৰা হয়৷ বিশিষ্ট সাহিত্যিক–ভাষাবিদ ড০ উপেন ৰাভা হাকাচামক ৭৮টা ভোটত পৰাজিত কৰি ড০ গোস্বামীয়ে সাহিত্য সভাৰ সভাপতি পদত জয়লাভ কৰে৷ ভোটগণনাত ড০ গোস্বামীয়ে ৪০৩টা ভোট লাভ কৰাৰ বিপৰীতে ড০ হাকাচামে ৩২৫টা ভোট লাভ কৰে৷ আনহাতে, পৰৱর্তী উপ–সভাপতি আৰু প্রধান সম্পাদকৰ পদত জয়লাভ কৰিছে ক্রমে পদুম ৰাজখোৱা আৰু দেৱজিৎ বৰাই৷ উপ–সভাপতি পদত বিজয়ী পদুম ৰাজখোৱাই ৩৮৮টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে দুই প্রতিদ্বন্দ্বী বিপিন কলিতা আৰু শ্বহীৰ ভূঞাই ক্রমে ২৪৩টা আৰু ১০৫টা ভোট লাভ কৰে৷ ইফালে, প্রধান সম্পাদক পদত বিজয়ী হোৱা যোৰহাটৰ দেৱজিৎ বৰাই ৩৯৬টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ এই পদত প্রতিদ্বন্দ্বিতা কৰা আন দুই প্রার্থী ক্রমে ড০ সঞ্জীৱ শর্মা আৰু ড০ অজিত প্রসাদ শর্মাই ৯৭টা আৰু ২৩৭টা ভোটহে লাভ কৰে৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রথমখন সভাত উপেন্দ্রজিৎ শর্মা, ড০ হিতেশ ডেকা, নাহেন্দ্র পাদুন, ড০ লীলাৱতী শইকীয়া বৰা আৰু অৰূপা পটংগীয়া কলিতাৰ নাম সভাপতিৰ পেনেলত অন্তর্ভুক্ত কৰা হৈছিল৷ যাক লৈ তীব্র বিতর্কৰ সৃষ্টি হয়৷ যাৰ পৰিপ্রেক্ষিতত উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে ইয়াৰ দ্বিতীয়খন বৈঠকত ৫গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম অন্তর্ভুক্তিৰে নতুন পেনেল প্রস্তুত কৰে৷ এই পেনেলত অন্তর্ভুক্ত হোৱা সাহিত্যিককেইগৰাকী আছিল ড০ বসন্ত কুমাৰ গোস্বামী, ড০ উপেন ৰাভা হাকাচাম, ড০ গোবিন্দ প্রসাদ শর্মা, ড০ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শর্মা পূজাৰী৷ পৰৱর্তী সময়ত ড০ গোবিন্দ প্রসাদ শর্মা, ড০ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শর্মা পূজাৰীয়ে সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা নকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ সেয়েহে সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামৰ মাজত নির্বাচনী প্রতিদ্বন্দ্বিতা অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ ২০২৫–২০২৭ বর্ষৰ সভাপতিৰ লগতে উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ বাবে যোৱা ২১ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈকে ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হয়৷ ৫ ডিচেম্বৰত শাখা আৰু জিলা সাহিত্য সভাসমূহে প্রেৰণ কৰা বেলট ৰখা বাকচসমূহ মেঘদূত ভৱনত ছীল কৰা হয়৷ ইয়াৰ পৰাই এই ভোটৰ বাকচসমূহ দদৰালৈ লৈ যোৱা হয় আৰু কার্যনির্বাহক সভাৰ অন্তত সন্ধিয়া ভোটগণনা সম্পন্ন কৰা হয়৷ সভাপতি পদত ড০ বসন্ত কুমাৰ গোস্বামীয়ে জয়লাভ কৰে যদিও ভোটগণনা প্রক্রিয়াক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে আনগৰাকী প্রার্থী ড০ উপেন ৰাভা হাকাচামে৷ নির্বাচন সমিতি আৰু উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ সভাপতিলৈ এখন পত্রৰ জৰিয়তে ভোটগণনা পদ্ধতি আসোঁৱাহপূর্ণ বুলি উল্লেখ কৰি ড০ হাকাচামে সমগ্র প্রক্রিয়াটো পুনৰ বিবেচনা কৰিহে নির্বাচনী ফলাফল ঘোষণা কৰিবলৈ আবেদন জনায়৷ পত্রখনত তেওঁ উল্লেখ কৰে যে যোৱা ৫ ডিচেম্বৰত মেঘদূত ভৱনত বন্ধ কৰা বেলট বাকচ আজি যি ঠাইত খোলা হৈছে, তাৰ পৰা সভাপতিৰ বেলট পেপাৰবোৰ স্থানান্তৰ কৰি আন ঠাইত গণনা কৰা হৈছে৷ এই স্থানান্তৰ কৰাৰ প্রক্রিয়া সমাপন কৰোঁতে প্রায় ৪ ঘণ্টা সময়ৰ প্রয়োজন হৈছে৷ তদুপৰি বেলট পেপাৰৰ লগত সংলগ্ণ ভোটদান কৰা শাখা আৰু জিলা সাহিত্য সভাৰ কার্যনির্বাহক সভাৰ প্রস্তাৱৰ সৈতে ভোটগণনাৰ সময়ত মিলাই চোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে৷ যাৰ বাবে সমস্ত প্রক্রিয়াটো পুনৰ বিবেচনা কৰিহে নির্বাচনী ফলাফল ঘোষণা কৰিবলৈ তেওঁ আবেদন জনায়৷ অৱশ্যে ভোটগণনা অব্যাহত থকাৰ সময়তে তেওঁ এই পত্রখন প্রেৰণ কৰিছে৷ ইফালে, নৱনির্বাচিত সভাপতিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শুভেচ্ছা বার্তাত তেওঁ কয়– ‘অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি হিচাপে নির্বাচিত হোৱা ড০ বসন্ত কুমাৰ গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ লগতে জাতীয় অনুষ্ঠানটোৰ বিভিন্ন বিষয়বাবত নৱনির্বাচিত প্রতিগৰাকী ব্যক্তিলৈও যাচিলোঁ অভিনন্দন৷ আশা ৰাখিছোঁ- বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই এক নতুন গতি লাভ কৰিব৷ অসমৰ ভাষা–সাহিত্য–সংস্কৃতিক অসম সাহিত্য সভাই বিশ্বমুখী কৰাৰ হেতু তথা প্রচাৰ–প্রসাৰৰ বাবে বিভিন্ন পৰিকল্পনা লৈ আগবাঢ়ি যাওক৷ সেয়াই কামনা কৰিলোঁ৷’ নৱনির্বাচিত সভাপতিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ এক শুভেচ্ছা বার্তাত শিক্ষামন্ত্রীগৰাকীয়ে কয়– অসম সাহিত্য সভাৰ সভাপতি হিচাপে নৱনির্বাচিত ড০ বসন্ত কুমাৰ গোস্বামীলৈ অভিনন্দন জনাইছোঁ৷ ড০ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্রত নতুন পৰিসৰ মুকলি কৰাৰ আশাৰে তেওঁৰ আগন্তুক কার্যকালৰ সফলতা কামনা কৰিছোঁ৷ নৱনির্বাচিত সভাপতি ড০ গোস্বামী, উপ–সভাপতি পদুম ৰাজখোৱা আৰু প্রধান সম্পাদক দেৱজিৎ বৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছে ড০ সূর্য হাজৰিকাই৷ নৱনির্বাচিত সভাপতি আৰু বিষয়ববীয়াসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়– ‘অসমীয়া ভাষা–সাহিত্যলৈ বৰঙণি আগবঢ়াই অহা ড০ বসন্ত কুমাৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ সভাপতি হিচাপে ভাষা–সাহিত্যৰ ক্ষেত্রখনক নতুন প্রাণশক্তিৰে উজ্জীৱিত কৰি তুলিব বুলি আমি আশাবাদী৷’

You might also like